ETV Bharat / state

গ্ৰাহকৰ বেশেৰে দোকানৰ পৰা চোৰে লুটিলে লক্ষাধিক টকাৰ সামগ্ৰী - হয়বৰগাঁও আৰক্ষী

নগাঁও চহৰৰ হুজগাঁৱৰ কম্পিউটাৰ চলিউশ্বন নামৰ এখন ব্যৱসায়িক প্ৰতিষ্ঠানত গ্ৰাহকৰ ৰূপত প্ৰৱেশ কৰি চাৰিজনীয়া এটা চোৰৰ দলে লুটি নিয়ে লক্ষাধিক টকাৰ সামগ্ৰী ৷ চোৰৰ দলটোৱে কম্পিউটাৰ কিনাৰ চলেৰে দোকানখনৰ পৰা বিভিন্ন সামগ্ৰী লৈ উধাও হয় ৷

Unusuall thief in Nagaon
গ্ৰাহকৰ বেশেৰে দোকানৰ পৰা লুটিলে লক্ষাধিক টকাৰ সামগ্ৰী
author img

By

Published : Feb 24, 2020, 5:18 PM IST

নগাঁও, 24 ফেব্ৰুৱাৰীঃ নতুন কৌশলেৰে নগাঁও চহৰৰ মাজমজিয়াত সংঘটিত হ’ল চুৰিকাণ্ড ৷ গ্ৰাহকৰ ৰূপ লৈ দোকানৰ পৰা লুটিলে লক্ষাধিক টকাৰ সামগ্ৰী ৷ চিচি টিভি কেমেৰাৰ ফুটেজত ওলাই পৰিল চুৰিকাণ্ডৰ সমগ্ৰ দৃশ্য ৷ নগাঁও চহৰৰ হুজগাঁৱৰ কম্পিউটাৰ চলিউশ্বন নামৰ এখন ব্যৱসায়িক প্ৰতিষ্ঠানত গ্ৰাহকৰ ৰূপত প্ৰৱেশ কৰি চাৰিজনীয়া এটা চোৰৰ দলে লুটি নিয়ে লক্ষাধিক টকাৰ সামগ্ৰী ৷ চোৰৰ দলটোৱে কম্পিউটাৰ কিনাৰ চলেৰে দোকানখনৰ পৰা বিভিন্ন সামগ্ৰী লৈ উধাও হয় ৷

গ্ৰাহকৰ বেশেৰে দোকানৰ পৰা লুটিলে লক্ষাধিক টকাৰ সামগ্ৰী

চুৰি কাৰ্যৰ সমগ্ৰ দৃশ্য বন্দী হয় চিচি টিভি কেমৰাত ৷ চিচি টিভি কেমেৰাৰ ফুটেজৰ ভিত্তিত ব্যৱসায়িক প্ৰতিষ্ঠানখনৰ স্বত্বাধিকাৰীৰ লগতে কৰ্মচাৰীয়ে তাৎক্ষণিকভাৱে চোৰৰ দলটোৰ পিছে পিছে খেদি গৈ দুজন ধৃত চোৰক কাৰায়ত্ত কৰিবলৈ সক্ষম হয় ৷ ৰানা ঘোষ আৰু কৃষ্ণা ৰাম নামৰ চোৰ দুজনক আটক কৰি হয়বৰগাঁও আৰক্ষীক গতাই দিয়ে ৷ তাৰ পৰৱৰ্তী পৰ্যায়ত আৰক্ষীয়ে অনুসন্ধান কৰি উত্তম শ্বাহা আৰু অভিষেক নামৰ আন দুজন চোৰক আটক কৰিবলৈ সক্ষম হয় ইয়াৰোপৰি আৰক্ষীয়ে চুৰি হোৱা সামগ্ৰীখিনিও উদ্ধাৰ কৰিবলৈ সক্ষম হয় ৷

আৰু পঢ়কঃআজি ঝংকাৰ শইকীয়াৰ গোচৰৰ চূড়ান্ত ৰায়দান

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.