ETV Bharat / state

Road Accident at Kaliabor : কলিয়াবৰৰ দুটা পৃথক স্থানত সংঘটিত ভয়ংকৰ পথ দুৰ্ঘটনা

author img

By

Published : Jul 5, 2022, 10:11 PM IST

মঙলবাৰে কালিকা লাগিল কলিয়াবৰত ৷ কলিয়াবৰৰ দুটা পৃথক স্থানত সংঘটিত হয় দুটা ভয়ংকৰ পথ দুৰ্ঘটনা (Road Accident at Kaliabor)৷ দুয়োটা দুৰ্ঘটনাতে আহত হয় দুজনকৈ লোক ৷

Road Accident at Kaliabor
মঙলবাৰে শনি লাগিল কলিয়াবৰত

কলিয়াবৰ, ৫ জুলাই : মঙলবাৰে কলিয়াবৰৰ দুটা পৃথক স্থানত সংঘটিত হয় ভয়ংকৰ দুটা পথ দুৰ্ঘটনা (Road Accident at Kaliabor) ৷ যাৰ ফলত অঞ্চলটোত সৃষ্টি হয় এক হুৱাদুৱা পৰিস্থিতিৰ ৷ তথ্য অনুসৰি, মঙলাবাৰে উজনিমুখী এখন যাত্ৰীবাহী বাছে মহতিয়াই নিয়ে কলিয়াবৰৰ এজন পথাচাৰীক । চতিয়ালত ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথত সংঘটিত হোৱা দুৰ্ঘটনাটোত আহত হয় কলিয়াবৰৰ বৰুৱাচুকৰ ভূৱন বৰা নামৰ এজন লোক ৷ আহত ভূৱন বৰাক জখলাবন্ধা হাস্পতালত ভৰ্তি কৰা হয় যদিও পৰৱৰ্তী সময়ত অতি সংকটজনক অৱস্থাত তেওঁক তেজপুৰলৈ প্ৰেৰণ কৰা হয় । জানিব পৰা মতে, দুৰ্ঘটনা সংঘটিত কৰা যাত্ৰীবাহী বাছখনৰ নম্বৰ হৈছে এ.এচ. ৩০১৫৪৪ ।

আনহাতে, তেজপুৰ সংযোগী ৩৭ (ক) নং ৰাষ্ট্ৰীয় পথৰ কলিয়াবৰৰ হাতীবন্ধাত মঙলবাৰে সংঘটিত হয় দ্বিতীয়টো পথ দুৰ্ঘটনা । ডাম্পাৰ আৰু তেল ট্ৰেংকাৰৰ মাজত মুখামুখি সংঘৰ্ষ হোৱাৰ ফলতেই সংঘটিত হয় এই দুৰ্ঘটনাটো । এই পথ দুৰ্ঘটনাৰ ফলত গুৰুতৰভাৱে আহত হয় দুৰ্ঘটনাগ্ৰস্ত ট্ৰেংকাৰখনৰ চালক ৷

মঙলবাৰে শনি লাগিল কলিয়াবৰত

লগতে পঢ়ক : Road Accident at Bihpuria: বিহপুৰীয়াত এম্বুলেঞ্চে খুন্দিয়ালে ব্যক্তিগত বাহনত

উক্ত ঘটনাৰ খবৰ লাভ কৰিয়েই তাৎক্ষণিকভাৱে চুলুং আৰক্ষীৰ এটা দল ঘটনাস্থলীত উপস্থিত হৈ উদ্ধাৰ কৰে ট্ৰেংকাৰ চালকক ৷ তাৰ পাচত লগে লগে আৰক্ষীৰ তৎপৰতাত অতি সংকটজনক অৱস্থাত ট্ৰেংকাৰ চালকজনক চিকিৎসাৰ বাবে তেজপুৰলৈ প্ৰেৰণ কৰা হয় । অৱশ্যে ডাম্পাৰখনৰ চালকজনে দুৰ্ঘটনা সংঘটিত কৰিয়েই সেই স্থানৰ পৰা পলায়ন কৰে ।

দুৰ্ঘটনাগ্ৰস্ত তেলৰ ট্ৰেংকাৰ আৰু ডাম্পাৰখনৰ নম্বৰ ক্ৰমে এ.এচ.০৯ চি.৭১৮৫ আৰু এ. এচ.০৯ চি.৬৩৭৬ বুলি জানিব পৰা গৈছে । ইফালে কথমপি তেল টেংকাৰখন জ্বলাৰ পৰা ৰক্ষা পৰে । দুৰ্ঘটনাগ্ৰস্ত তেলৰ ট্ৰেংকাৰখন যিকোনো মুহূৰ্তত অগ্নি সংযোগ হোৱাৰ আশংকাত ঘটনাস্থলীত উপস্থিত হয় অগ্নি নিৰ্বাপক বাহিনীৰ দলো ।

লগতে পঢ়ক : ডিমা হাছাওত পথ দুৰ্ঘটনাত ৩ যুৱকৰ মৃত্যু

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.