ETV Bharat / state

আকৌ লাওখোৱা-বুঢ়াচাপৰিত দেখা পাব গঁড়

author img

By

Published : Nov 6, 2020, 5:25 PM IST

Updated : Nov 8, 2020, 2:50 PM IST

অৱশেষত এটা ভাল খবৰ আহিছে লাওখোৱা-বুঢ়াচাপৰি বন্যপ্ৰাণী অভয়াৰণ্যলৈ। এসময়ৰ এশিঙীয়া গঁড়ৰ বিশ্ব বিখ্যাত লাওখোৱা-বুঢ়াচাপৰি অভয়াৰণ্যত পুনৰ সংস্থাপন কৰা হব অসম গৌৰৱ এশিঙীয়া গঁড়। এইবাৰ দহটাকৈ গঁড় সংস্থাপন কৰা হব লাওখোৱা, বুঢ়াচাপৰি অভয়াৰণ্যত। নগাঁও বন্যপ্ৰাণী সংমণ্ডলে ইতিমধ্যে লাভ কৰিছে ভাৰত চৰকাৰৰ অনুমোদন ।

Burhachapori wildlife sanctuary
লাওখোৱা-বুঢ়াচাপৰি বন্যপ্ৰাণী অভয়াৰণ্য

নগাঁও, 6 নবেম্বৰ : লাওখোৱা, বুঢ়াচাপৰি অভয়াৰণ্যলৈ এটা ভাল খবৰ ৷ অভয়াৰণ্য দুখনত বিৰাজ কৰিব নান্দনিক দৃশ্য ৷ দহটাকৈ গঁড়ে বিচৰণ কৰিব অভয়াৰণ্য দুখনত ৷ অতি কম সময়ৰ ভিতৰতে লাওখোৱা বুঢ়াচাপৰি অভয়াৰণ্যত প্ৰত্যক্ষ কৰিব পাৰিব এশিঙীয়া গঁড় । এসময়ৰ এশিঙীয়া গঁড়ৰ বিশ্ব বিখ্যাত লাওখোৱা আৰু বুঢ়াচাপৰি বন্যপ্ৰাণী অভয়াৰণ্যত বিচৰণ কৰিব গঁড়ে । প্ৰাক্তন বনমন্ত্ৰী ৰকিবুল হুছেইনৰ দিনতে গ্ৰহণ কৰা হৈছিল Rhino Vision 2020 আঁচনি ৷ এই আঁচনিৰ অধীনতে পুনৰ গঁড় সংস্থাপনৰ প্ৰস্তুতি চলিছে অভয়াৰণ্য দুখনত । দহটাকৈ গঁড় সংস্থাপনৰ বাবে ইতিমধ্যে বন বিভাগে লাভ কৰিছে কেন্দ্ৰীয় চৰকাৰৰ অনুমোদন ।

কেৱল এয়াই নহয় ভোমোৰাগুৰিত নিৰ্মীয়মান দ্বিতীয়খন দলঙৰ নিৰ্মাণ কাৰ্য সম্পূৰ্ণ হ’লেই কাজিৰঙাৰ গঁড়েও বিচৰণ কৰিব লাওখোৱা, বুঢ়াচাপৰি অভয়াৰণ্যত । দলঙৰ কাম সম্পূৰ্ণ হোৱাৰ পিছত কাজিৰঙা আৰু বুঢ়াচাপৰিৰ মাজত গঁড় অহা যোৱা কৰাৰ বাবে ওলাব নতুন পথ । উল্লেখযোগ্য যে Rhino Vision 2020 ৰ অধীনতে বুঢ়াচাপৰি অভয়াৰণ্যত নিৰ্মাণ কৰা হৈছিল ব্যয়বহুল ব'মা । বিগত কংগ্ৰেছ চৰকাৰৰ দিনতেই ব'মাৰ ভিতৰতে সংস্থাপন কৰা হৈছিল দুটাকৈ গঁড় ।

আকৌ লাওখোৱা-বুঢ়াচাপৰিত দেখা পাব গঁড়

২০১৬ চনৰ ৩১ মাৰ্চত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ পৰা মাকসহ এটি পোৱালি গঁড় সংস্থাপন কৰা হৈছিল যদিও সেই সময়ৰ নগাঁও বন্যপ্ৰাণী সংমণ্ডল বিষয়াৰ অমনযোগিতাৰ বাবেই ৰোগত আক্ৰান্ত হৈ তিনিমাহৰ ভিতৰতেই মৃত্যু হৈছিল মাকৰ । মাকৰ মৃত্যুৰ পিছত অভয়াৰণ্যখনত অকলশৰীয়াকৈ ছটা মাহ অতিক্ৰম কৰাৰ পিছত একেটা বৰ্ষৰে নৱেম্বৰ মাহত মৃত্যুক সাবটিছিল একমাত্ৰ গঁড় পোৱালিটোও ।

গঁড় শূন্য হৈ পৰা অভয়াৰণ্য দুখনলৈ ২০১৮ বৰ্ষৰ ফেব্ৰুৱাৰী মাহত পুনৰ আগমন ঘটিছিল এটি প্ৰাপ্তবয়স্ক গঁড়ৰ । ওৰাং ৰাষ্ট্ৰীয় উদ্যানৰ পৰা ব্ৰহ্মপুত্ৰ অতিক্ৰমী লাওখোৱাত প্ৰৱেশ কৰিছিল প্ৰাপ্ত বয়স্ক গঁড়টোৱে । গঁড়ৰ উপযুক্ত বিচৰণভূমি লাওখোৱা অভয়াৰণ্যত মুক্তমনে বিচৰণ কৰা একমাত্ৰ গঁড়টোকো সুৰক্ষা দিব নোৱাৰিলে সেই সময়ৰ বন সংমণ্ডল বিষয়াগৰাকীৰ নেতৃত্বৰ বন কৰ্মীয়ে । চোৰাং চিকাৰীৰ হাতত একমাত্ৰ গঁড়টোও নিধন হোৱাত আকৌ এবাৰ গঁড় শূন্য হয় লাওখোৱা, বুঢ়াচাপৰি অভয়াৰণ্য ।

৭০.১ বৰ্গকিলোমিটাৰ আৱৰা লাওখোৱা অভয়াৰণ্য আৰু ৪৪.৬ বৰ্গকিলোমিটাৰ ব্যাসাৰ্ধৰ বুঢ়াচাপৰি অভয়াৰণ্য দুখন গঁড়ৰ খাদ্য আৰু বিচৰণৰ উপযুক্ত স্থান বুলি আজিও বিশ্ববিখ্যাত । বৰ্তমান অভয়াৰণ্য দুখন গঁড় শূন্য হৈ থকাটো প্ৰকৃতিপ্ৰেমীৰ বাবেই নহয় পৰ্যটন বিভাগৰ বাবেও দুখজনক । কিন্তু শেহতীয়াকৈ গঁড় সংস্থাপনৰ খবৰে কঢ়িয়াইছে আশাৰ বতৰা । এতিয়া কেৱল মাত্ৰ অপেক্ষা , কেতিয়ালৈ গঁড়ে মুক্ত বিচৰণ কৰিব লাওখোৱা বুঢ়াচাপৰি বন্যপ্ৰাণী অভয়াৰণ্যত ।

লগতে পঢ়ক : পাকিস্তান জিন্দাবাদ ধ্বনিৰে আজমলক স্বাগতম সমৰ্থকৰ : ভিডিঅ’ ভাইৰেল

Last Updated : Nov 8, 2020, 2:50 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.