নগাঁও, ১২ এপ্ৰিল: গৰুৰ চোৰাং সৰবৰাহৰ বিৰুদ্ধে কঠোৰ অসম আৰক্ষী (Cattle Smuggling in Assam)। মুখ্যমন্ত্ৰীৰ নিৰ্দেশৰ পাচতেই আৰক্ষী তৎপৰ হৈ পৰিছিল গৰু ছিণ্ডিকেট বন্ধ কৰাত ৷ কিন্তু তাৰ মাজতে আৰক্ষীৰ নাকৰ তলেৰেই একাংশই নিতৌ ন ন কৌশলেৰে চলাই গৈছে চোৰাং সৰবৰাহ । অৱশ্যে ইতিমধ্যে বহুকেইটা গৰু সৰবৰাহকাৰী আৰক্ষীৰ অভিযানকালত এনকাউন্টাৰত নিহত আৰু আহত হৈছে ৷
গৰুৰ চোৰাং সৰবৰাহৰ বিৰুদ্ধে ধাৰাবাহিক অভিযান অব্য়াহত ৰাখিছে নগাঁও আৰক্ষীয়ে । এইবাৰ নগাঁও আৰক্ষীৰ জালত পৰিল দুখনকৈ গৰুভৰ্তি ট্ৰাক(Nagaon Police seized two trucks full of cows) । সোমবাৰে নিশা নগাঁও আৰক্ষীয়ে অভিযান চলাই গৰু কঢ়িয়াই অনা বাহন দুখনকৈ ট্ৰাক জব্দ কৰিবলৈ সক্ষম হয় । অভিযানত আৰক্ষীয়ে উদ্ধাৰ কৰে চোৰাংকৈ সৰবৰাহ কৰা ৪২ টাকৈ গৰু ।
প্ৰাক্তন মন্ত্ৰী ৰকিবুল হুছেইনৰ সমষ্টি চামগুৰিৰ এটা চক্ৰই জব্দকৃত গৰুকেইটা সৰবৰাহৰ চেষ্টা কৰিছিল বুলি জানিবলৈ পোৱা গৈছে ।
বোকাখাতৰ পৰা বৰ্ণিহাটলৈ চোৰাংভাৱে সৰবৰাহৰ চেষ্টা কৰিছিল গৰুকেইটা । আৰক্ষীৰ জালত পৰিছে চোৰাং গৰু সৰবৰাহ কৰা চক্ৰৰ দুজনকৈ সদস্য (Two cattle smugglers arrest in Nagaon) । আব্দুল হুছেইন আৰু শুকুৰ আলী নামৰ সৰবৰাহকাৰী দুটাক আটক কৰে নগাঁও আৰক্ষীয়ে ।ধৃত দুই সৰবৰাহকাৰীক ঘৰ চামগুৰিৰ বাজিয়াগাঁৱত বুলি জানিব পৰা গৈছে ।
লগতে পঢ়ক: Lakhimpur Kheri Violence : লখিমপুৰ খেৰীৰ হিংসাত্মক ঘটনাৰ আজি শুনানি