ETV Bharat / state

আধুনিকতাই চুব নোৱাৰা অসমৰ এখন খাছী গাঁও

আধুনিকতাই চুব নোৱাৰা কাৰ্বি-আংলঙৰ খাছী জনগোষ্ঠীৰ এখন গাঁও ৷ জলকীয়া, বেঙেনা, কোমোৰা, কচু, অমিতা, পান খেতিৰে কৰিছে জীৱন-নিৰ্বাহ ৷ আজিও উৎপাদিত সা-সামগ্ৰী পিঠিত কঢ়িয়াই কালীভেটি বজাৰলৈ ৷

author img

By

Published : Oct 24, 2020, 9:39 PM IST

Untold Story Of Khasi
আধুনিকতাই চুব নোৱাৰা অসমৰ এখন খাছী গাঁও

কলিয়াবৰ, 24 অক্টোবৰ : ষাঠীৰ দশকতে পাণ খেতিৰ বাবে উপযুক্ত স্থান বিচাৰি মেঘালয়ৰ পৰা খাছী লোক আহি ইঞ্চিংলাংচ’ ঠাইখনত থিতাপি লৈছিল । লাহে-লাহে পৰিয়াল পৰিজন বাঢ়িল, পাহাৰীয়া ঠাইখনত জনবসতি বাঢ়িল । পাণ খেতিৰ লগতে জলকীয়া, আদা, কোমোৰা, ৰঙালাও, বেঙেনা, অমিতা আদিৰ খেতি আৰম্ভ হ'ল । ইঞ্চিংলাংচ' নামৰ গাঁওখনৰ লগতে কাষৰীয়া আন গাঁওবোৰত উৎপাদিত শস‍্য বিক্ৰীৰে অতি কষ্টৰে উপাৰ্জন কৰিবলগীয়া হৈছে ।

নগাঁও আৰু কাৰ্বিআংলং জিলাৰ সমীপৱৰ্তী কালীভেটি । তাতে এখন বজাৰ, য'ত কাৰ্বি পাহাৰত অৱস্থিত খাছী বসতি প্ৰধান এখন গাঁৱৰ লোকে বিক্ৰীৰ বাবে আন ঘৰুৱাভাবে উৎপাদিত শাক-পাচলি । কলিয়াবৰ মহকুমাৰ সীমান্তত অৱস্থিত পাহাৰীয়া অঞ্চলটোত অৱস্থিত ইঞ্চিংলাংচ' নামৰ গাঁওখনৰ পৰা বজাৰত বিক্ৰীৰ বাবে অনা সামগ্ৰী কঢ়িয়াই আনে পিঠিত, দুই এজনে ঘোঁৰাত। বাট-পথ, যাতায়তৰ উপযুক্ত ব‍্যৱস্থা নথকাৰ বাবে খাছী লোকসকলে এনেদৰেই বছৰ-বছৰ ধৰি এক দুৰ্বিসহ জীৱন পাৰ কৰিছে ।

আধুনিকতাই চুব নোৱাৰা অসমৰ এখন খাছী গাঁও

পাহাৰীয়া পথেৰে, পিঠিত বোজা লৈ কষ্টকৰ জীৱন-যাপন কৰা লোকসকলৰ প্ৰতি কাৰো ভ্ৰূক্ষেপ নাই, প্ৰশাসন, জনপ্ৰতিনিধি ঘোৰ নিদ্ৰাত । নিৰ্বাচনৰ সময়ত ভোট বিচাৰি অহাৰ বাহিৰে খাছী বসতিপ্ৰধান গাঁওখনৰ সুখৰ-দুখৰ খবৰ ল'বলৈ নাই কাৰো আহৰি । বিদ‍্যালয়-স্বাস্থ‍্য কেন্দ্ৰ আছে যদিও যাতায়তৰ সু-ব‍্যৱস্থা নথকাৰ বাবে এই সুবিধা থাকিও নথকাৰ দৰে । কাৰ্বি আংলং স্বায়ত্ব শাসিত পৰিষদৰ সু-দৃষ্টি নপৰাত অঞ্চলবাসীয়ে স্বাধীনতাৰ সাতটা দশক পাৰ হোৱাৰ পিচতো কান্ধত কঢ়িয়াই অনা শাক-পাচলি, আদা-জলকীয়াই দি যায় তেওঁলোকৰ দুৰৱস্থাৰ নমুনা

লগতে পঢ়ক : জনজাতিৰ বাবে সংৰক্ষণৰ কৰিব লাগে মুখ্যমন্ত্ৰীৰ পদটোঃ ৰকিবুল হুছেইন

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.