বঢ়মপুৰ,7 ফেব্ৰুৱাৰী : উত্তৰাখণ্ডত দেওবাৰে হোৱা হিমস্খলনৰ ফলত সন্ধানহীন হৈছে নগাঁৱৰ দুই যুৱক ৷ কামপুৰৰ উত্তৰ চাংচকীৰ একে ঘৰৰে দুই যুৱক সন্ধানহীন হয় এই মহাপ্ৰলয়ত ৷
উত্তৰাখণ্ডত কৰ্মৰত অৱস্থাত আছিল অমৰজ্যোতি দাস আৰু কমল দাস নামৰ যুৱক দুজন ৷ পৰিয়ালৰ লোকক ফোনযোগে সন্ধানহীনৰ বাৰ্তা প্ৰেৰণ কৰাৰ পাচত এতিয়া কান্দোনৰ ৰোল উঠিছে যুৱক দুজনৰ বাসগৃহত ৷
যুৱক দুজনক উদ্ধাৰ কৰি পৰিয়ালক গতাই দিবলৈ কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰক আহ্বান জনাইছে পৰিয়ালে । পিতৃহাৰা দুই যুৱকৰ সন্ধানহীন হোৱাৰ খবৰ লাভ কৰাৰ পিছতে শোকত ভাগি পৰিছে মাতৃ ৷
উল্লেখ্য যে, উত্তৰাখণ্ডত হোৱা জলপ্ৰলয়ে পলকতে জীৱন্তে উটুৱাই নিয়ে প্ৰায় 150 গৰাকীৰো অধিক লোকক ৷ হিমস্খলনৰ ফলত চামোলী জিলাত ভয়ংকৰ পৰিৱেশৰ সৃষ্টি হোৱা পৰিলক্ষিত হৈছে ৷
লগতে পঢ়ক : গোলকগঞ্জৰ আগমনিত ভয়ংকৰ অগ্নিকাণ্ড