নগাঁও, 19 জুলাই : ড৹ হীৰেণ গোহাঁইক সমালোচনা কৰা মন্ত্ৰী পীযুষ হাজৰীকাক উভতি ধৰিলে নগাঁৱৰ দুই সংগ্ৰামী নেতাই ৷ দুই নেতাৰ মন্তব্য- মন্ত্ৰী পীযুষ হাজৰীকা আৰু ড৹ হীৰেণ গোহাঁইৰ মাজত আছে আকাশ-পাতাল পাৰ্থক্য ৷ সদৌ অসম ছাত্ৰ সন্থাকো কটাক্ষ কৃষক মুক্তি সংগ্ৰাম সমিতিৰ প্ৰাক্তন সভাপতি মোলান লস্কৰৰ ৷ অসমীয়া ৰাইজে ছাত্ৰ সন্থাক বিতাড়ণ কৰা উচিত বুলি মন্তব্য মোলান লস্কৰৰ ৷
ৰাজ্যৰ আগশাৰীৰ বুদ্ধিজীৱি, বিশিষ্ট সাহিত্যিক ড৹ হীৰেণ গোহাঁয়ে ৰাজ্য চৰকাৰৰ বিৰুদ্ধে কৰা মন্তব্য আৰু তাৰ প্ৰত্যুত্তৰত চৰকাৰৰ মুখ্যমন্ত্ৰীৰ পৰা মন্ত্ৰীয়ে কৰা মন্তব্যই চর্চা লাভ কৰিছে সৰ্বত্ৰে ৷ ইয়াৰ মাজতে বিশিষ্ট বুদ্ধিজীৱী ড৹ হীৰেণ গোহাঁই কোন বুলি প্ৰশ্ন কৰি মন্ত্ৰী পীযুষ হাজৰীকাই কৰা কেতবোৰ মন্তব্যৰ বিৰুদ্ধে জাঙুৰ খাই উঠিছে বিভিন্ন মহল ৷ বিষয়টোক লৈ ইতিমধ্যেই ব্যাপকভাৱে চর্চা লাভ কৰিছে সামাজিক মাধ্যমতো ৷
মন্ত্ৰী পীযুষ হাজৰীকাৰ লগতে সদৌ অসম ছাত্ৰ সন্থাকো তীব্ৰ সমালোচনা কৰে নগাঁৱৰ দুই সংগ্ৰামী নেতা মোলান লস্কৰ আৰু বিৰিঞ্চি বৰাই ৷ বিগত 15 জুলাইত ড৹ হীৰেণ গোহাঁইৰ বাসগৃহত বেজ কচু নামৰ মাহেকীয়া বাতৰি কাকত উন্মোচন কৰি সাংবাদিকে সোধা প্ৰশ্নৰ উত্তৰত সাহিত্যিক ড৹ হীৰেণ গোহাঁয়ে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্ব চলা চৰকাৰৰ লগতে সমষ্টি পুনৰ নিৰ্দ্ধাৰণক লৈ সদৌ অসম ছাত্ৰ সন্থাৰ স্থিতিক সমালোচনা কৰিছিল ৷ তাৰ পিছতেই বিভিন্ন মন্তব্যৰে ড৹ হীৰেণ গোহাঁইক আক্ৰমণৰ লক্ষ্য কৰি লয় চৰকাৰী পক্ষই ৷
বিশেষকৈ মন্ত্ৰী পীযুষ হাজৰীকাই ড৹ হীৰেণ গোহাঁইক কৰা মন্তব্যৰ বিৰুদ্ধে জাঙুৰ খাই উঠিছে বেজ কচু নামৰ মাহেকীয়া বাতৰি কাকতৰ সৈতে জড়িত মোলান লস্কৰ আৰু বিৰিঞ্চি বৰাই ৷ মন্ত্ৰী পীযুষ হাজৰীকাই ড৹ হীৰেণ গোহাঁইক চিনি পাব পৰাকৈ জ্ঞানৰ অভাৱ বুলি কটাক্ষ কৰি বিৰিঞ্চি বৰাৰ মন্তব্য ৷ মন্ত্ৰী পীযুষ হাজৰীকা আৰু ড৹ হীৰেণ গোহাঁইৰ মাজত আছে আকাশ-পাতাল পাৰ্থক্য ৷ মন্ত্ৰী পীযুষ হাজৰীকাক কটাক্ষ কৰি ছিণ্ডিকেটৰ প্ৰসংগও উল্লেখ কৰে বিৰিঞ্চি বৰাই ৷ ইফালে মন্ত্ৰী পীযুষ হাজৰীকাৰ লগতে ছাত্ৰ সন্থাকো সমালোচনা কৰে বেজ কচুৰ সৈতে জড়িত মোলান লস্কৰে ৷
লগতে পঢ়ক: Constituency Delimitation 2023: আজিৰে পৰা তিনিদিনীয়াকৈ কলাক্ষেত্রত নিৰ্বাচন আয়োগৰ শুনানি