ETV Bharat / state

নগাঁৱৰ কচুৱাত পুনৰ ড্ৰাগছসহ দুজন আটক - ড্ৰাগছ

ক্ৰমাৎ অপৰাধৰ ঘাটিলৈ ৰূপান্তৰিত হোৱা নগাঁৱত বিগত এসপ্তাহে ড্ৰাগছ মাফিয়াৰ বিৰুদ্ধে অভিযান অব্যাহত ৰাখিছে নগাঁৱৰ আৰক্ষী অধীক্ষক আনন্দ মিশ্ৰই ৷ ৰাইদাৰ স্কোৱাড গঠন কৰি জিলাখনৰ বিভিন্ন স্থানত চলোৱা হৈছে ড্ৰাগছ বিৰোধী অভিযান ৷ বুধবাৰে নিশা পুনৰ নগাঁও জিলাৰ কচুৱাত এখন সাৰৰ দোকানৰ পৰা ড্ৰাগছ সহ দুজন লোকক আটক । মামুদ হুছেইন আৰু মুজাহিদ ইছলাম নামৰ দুজন লোকক আটক কৰি তদন্ত অব্যাহত ৰাখিছে আৰক্ষীয়ে ৷

two persons including drugs detained at Kachua in Nagaon again
পুনৰ নগাঁৱৰ কচুৱাত আটক ড্ৰাগছসহ দুজন
author img

By

Published : May 27, 2021, 7:40 PM IST

বঢ়মপুৰ,27 মে': নগাঁৱৰ আৰক্ষী অধীক্ষক হিচাপে আইপিএছ বিষয়া আনন্দ মিশ্ৰই যোগদান কৰাৰ পাচৰে পৰা নগাঁও আৰক্ষীয়ে অব্যাহত ৰাখিছে অপৰাধ বিৰোধী অভিযান। বিগত এসপ্তাহে ক্ৰমাৎ অপৰাধৰ ঘাটিলৈ ৰূপান্তৰিত হোৱা নগাঁৱত ড্ৰাগছ মাফিয়াৰ বিৰুদ্ধে অভিযান চলোৱাত আৰক্ষীয়ে কেইবাজনো অপৰাধীক আটক কৰিবলৈ সক্ষম হৈছে ৷

ড্ৰাগছৰ বিৰুদ্ধে জেহাদ ঘোষণা কৰা অসম আৰক্ষীয়ে ৰাইদাৰ স্কোৱাড গঠন কৰি জিলাখনৰ বিভিন্ন স্থানত ড্ৰাগছ বিৰোধী অভিযান চলাই বুধবাৰে নিশা পুনৰ নগাঁও জিলাৰ কচুৱাত এখন সাৰৰ দোকানৰ পৰা ড্ৰাগছসহ দুজন লোকক আটক কৰে । মামুদ হুছেইন আৰু মুজাহিদ ইছলাম নামৰ দুজন লোকক আটক কৰি আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে ৷

উল্লেখ্য যে, মামুদ হুছেইন নামৰ লোকজন কচুৱা আদৰ্শ চিকিৎসালয়ৰ কৰ্মী হোৱাত চিকিৎসা প্ৰদান কৰিবলৈ আহি আৰক্ষীৰ জালত পৰা বুলি মন্তব্য কৰিছে যদিও মুজাহিদ ইছলাম নামৰ লোকজনে ড্ৰাগছখিনি মামুদ হুছেইনে বিক্ৰী কৰা বুলি অভিযোগ উত্থাপন কৰিছে ৷

লগতে পঢ়ক: যুৱতীক নিৰ্যাতনৰ ভাইৰেল ভিডিঅ’ক লৈ অসম আৰক্ষীৰ প্ৰতিক্ৰিয়া

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.