ETV Bharat / state

জখলাবন্ধা আৰক্ষীৰ জালত দুই গৰু চোৰ

author img

By

Published : Oct 4, 2020, 4:23 PM IST

জখলাবন্ধা আৰক্ষীৰ জালত দুই গৰু চোৰ ৷ গোপন অভিযানৰ ভিত্তিত গ্ৰেপ্তাৰ দুই চোৰক ৷ লগতে, আৰক্ষীয়ে জব্দ কৰে এখন বাহন ৷

Two Cow Thief Caught By Nagaon jakhalabandha Police
জখলাবন্ধা আৰক্ষীৰ জালত দুই গৰু চোৰ

কলিয়াবৰ, 4 অক্টোবৰ : জখলাবন্ধা আৰক্ষী চকীৰ অন্তৰ্গত কুঠৰীৰৰ পৰা দেওবাৰে আটক কৰা হয় দুই গৰু চোৰ । জগদম্বা চাহ বাগিচাৰ অমৰ ভূমিজৰ অভিযোগৰ ভিত্তিত বাগৰী টহলদাৰী আৰক্ষী চকীৰ এক অভিযানত আটক কৰা হয় চোৰ দুটাক ৷ আটক কৰা চোৰ দুটা হ'ল আকাশ মুণ্ডা আৰু দেৱ মুণ্ডা ৷ লগতে আৰক্ষীয়ে জব্দ কৰিহলৈ সক্ষম হৈছে AS 02 CC 4787 নম্বৰৰ এখন বাহন ৷

চোৰাং গৰু

জব্দকৃত বাহন

উল্লেখ্য যে, কুঠৰীৰ ন-বস্তিৰ দুই চোৰে 15 টা গৰু চোৰ কৰি আনি কুঠৰীতে বিক্ৰী কৰিছিল যদিও আৰক্ষীয়ে 10 টা গৰু উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে । ইতিমধ‍্যে, গৰু চোৰ চক্ৰটোৰ জিয়াৰুল,বিল্লাল,গুলজাৰ নামৰ তিনি পলাতক চোৰৰ লগতে সন্ধানহীন 5 টা গৰুৰ সন্ধানত তদন্ত অব‍্যাহত ৰাখিছে আৰক্ষীয়ে । জখলাবন্ধা আৰক্ষীয়ে 78/2020 নম্বৰত এক গোচৰ ৰুজু কৰি তদন্ত অব্যাহত ৰাখিছে ৷

জখলাবন্ধা আৰক্ষীৰ জালত দুই গৰু চোৰ

লগতে পঢ়ক : ব্যৱসায়ৰ দ্বাৰা স্ব-নিৰ্ভৰশীল প্ৰাক্তন উগ্ৰপন্থী নেতা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.