ETV Bharat / state

Fake currency in Assam: লখিমপুৰৰ প্ৰৱঞ্চকৰ নগাঁৱত জালনোটৰ বেহা

author img

By

Published : May 6, 2023, 2:27 PM IST

নগাঁৱৰ বজাৰত প্ৰৱঞ্চকৰ নকল পাঁচ শ টকীয়া নোটৰ সৰবৰাহ । এই সন্দৰ্ভত আৰক্ষীয়ে চলাইছে অভিযান । ইতিমধ্য়ে আৰক্ষীৰ জালত পৰিছে দুই অভিযুক্ত (fake currency in Nagaon)।

Counterfeit note nexus in Nagaon
গাঁৱত জালনোটৰ বৃহৎ বজাৰ

গাঁৱত জালনোটৰ বৃহৎ বজাৰ

নগাঁও, ৬ মে': নগাঁৱত জালনোটৰ বৃহৎ বজাৰ মেলি দিছে লখিমপুৰ জিলাৰ এক প্ৰৱঞ্চকৰ দলে (Counterfeit note nexus in Nagaon)! পাঁচ শ টকীয়া জালনোট যিকোনো মুহূৰ্তত পৰিব পাৰে যিকোনো লোকৰ হাতত । কাৰণ বৃহৎ সংখ্যক পাঁচ শ টকীয়া জালনোট নগাঁৱৰ বজাৰত দিয়াৰ চেষ্টা অব্যাহত ৰাখিছে প্ৰৱঞ্চকৰ দলটোৱে । ইপিনে, জালনোটক লৈ তৎপৰ হৈছে নগাঁও আৰক্ষী । জালনোট সৰবৰাহকাৰীৰ বিৰুদ্ধে নগাঁও আৰক্ষীয়ে অব্যাহত ৰাখিছে অভিযান (Counterfeit notes seized in Nagaon)।

হাতত পাঁচ শ টকীয়া নোটখন পৰাৰ লগে লগে ভালকৈ কৰি লওঁক পৰীক্ষা । নহ'লে বিপদত পৰিব পাৰে আপুনি । কাৰণ নগাঁৱৰ বজাৰত নকল পাঁচ শ টকীয়া নোট মেলি দিয়াৰ এক প্ৰচেষ্টা অব্যাহত ৰাখিছে প্ৰৱঞ্চকৰ দলে । বিশেষকৈ লখিমপুৰৰ এটা প্ৰৱঞ্চকৰ দলে নগাঁৱৰ বজাৰত নকল পাঁচ শ টকীয়া নোট সৰবৰাহ কৰাৰ চেষ্টা অব্যাহত ৰখাৰ তথ্য লাভ কৰিছে নগাঁও আৰক্ষীয়ে । মাত্ৰ কিছুদিন পূৰ্বে নগাঁও আৰক্ষীৰ অপৰাধ শাখাৰ অতিৰিক্ত আৰক্ষী অধীক্ষক ৰূপজ্যোতি কলিতাৰ নেতৃত্বত আৰক্ষীৰ এটা দলে গোপন সূত্ৰৰ তথ্যৰ ভিত্তিত অভিযান চলাই কেইবালাখ টকাৰ জালনোটসহ সৰবৰাহকাৰী এটা চক্ৰ জালত পেলাবলৈ সক্ষম হোৱাৰ পিছত পুনৰ নগাঁৱত জব্দ হৈছে বৃহৎ পৰিমাণৰ জালনোট (Two arrested with fake currency at Nagaon)।

এইবাৰ নগাঁৱৰ মৰিকলং আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া জোনমণি ৰাভাৰ নেতৃত্বত আৰক্ষীৰ এটা দলে গোপন সূত্ৰৰ খবৰৰ ভিত্তিত অভিযান চলাই জালনোটসহ সৰবৰাহকাৰী চক্ৰৰ সদস্যক আটক কৰিবলৈ সক্ষম হয় । নগাঁৱৰ বৰঘাটৰ পৰা জালনোট সৰবৰাহকাৰী চক্ৰৰ মূল অভিযুক্ত ৰছিদুল হকক শুক্ৰবাৰে নিশা আটক কৰিবলৈ সক্ষম হয় উপ পৰিদৰ্শক জোনমণি ৰাভাৰ নেতৃত্বত অভিযান চলোৱা আৰক্ষীৰ দলটোৱে ।

জালনোট সৰবৰাহৰ অভিযোগত প্ৰথমে আটক কৰা ৰচিদুল হকৰ স্বীকাৰোক্তিৰ ভিত্তিত নিশাই পুনৰ অভিযান চলাই চামগুৰিৰ পৰা ফয়জুল ইছলাম নামৰ আন এজন অভিযুক্তকো আৰক্ষীয়ে আটক কৰিবলৈ সক্ষম হয় । ধৃত ৰছিদুল হকৰ ঘৰ নগাঁৱৰ চামগুৰিতেই বুলি জানিব পৰা গৈছে । নিশাই আটক কৰা ৰছিদুলৰ পৰা অভিযানকাৰী আৰক্ষীৰ দলটোৱে ২লাখ ৫০হাজাৰ টকাৰ জালনোট জব্দ কৰিবলৈ সক্ষম হয় ।

ইপিনে,চক্ৰটোৰ সৈতে লখিমপুৰ জিলাৰ কেইবাগৰাকীও ব্যক্তি জড়িত থকা বুলি ইতিমধ্যেই তথ্য লাভ কৰিছে নগাঁও আৰক্ষীয়ে । লখিমপুৰ জিলাৰ হামেদ আলী, ফয়জুল আলী, আনাৰ হুছেইন, জহিৰুল ইছলাম, হাফিজুল আলী আৰু আইনুল আলীও এই অপৰাধত জড়িত থকা বুলি উল্লেখ কৰে জালনোটৰ বিৰুদ্ধে চলোৱা অভিযানৰ নেতৃত্ব দিয়া উপ পৰিদৰ্শক জোনমণি ৰাভাই ।

লগতে পঢ়ক:Scam in KKHSOU: KKHSOUৰ কেলেংকাৰীৰ তদন্তৰ দাবীত ৰাজ্যপালক স্মাৰকপত্ৰ তৃণমূল যুৱ কংগ্ৰেছৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.