ETV Bharat / state

দলীয় অন্তঃকন্দলে লগ নেৰা হৈছে কংগ্ৰেছক

author img

By

Published : Aug 28, 2020, 11:21 PM IST

শুকুৰবাৰে নগাঁৱত পুনৰ স্পষ্ট হ’ল কংগ্ৰেছৰ ভিতৰচ'ৰাত অব্যাহত থকা দলীয় বিসম্বাদ ৷ জিলাখনত পৃথকে পৃথকে কংগ্ৰেছে ৰূপায়ন কৰিলে ছাত্ৰ সত্যাগ্ৰহ কাৰ্যসূচী ৷

Two groups of Congress protest at Nagaon demandimg same topic
http://10.10.50.80:6Two groups of Congress protest at Nagaon demandimg same topic060///finalout3/assam-nle/finalout/28-August-2020/8593620_as-ngn-kong_pkg_new.mp4

নগাঁও, 28 আগষ্ট : দলীয় অন্তঃকন্দল, বিসম্বাদত এতিয়া জৰ্জৰিত ৰাজ্যৰ প্ৰধান বিৰোধী দল কংগ্ৰেছ ৷ শুকুৰবাৰে নগাঁৱত পুনৰ স্পষ্ট হ’ল কংগ্ৰেছৰ ভিতৰচ'ৰাত অব্যাহত থকা দলীয় বিসম্বাদ ৷ জিলাখনত পৃথকে পৃথকে কংগ্ৰেছে ৰূপায়ন কৰিলে ছাত্ৰ সত্যাগ্ৰহ কাৰ্যসূচী ৷ এন এছ ইউ আইৰ উদ্যোগত গ্ৰহণ কৰা এটা কাৰ্যসূচীত অংশগ্ৰহণ প্ৰাক্তন মন্ত্ৰী ৰকিবুল হুছেইনৰ আৰু আনটো কাৰ্যসূচীত অংশগ্ৰহণ যুৱ কংগ্ৰেছৰ ৰাজ্যিক সম্পাদক মৃণাল হাজৰিকাৰ ৷ চৰকাৰৰ বিৰুদ্ধে গ্ৰহণ কৰা প্ৰতিবাদী কাৰ্যসূচীতো একগোট হব নোৱাৰিলে এন এছ ইউ আইৰ দুই গোট ৷ অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৰিপুন বৰা আৰু প্ৰাক্তন মন্ত্ৰী ৰকিবুল হুছেইনৰ বিৰুদ্ধে বৃহস্পতিবাৰে হাজো ৰাজীৱ ভৱনত লংকাকাণ্ড সংঘটিত হৈ যোৱাৰ পিচত শুক্ৰবাৰে নগাঁৱতো স্পষ্ট হ'ল কংগ্ৰেছৰ বিসম্বাদ ।

Two groups of Congress protest at Nagaon demandimg same topic
ছাত্ৰ সত্যাগ্ৰহ কাৰ্যসূচী

উল্লেখ্য যে, শুক্ৰবাৰে ৰাজ্যজুৰি JEE আৰু NEET ৰ পৰীক্ষা বাতিলৰ দাবীত বিৰোধী দল কংগ্ৰেছে গ্ৰহণ কৰে ছাত্ৰ সত্যাগ্ৰহ কাৰ্যসূচী । নগাঁৱতো সাব্যস্ত কৰা হয় এই প্ৰতিবাদ । কিন্তু একেটা বিষয়ত একেটা দলেই পৃথকে পৃথকে সাব্যস্ত কৰিলে প্ৰতিবাদ ৷ এই কথাই যেন পুনৰ বাৰ প্ৰমাণ কৰিছে কংগ্ৰেছৰ ভিতৰ চ’ৰাত অব্যাহত থকা দলীয় নেতৃত্বৰ বিসম্বাদৰ কথা ৷ প্ৰতিবাদৰ সময়ছোৱাত নগাঁৱৰ দুটা ভিন্ন ঠাইত এন এছ ইউ আইৰ উদ্যোগত অনুষ্ঠিত হল দুটা ফৈদৰ প্ৰতিবাদী কাৰ্যসূচী ৷ এফালে নগাঁও জিলা উপায়ুক্ত কাৰ্যালয়ৰ সমীপত নগাঁও জিলা কংগ্ৰেছ আৰু এন এছ ইউ আইৰ উদ্যোগত অনুষ্ঠিত হয় ছাত্ৰ সত্যাগ্ৰহ কাৰ্যসূচী ৷ য'ত অংশগ্ৰহণ প্ৰাক্তন মন্ত্ৰী ৰকিবুল হুছেইনে ৷ প্ৰতিবাদী কাৰ্যসূচীত ভাগ লৈ কৰ'ণা সৃষ্ট পৰিবেশৰ মাজতে পৰীক্ষা অনুষ্ঠিত কৰি ছাত্ৰ ছাত্ৰীৰ জীৱনক লৈ চৰকাৰে হেতালি খেলিছে বুলি মন্তব্য কৰে প্ৰাক্তন মন্ত্ৰী ৰকিবুল হুছেইনে ৷

দলীয় অন্তঃকন্দলে লগ নেৰা হৈছে কংগ্ৰেছক

আনহাতে ৰকিবুল হুছেইনে অংশগ্ৰহণ কৰা প্ৰতিবাদী কাৰ্যসূচীৰ নাতি দূৰৈৰ নগাওঁ মহাবিদ্যালয় পইণ্টত একেটা দাবীতে ছাত্ৰ সত্যাগ্ৰহ কাৰ্যসূচী ৰূপায়ন কৰে এন এছ ইউ আইৰ আন এটা গোটে ৷ এই প্ৰতিবাদী কাৰ্যসূচীত অংশগ্ৰহণ অসম প্ৰদেশ যুৱ কংগ্ৰেছৰ সম্পাদক মৃণাল হাজৰিকাই ৷ ছাত্ৰ সত্যাগ্ৰহ কাৰ্যসূচীৰ জৰিয়তে JEE আৰু NEET ৰ পৰীক্ষা বাতিলৰ দাবী উত্থাপন কৰে নগাঁও জিলা এন এছ ইউ আইৰ সম্পাদক পল্লৱজ্যোতি নাথে ৷ একেটা দাবীৰে একেখন জিলাতে কংগ্ৰেছৰ দুটা ফৈদে এনেদৰে প্ৰতিবাদ সাব্যস্ত কৰা ঘটনাই যেন পুনৰ বাৰ স্পষ্ট কৰিছে নগাঁও কংগ্ৰেছৰ বিসম্বাদ ৷

লগতে পঢ়ক : ৰাজ্যৰ ভিন্ন প্ৰান্তত NSUI ৰ উদ্যোগত ছাত্ৰ সত্যাগ্ৰহ কাৰ্যসূচী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.