ETV Bharat / state

Unidentified body recovered: কলিয়াবৰত অচিনাক্ত মহিলাৰ মৃতদেহ উদ্ধাৰ - Nagaon Police

কলিয়াবৰৰ চুলুং টহলদাৰী আৰক্ষী চকীৰ অন্তৰ্গত জাৰণি গাঁৱত অচিনাক্ত মহিলাৰ মৃতদেহ উদ্ধাৰ । নৈৰ কাষত উদ্ধাৰ হৈছে অচিনাক্ত মহিলাৰ মৃতদেহ । মৃতদেহটো মৰণোত্তৰ পৰীক্ষাৰ বাবে নগাঁৱলৈ প্ৰেৰণ কৰিছে আৰক্ষীয়ে ।

Kaliabor
কলিয়াবৰৰ জাৱনি গাঁৱত অচিনাক্ত মহিলাৰ মৃতদেহ উদ্ধাৰ
author img

By

Published : Aug 6, 2023, 1:21 PM IST

কলিয়াবৰৰ জাৱনি গাঁৱত অচিনাক্ত মহিলাৰ মৃতদেহ উদ্ধাৰ

কলিয়াবৰ, 6 আগষ্ট: কলিয়াবৰৰ চুলুং টহলদাৰী আৰক্ষী চকীৰ অন্তৰ্গত জাৰণি গাঁৱত অচিনাক্ত মহিলাৰ মৃতদেহ উদ্ধাৰ । নৈৰ কাষত উদ্ধাৰ হৈছে অচিনাক্ত মহিলাৰ মৃতদেহ । শনিবাৰে বিয়লি স্থানীয় লোকে অৰ্দ্ধগলিত মৃতদেহটো প্ৰত্যক্ষ কৰি চুলুং আৰক্ষীক খবৰ দিয়ে । ইতিমধ্যে ঘটনাস্থলীত কলিয়াবৰৰ মহকুমা দণ্ডাধীশ আৰু আৰক্ষী উপস্থিত হৈ উদ্ধাৰ কৰিছে মৃতদেহটো ৷ মৃতদেহটো এই পৰ্যন্ত চিনাক্ত কৰিব পৰা নাই । উদ্ধাৰ কৰা মৃতদেহটো মৰণোত্তৰ পৰীক্ষাৰ বাবে নগাঁৱলৈ প্ৰেৰণ কৰিছে আৰক্ষীয়ে । আৰক্ষীয়ে সমগ্ৰ কাণ্ডটোৰ তদন্ত আৰম্ভ কৰিছে যদিও মৃত‍্যুৰ কাৰণ মৰোণোত্তৰ পৰীক্ষাৰ পাচতহে জানিব পৰা যাব।

আনহাতে স্থানীয় লোকৰ মতে, 10-15 দিনৰ পূৰ্বে মহিলাৰ মৃতদেহটো পৰি আছিল ৷ আজি যেতিয়া গাঁৱৰে এজন লোকে শাল বাবলৈ ট্ৰেক্টৰ লৈ সেই স্থানেৰে গৈছিল ৷ তেতিয়া ব্যক্তি জনে প্ৰত্যক্ষ কৰে মৃতদেহটো ৷ লগে লগে লোকজনে গাঁওবুঢ়াক খবৰ দিয়ে ৷ গাঁওবুঢ়াই গাঁৱৰক্ষী বাহিনী আৰু আৰক্ষীক খবৰ দিয়ে ৷ তাৰ পাচতে আৰক্ষী উপস্থিতি মৃতদেহটো উদ্ধাৰ কৰে ৷ এই ঘটানাৰ আশ্চৰ্য প্ৰকাশ কৰি গাঁৱৰক্ষী বাহিনীৰ লোকে কয়, কেনেকৈ ইয়ালৈ মৃতদেহ আহিল আচৰিত হৈছে ৷ এয়া ধৰ্ষণ কৰি হত্যা নে আত্মহত্যা আৰক্ষীৰ তদন্ত পোহৰলৈ আহিব ৷

সমগ্ৰ ৰাজ্যতে বৃদ্ধ পাবলৈ ধৰিছে অপৰাধ মূলক ঘটনা ৷ ধৰ্ষণ, হত্যা দৰে ঘটনা বৃদ্ধি পাবলৈ ধৰিছে ৷ এই ক্ষেত্ৰত আৰক্ষী তৎপৰ যদি অপৰাধীৰ চকুত ধূলি মাৰি পলাবলৈ সক্ষম হৈছে ৷ বিশেকৈ ৰাজ্যখনৰ বিভিন্ন প্ৰান্ত হোৱা মহিলা হত্যাকাণ্ডৰ ঘটনাই চিন্তিত কৰিছে সচেতন ৰাইজ ৷

লগতে পঢ়ক:Summer Workshop at Kaliabor: সামৰণি পৰিল কলিয়াবৰত আয়োজন গ্ৰীষ্মকালীন কৰ্মশালাৰ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.