বঢ়মপুৰ, ১৩ ফেব্ৰুৱাৰী: আজিও সন্ধান ওলোৱা নাই উত্তৰাখণ্ডৰ হিমবাহ বিস্ফোৰণত সন্ধানহীন হোৱা অসমৰ তিনিজন যুৱকৰ ৷ উত্তৰাখণ্ডৰ ভয়ংকৰ হিমবাহ বিস্ফোৰণত সন্ধানহীন নগাঁও জিলাৰ কামপুৰ উত্তৰ চাংচকীৰ একেখন ঘৰৰে দুই যুৱক ক্ৰমে অমৰজ্যোতি দাস আৰু কমল দাস ৷
ইফালে কমলৰ খুলশালি হোজাইৰ কাকীৰ নিবাসী সুশান্ত ডালু বৰ্তমান নিখোজ ৷ সুশান্তৰ নিখোজৰ ঘটনাই পৰিয়ালটোৰ মাজত উকণ্ঠাৰ সৃষ্টি কৰাৰ লগতে এক শোকাকুল পৰিৱেশে সৃষ্টি কৰিছে ৷
শনিবাৰে কমলৰ পৰিয়ালৰ বাসগৃহত কৃষক মুক্তি সংগ্ৰাম সমিতিৰ সভাপতি ৰাজু বৰা উপস্থিত হৈ সংবাদ মাধ্যমৰ জৰিয়তে যুৱক কেইজনৰ সন্ধান উলিয়াবলৈ চৰকাৰক দাবী জনায় ৷ ইফালে চৰকাৰে নিবনুৱা সকলক সংস্থাপন দিব নোৱাৰাৰ বাবে অসমৰ বহু যুৱকে বহি:ৰাজ্যত কৰ্ম সংস্থাপন বিচাৰি যোৱাতো চৰকাৰৰ চৰম ব্যৰ্থতা বুলি মন্তব্য কৰিছে ৰাজু বৰুৱাই ৷
হিমবাহ বিস্ফোৰণে পলকতে জীৱন্তে উতোৱাই নিয়া বহুজনৰ মৃতদেহ উদ্ধাৰ হৈছে যদিও এই পৰ্যন্ত অসমৰ উক্ত তিনিজন যুৱকৰ কোনো সন্ধান লাভ কৰা নাই অভিযানকাৰী দলে । শীঘ্ৰে অসম চৰকাৰ আৰু উত্তৰাখণ্ড চৰকাৰে যুৱক তিনিজনক উদ্ধাৰ কৰিবলৈ দাবী জনাইছে সকলোৱে ৷
লগতে পঢ়ক: 'কা' আইন কৰ'ণাতকৈয়ো ভয়াবহ ভাইৰাছ: অদীপ কুমাৰ ফুকন