ETV Bharat / state

Veer lachit sena press meet: নগাঁৱত সংবাদ মেলৰ জৰিয়তে চৰকাৰৰ বিৰুদ্ধে সৰৱ বীৰ লাচিত সেনা - nagaon press club

নগাঁও প্ৰেছ ক্লাৱত বীৰ লাচিত সেনাৰ সংবাদ মেল । সংবাদ মেলত শাসকীয় বিজেপি চৰকাৰৰ বিৰুদ্ধে সৰৱ বীৰ লাচিত সেনা । এক দেশ এক নিৰ্বাচনৰ বিৰোধিতা । বিহু বিকৃত কৰাক লৈয়ো প্ৰতিক্ৰিয়া প্ৰকাশ ।

veer lachit sena press meet
বীৰ লাচিত সেনাৰ সংবাদমেল
author img

By ETV Bharat Assamese Team

Published : Sep 9, 2023, 5:35 PM IST

বীৰ লাচিত সেনাৰ সংবাদ মেল

নগাঁও, 9 ছেপ্টেম্বৰ : শনিবাৰে নগাঁও প্ৰেছ ক্লাৱত এক সংবাদ মেলৰ আয়োজন কৰি শাসকীয় বিজেপি চৰকাৰৰ বিৰুদ্ধে সোচ্চাৰ হৈ পৰে জাতীয় সংগঠন বীৰ লাচিত সেনা । বীৰ লাচিত সেনাৰ কেন্দ্ৰীয় সমিতিৰ মুখপাত্ৰ প্ৰকাশ বৰুৱাই সংবাদ মেল সম্বোধন কৰি চৰকাৰৰ বিৰুদ্ধে কেবাটাও গুৰুত্বপূৰ্ণ মন্তব্য কৰে । বিশেষকৈ এক দেশ এক নির্বাচনৰ বিৰোধিতা কৰি বীৰ লাচিত সেনাৰ নেতা প্ৰকাশ বৰুৱাৰ মন্তব্য ।

এক দেশ এক নিৰ্বাচনে অসমীয়া ভাষা-কৃষ্টি-সংস্কৃতি সভ্যতা সকলো ধ্বংস কৰিব । পৰৱৰ্তী সময়ত দিল্লীৰ প্ৰভুত্ব অসমৰ ৰাজনীতিত বৃদ্ধি পাব বুলিও আশংকা প্ৰকাশ কৰি বীৰ লাচিত সেনাৰ নেতাৰ মন্তব্য । অসম চৰকাৰ কেন্দ্ৰীয় চৰকাৰৰ হাতৰ পুতলাত পৰিণত হ’ব । দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে দেশৰ সংবিধান সলনি কৰিব বিচাৰিছে বুলিও মন্তব্য কৰে বীৰ লাচিত সেনাৰ নেতাগৰাকীয়ে ।

আনহাতে ৰাজ্যখনতে বনজ সম্পদৰ ধ্বংসযজ্ঞ চলাৰো অভিযোগ উত্থাপন কৰি নগাঁও বন বিভাগৰ নিষ্ক্রিয়তাৰ সুযোগ লৈ একাংশ বন আৰু শিল মাফিয়াই অবাধে নগাঁওৰ বনজ আৰু প্ৰাকৃতিক সম্পদ সমূহ ধ্বংস কৰা বুলিও বিস্ফোৰক মন্তব্য কৰে সংগঠনটোৰ নেতা প্ৰকাশ বৰুৱাই । বিষয়াৰ পৰা বিভাগীয় বনমন্ত্ৰীলৈ সকলো কাঠ আৰু শিল মাফিয়াৰে মিতিৰালি কৰাৰো অভিযোগ উত্থাপন কৰে সংগঠনটোৱে ।

নগাঁও চহৰতে ৩৪ টা অবৈধ কাঠফলা মিল ডিএফঅ’ৰ সন্মুখত কেনেদৰে চলি আছে তাকো লৈ প্রশ্ন উত্থাপন কৰে প্ৰকাশ বৰুৱাই । চামগুৰিৰ উদমাৰীত আৰ এছ গান্ধীয়ে কাৰ ছত্ৰছায়াত অবাধে পাহাৰ ধ্বংস কৰি ব্লাষ্টিং কৰি খিলঞ্জীয়া মানুহৰ ভূমি সম্পত্তি নষ্ট কৰিছে বুলিও প্ৰশ্ন উত্থাপন কৰে বীৰ লাচিত সেনাই । আনকি নগাঁৱৰ এগৰাকী বন বিষয়াই নিজৰ ভতিজাকৰ নামত কোৱাৰী খুলি বনাঞ্চল ৰক্ষা কৰাৰ বিপৰীতে বনাঞ্চল ধ্বংস কৰাৰো অভিযোগ উত্থাপন কৰে সংগঠনটোৱে ।

ইপিনে অসমীয়াৰ স্বাভিমান বিহুক বিকৃত কৰাক লৈয়ো প্ৰতিক্ৰিয়া প্ৰকাশ কৰে বীৰ লাচিত সেনাই । দিল্লীত বিহুক বিকৃত ৰূপত প্ৰদৰ্শন কৰা সকলৰ ওপৰত বিহীত ব্যৱস্থা গ্ৰহণ কৰিবলৈ চৰকাৰক দাবী জনায় বীৰ লাচিত সেনাৰ নেতা প্ৰকাশ বৰুৱাই । শনিবাৰে নগাঁও প্ৰেছ ক্লাৱত আয়োজন কৰা সংবাদ মেলত বীৰ লাচিত সেনাৰ কেন্দ্ৰীয় সমিতিৰ মুখপাত্ৰ প্ৰকাশ বৰুৱাৰ লগতে জিলা সমিতিৰো নেতা উপস্থিত থাকে ।

লগতে পঢ়ক : ASP Subhalakshmi Dutta case: অনিল পাটৰৰ বাসগৃহত বীৰ লাচিত সেনাৰ দল, তেওঁক পুনৰ চাকৰিত মকৰলৰ দাবী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.