নগাঁও,13 নৱেম্বৰ : বৃহস্পতিবাৰে নিশা নগাঁৱৰ মৰিকলঙত সৃষ্টি হয় এক উত্তপ্ত পৰিস্থিতিৰ । ৰাজপথত সুৰাপান কৰি গাড়ী চলোৱা ট্ৰাক চালকক লপাথপা দিয়ে স্থানীয় ৰাইজে ।
![truck-driver-punished-by-public-in-nagaon](https://etvbharatimages.akamaized.net/etvbharat/prod-images/9530298_tt.jpg)
তথ্য অনুসৰি,আকাশী গংগাৰ পৰা নগাঁও চহৰ অভিমুখে আহি থকা এখন তীব্ৰবেগী ট্ৰাকে দুজনকৈ চাইকেল আৰোহীক খুন্দিওৱাৰ চেষ্টা চলাই । ফলত ৰাজপথৰ পৰা জংঘলত সোমাই কোনোমতে প্ৰাণ ৰক্ষা পৰে চাইকেল আৰোহী দুজন ।
![truck-driver-punished-by-public-in-nagaon](https://etvbharatimages.akamaized.net/etvbharat/prod-images/as-ngn-801-13nov-truck-driver-punished-visbite-7203829_13112020084342_1311f_1605237222_359.jpg)
ইফালে,ঘটনাৰ পৰৱৰ্তী সময়ত স্থানীয় ৰাইজৰ তৎপৰতাত জব্দ হয় ট্ৰাকখন । ৰাইজে জব্দকৃত ট্ৰাকখনৰ নম্বৰ AS-23G0-1811 বুলি জানিব পৰা গৈছে ৷
উল্লেখ্য যে,ৰাইজৰ অভিযোগ ট্ৰাকখনৰ চালকজনে অত্যাধিক সুৰাপান কৰি ৰাজপথত গাড়ী চলোৱাৰ বাবে ৰাইজে চালকজনক উত্তম মধ্যম দিয়ে ৷
লগতে পঢ়ক : মন্ত্ৰী পীয়ূষ হাজৰিকাক শীঘ্ৰেই স্থিতি স্পষ্ট কৰাৰ আহ্বান জোনবিল মেলা সমিতিৰ