ETV Bharat / state

কলিয়াবৰৰ দুই আৰক্ষী বিষয়ালৈ WCCB ৰ বিশেষ সন্মান

author img

By

Published : Jun 28, 2021, 7:07 PM IST

কলিয়াবৰৰ দুগৰাকী আৰক্ষী বিষয়ালৈ বন্যপ্ৰাণী অপৰাধ নিয়ন্ত্ৰণ ব্যুৰ’(WCCB)ৰ বিশেষ সন্মান ৷ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত গঁড় সুৰক্ষাৰ ক্ষেত্ৰত বিশেষ ভূমিকা গ্ৰহণ কৰা কলিয়াবৰৰ জখলাবন্ধা আৰক্ষী নিৱেশৰ নিপু কলিতা আৰু বাগৰি আৰক্ষী চকীৰ বিপ্লৱ কোঁৱৰক বিশেষ সন্মান ৷

two-police-officers-rewarded-for-controlling-rhino-poachers
আৰক্ষী বিষয়ালৈ WCCB ৰ বিশেষ সন্মান

কলিয়াবৰ, 28 জুন : কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত গঁড় সুৰক্ষাৰ ক্ষেত্ৰত বিশেষ ভূমিকা গ্ৰহণ কৰা দুগৰাকী আৰক্ষী বিষয়া লৈ বিশেষ সন্মান ৷ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান(Kaziranga National Park) ত গঁড়(Indian Rhino) সুৰক্ষাৰ ক্ষেত্ৰত বিশেষ ভূমিকা গ্ৰহণ কৰাৰ বাবে এই সন্মান লাভ কৰে কলিয়াবৰৰ জখলাবন্ধা আৰক্ষী নিৱেশৰ নিপু কলিতা আৰু বাগৰি আৰক্ষী চকীৰ বিপ্লৱ কোঁৱৰে ৷ কলিয়াবৰৰ জখলাবন্ধা থানাৰ অন্তৰ্গত বুঢ়াপাহাৰ বনাঞ্চল আৰু বাগৰি আৰক্ষী চকীৰ অন্তৰ্গত বাগৰি বনাঞ্চলত 2019 চনৰ পৰা বৰ্তমান পৰ্যন্ত চোৰাং চিকাৰীয়ে নিধন কৰিবলৈ সক্ষম হোৱা নাই এটাও গঁড় ।

জখলাবন্ধা আৰক্ষী নিৱেশত নিয়োজিত আৰক্ষী বিষয়াৰ পৰা কনিষ্টবললৈকে সকলোৱে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ গঁড় সুৰক্ষাৰ ক্ষেত্ৰত বিশেষ ভূমিকা গ্ৰহণ কৰিছে । এই ক্ষেত্ৰত কলিয়াবৰ মহকুমা আৰক্ষী বিষয়া মৃণ্ময় দাসৰ নেতৃত্বত কাজিৰঙা ৰাষ্ট্ৰীয় উদ‍্যানৰ কলিয়াবৰ মহকুমাৰ অন্তৰ্গত দুই বনাঞ্চলৰ বন বিষয়া, বন কৰ্মী আৰু স্থানীয় ৰাইজৰ উমৈহতীয়া প্ৰচেষ্টা শলাগ লবলগীয়া । যাৰ বাবে পূৰ্বতেও একাধিকবাৰ অসম চৰকাৰে জখলাবন্ধা থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়াৰ লগতে আন কেইবাজনো আৰক্ষীক বিশেষ সন্মান জনাইছিল । পুনৰ কলিয়াবৰৰ দুই আৰক্ষী বিষয়ালৈ বন্যপ্ৰাণী অপৰাধ নিয়ন্ত্ৰণ ব্যুৰ’(WCCB)ৰ বিশেষ সন্মান ৷

আৰক্ষী বিষয়ালৈ WCCB ৰ বিশেষ সন্মান

আৰক্ষী আৰু বন বিভাগ তথা স্থানীয় ৰাইজৰ সু-সম্পৰ্কৰ ফলতেই চোৰাং চিকাৰীয়ে গঁড় নিধনত বিফল হৈ আহিছে। আৰক্ষীৰ এই সফলতাত এইবাৰ ভাৰত চৰকাৰৰ ‘বন্যপ্ৰাণী অপৰাধ নিয়ন্ত্ৰণ ব্যুৰ’ চমুকৈ WCCB ৰ ফালৰ পৰা আগবঢ়াই বিশেষ সন্মান ।

নগাঁও জিলাৰ আৰক্ষী অধীক্ষক আনন্দ মিশ্ৰয়ে প্ৰশংসা পত্ৰ¸ মেডেলেৰে সন্মানিত কৰে জখলাবন্ধা নিৱেশৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া নিপু কলিতা, বাগৰি আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া বিপ্লৱ কোঁৱৰ, জখলাবন্ধা থানাৰ উপ পৰিদৰ্শক মৃদুল দেৱনাথ আৰু কনিষ্টবল মইনুল হকক। আৰক্ষী-বন বিভাগৰ এই সু-সম্পৰ্কই অনাগত দিনত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ জীৱ-কুলক চোৰাং চিকাৰীৰ কৱলৰ পৰা ৰক্ষা কৰিবলৈ সক্ষম হ’ব। লগতে অসমৰ আপুৰুগীয়া সম্পদ এশিঙীয়া গড় সুৰক্ষাৰ প্ৰতি সকলো সজাগ হৈ উঠিব ৷

লগতে পঢ়ক:আৰক্ষীৰ জিম্মাত প্ৰায় 15 টা কুকুৰৰ মৃত্যু

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.