নগাঁও, 9 অক্টোবৰ: নগাঁৱৰ দুই যুৱতীক বহিঃৰাজ্যত বিক্ৰীৰ চেষ্টা ৷ নগাঁৱৰ দুই যুৱতী ভগ্নীক বহিঃৰাজ্যত বিক্ৰীৰ চেষ্টা কৰি আৰক্ষীৰ জালত পৰিছে হাৰিয়ানাৰ দুই পিতা-পুত্ৰ ৷ হাৰিয়ানাৰ পৰা নগাওঁ আৰক্ষীয়ে দুই অপহৃত যুৱতীক উদ্ধাৰ কৰাৰ লগতে আটক কৰে হাৰিয়ানাৰ দুই পিতা-পুত্ৰ ৰমেশ কুমাৰ ওৰফে ৰফিক খান আৰু নুৰুল আমিনক ৷
উল্লেখ্য যে, নগাঁৱৰ কাটিমাৰীৰ এগৰাকী যুৱতীক প্ৰেমৰ প্ৰলোভনেৰে হাৰিয়ানাৰ নুৰুল আমিন নামৰ এজন যুৱকে হাৰিয়ানালৈ লৈ যোৱাৰ অভিযোগ পৰিয়ালৰ ৷ নুৰুল আমিন আৰু নুৰুলৰ পিতৃ ৰমেশ কুমাৰ ওৰফে ৰফিক খানে যুৱতী গৰাকীৰ লগতে যুৱতী গৰাকীৰ জ্যেষ্ঠ ভগ্নীকো চাকৰিৰ প্ৰলোভনেৰে লৈ যায় হাৰিয়ানালৈ ৷ হাৰিয়ানাত দুই যুৱতীক অসৎ কাৰ্য্যত লিপ্ত কৰাই বিক্ৰীৰ চেষ্টা চলোৱাৰ খবৰ লাভ কৰে পৰিয়ালৰ লোকে ৷ 30 ছেপ্টেম্বৰৰ পৰাই দুই ভগ্নী সন্ধানহীন হৈ থকা সন্দৰ্ভত হয়বৰগাঁও আৰক্ষী চকীত এজাহাৰ দাখিল কৰিছিল পৰিয়ালৰ লোকে ৷