বঢ়মপুৰ, 6 জুলাইঃ বানে বিধ্বস্ত কৰিছে ৰাজ্যৰ ভিন্ন অঞ্চল । তাৰ সমান্তৰালকৈ ভিন্ন সময়ত সাধাৰণ লোকৰ জীৱনলৈয়ো শংকা নমাই আনিছে এই বানে । বানৰ ফলত সোমবাৰে কামপুৰৰ চেঙাজানত সংঘটিত হয় এক দুৰ্ঘটনা । বৰপানী নৈৰ বাঢ়নী পানীত পৰি কৰুণ মৃত্যুৰ সাৱটি লয় এটি কণমানিয়ে । ওমৰ ফাৰুক নামৰ এটি 7 বছৰীয়া কণমানিটো নিকটবৰ্তী মোমায়েকৰ ঘৰলৈ গৈ থকা অৱস্থাত পথৰ দাঁতিতে থকা এটা গাঁতত সোমাই পৰে । বৰপানী নৈৰ বাঢ়়নী পানীৰে ভৰি থকা গাঁতটোত পৰাৰ লগে লগে উটি যায় শিশুটি । পৰৱৰ্তী সয়মত স্থানীয় লোকৰ তৎপৰতাত শিশুটিৰ মৃতদেহ উদ্ধাৰ কৰিবলৈ সক্ষম হয় ।
আনহাতে একেটা দিনতে কামপুৰৰ কাকতিপাৰাত সংঘটিত হয় আন এক দুৰ্ঘটনা । এখন তীব্ৰবেগী ডাম্পাৰৰ খুন্দাত থিতাতে নিহত হয় এগৰাকী পথচাৰী । NL-01 AB-1271 নম্বৰৰ ডাম্পাৰখনে খুন্দিওৱাৰ ফলত মৃত্যুক সাৱটি লয় হুছেইন আলী নামৰ 40 বৰ্ষীয় লোকগৰাকীয়ে ।
লগতে পঢ়কঃ ধৰ্ষণত অভিযোগত অভিযুক্ত বনকৰ্মীৰ আত্মহত্যাঃ আচলতে কি হৈছিল ?