বঢ়মপুৰ, 17 মে’: ৰাজ্যত বিধ্বংসী ৰূপ ধাৰণ কৰিছে বলীয়া বানে(Flood in Assam 2022) ৷ কামপুৰত কপিলীৰ বানে এফালৰ পৰা প্লাৱিত কৰি গৈছে ইখনৰ পিছত সিখনকৈ গাঁও(Kampur effected by Kapili river floods) ৷ কামপুৰ ৰাজহ চক্ৰৰ অধীনত থকা প্ৰায় 50 খনৰো অধিক গাঁও বানত প্লাৱিত হৈছে ৷
এনে পৰিস্থিতিৰ মাজতে সোমবাৰে কামপুৰৰ কুঁহিমাৰীত সংঘটিত হৈছে এক কৰুণ ঘটনা ৷ বাঢ়নী পানী চাবলৈ গৈ বানত উটি গ’ল দুজনকৈ কিশোৰ(Two youth drawn in flood) ৷ জানিব পৰা মতে, এই কিশোৰ দুজনৰ নাম ক্ৰমে বিনন্দ নাথ আৰু আশীষ নাথ ৷
স্থানীয় ৰাইজে এই ঘটনা প্ৰত্যক্ষ কৰি ততাতৈয়াকৈ উদ্ধাৰ কৰে আশীষ নাথক ৷ কিন্তু আনজন কিশোৰ বিনন্দ নাথক বাঢ়নী পানীৰ কোবাল সোঁতে চকুৰ পলকতে উটুৱাই নিয়ে ৷ এই ঘটনাৰ পিছতে ঘটনাস্থলীলৈ ৰাওনা হয় এছডিআৰএফ বাহিনীৰ উদ্ধাৰকাৰী দল ৷
লগতে চাওক: কপিলীৰ বানত দিশহাৰা সাধাৰণ ৰাইজ, পশুধনৰ বিলৈ