কলিয়াবৰ,৯ ডিচেম্বৰ : কলিয়াবৰত বন্ধুকধাৰী দুৰ্বৃত্তৰ সন্ত্ৰাস চলিছে । কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ সমীপৰ সংৰক্ষিত বনাঞ্চলৰ সমীপত থকা চাহ বাগিচাত বন্দুক লৈ ঘূৰি ফুৰিছে দুৰ্বৃত্ত । যাক লৈ আতংকিত হৈ পৰিছে অঞ্চলটোৰ লোকসকল । এই সন্দৰ্ভত বাতৰি প্ৰকাশ হোৱাৰ পাছতে সষ্টম হৈছে বন বিভাগ তথা আৰক্ষী । তহলদাৰী কুকুৰ লৈ অঞ্চলটোত ব্যাপক অভিযান চলাইছে আৰক্ষী আৰু বন বিভাগৰ লোকে ।
ইয়াৰ মাজতে শুকুৰবাৰে নিশা কলিয়াবৰ আৰক্ষীয়ে কলিয়াবৰ চাহ বাগিচাৰ সোণাৰি শাখাত অভিযান চলাই সংৰক্ষিত বনাঞ্চলৰ দাঁতিত বন্দুক লৈ অবাধ বিচৰণ কৰা দলটোৰ দুজন সদস্যক আটক কৰিবলৈ সক্ষম হয় । লগতে আৰক্ষীয়ে এটা হস্তনিৰ্মিত পিষ্টলো উদ্ধাৰ কৰে । কলিয়াবৰ আৰক্ষীৰ অভিযানত আটক হোৱা লোক দুজন ক্ৰমে কৃষ্ণ লোহাৰ আৰু কৃষ্ণ গঞ্জু বুলি জানিব পৰা গৈছে । ধৃত দুয়োৰে ঘৰ কলিয়াবৰ চাহ বাগিচাৰ সোণাৰি শাখাৰ ৬ নম্বৰ বস্তিত বুলি জানিব পৰা গৈছে । কৃষ্ণ লোহাৰৰ ঘৰৰ পৰা আৰক্ষীয়ে উদ্ধাৰ কৰিছে এটা হস্তনিৰ্মিত পিষ্টল । আৰক্ষীয়ে ধৃত লোক দুজনক জেৰা অব্যাহত ৰাখিছে ।
ইফালে শনিবাৰৰ দিনটোতো অঞ্চলটোত বন্দুকধাৰী দলটোৰ আনকেইজন সদস্যৰ সন্ধানত আৰক্ষী আৰু বন বিভাগৰ লোকে অভিযান চলাইছে । কাজিৰঙাৰ বুঢ়াপাহাৰ বনাঞ্চলৰ বন বিভাগৰ লগতে শিলঘাট বন বিভাগেও এই অভিযানত অংশ লয় । উল্লেখ্য যে, কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ কাষৰীয়া কামাখ্যা সংৰক্ষিত বনাঞ্চল এলেকাত ৪ জনীয়া এটা দলে বন্দুকসহ বিচৰণ কৰাৰ বাতৰি ইতিমধ্যে প্ৰচাৰ হৈছিল বিভিন্ন সংবাদ মাধ্যমত ।
লগতে পঢ়ক :হাওৰাঘাটত বিদ্যুৎস্পৃষ্ট হৈ দুটাকৈ হাতীৰ কৰুণ মৃত্যু