ETV Bharat / state

লকডাউনঃ পথাৰতে গেলিছে কৃষকৰ ফচল

author img

By

Published : Apr 4, 2020, 3:26 PM IST

লক ডাউনৰ ফলত কলিয়াবৰ মহকুমাত কৃষক বজাৰৰ অভাৱত জটিলতাৰ সন্মুখীন কৃষকসকল ৷ কৃষি ভূমিতে নষ্ট হৈছে লাখ লাখ টকাৰ ফচল।

Vegetables Grower's in trouble at kaliabor
খেতি-পথাৰতে গেলিছে শাক-পাচলি

কলিয়াবৰ,4 এপ্ৰিলঃ বজাৰৰ অভাৱত খেতি-পথাৰতে গেলিছে শাক-পাচলি ৷ ক'ভিড-19 ৰ বিৰুদ্ধে ঘোষিত একৈশ দিনীয়া লক ডাউনে সমস্যাত পেলাইছে চহা-কৃষকসকলক । কৃষি ভূমিতে নষ্ট হৈছে লাখ লাখ টকাৰ ফচল। ৰাজ্যৰ কৃষি বিভাগটোৱে এই ক্ষেত্ৰত গ্ৰহণ কৰা নাই কোনোধৰণৰ বিহিত ব্যৱস্থা ৷ কৃষকৰ উৎপাদিত ফচল বিক্ৰীৰ বাবে লোৱা নাই প্ৰয়োজনীয় পদক্ষেপ।

লকডাউনৰ ফলত বিপদত কৃষক
কলিয়াবৰ মহকুমাৰ অন্তৰ্গত চামগুৰিৰ শ-শ দৰিদ্ৰ কৃষকৰ ফচলৰ এতিয়া আলাই-আথানি । চৰকাৰৰ সহায়ৰ বাদে গত্যন্তৰ নাই পেটে-ভাটে জীৱন নিৰ্বাহ কৰা কৃষক ৰাইজৰ । কলিয়াবৰ মহকুমাৰ অন্তৰ্গত চামগুৰি সমষ্টিৰ কাঠপাৰাৰ ছাইফুল ইছলাম নামৰ কৃষকজনৰ নিদ্ৰা হৰণ কৰিছে লক ডাউনে । ছাইফুলে কৰা 5 বিঘা মাটিৰ কেপচিকাম এতিয়া গেলিবলৈ ধৰিছে । কৃষিকাৰ্যত ব‍্যয় কৰা 1 লাখ টকাৰ লোকচান হোৱাত এতিয়া অসহায় হৈ পৰিছে দৰিদ্ৰ কৃষকজন ৷

লগতে পঢ়কঃদানাৰ অভাৱত মৃত্যু শ শ ব্ৰইলাৰ মূৰ্গীৰঃ অনিশ্চয়তাত শিক্ষিত নিৱনুৱাৰ ভৱিষ্যৎ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.