ETV Bharat / state

সাত বজাৰ শীৰ্ষ দহ বাতৰি...

author img

By

Published : Sep 24, 2020, 7:30 PM IST

সাত বজাৰ শীৰ্ষ দহ বাতৰি...

TOP 10 @ 7 PM
সাত বজাৰ শীৰ্ষ দহ বাতৰি...

অষ্ট্ৰেলিয়ান ক্ৰিকেটাৰ ডীন স্মিথৰ দেহাৱসান

বৃহস্পতিবাৰে কাৰ্ডিয়েক এৰেষ্টত আক্ৰান্ত হৈ মুম্বাইত দেহাৱসান ঘটে অষ্ট্ৰেলিয়ান ক্ৰিকেটাৰ ডীন স্মিথৰ ৷ তেওঁৰ মৃত্যুই ব্যাপক শোকৰ ছাঁ পেলাইছে ক্ৰিকেট জগতত ৷

ৰাজপথত জ্বলিল মুখ্যমন্ত্ৰীৰ পুত্তলিকা

ধেমাজি জিলা ছাত্ৰ সন্থাৰ সদস্যসকলে সাব্যস্ত কৰে চৰকাৰ বিৰোধী প্ৰতিবাদ ৷ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ পুত্তলিকা দাহেৰে প্ৰতিবাদ সাব্যস্ত কৰে আছুৰ নেতা-কৰ্মীসকলে ৷

কৃষকৰ‌ পাছত শ্ৰমিক সকলৰ প্ৰতি অন্যায় কৰিছে চৰকাৰেঃ ৰাহুল গান্ধী

ৰাহুল গান্ধীয়ে সংসদত পাছ হোৱা শ্ৰম শুধৰণিৰ সৈতে জড়িত তিনিখন বিধেয়কক লৈ বৃহস্পতিবাৰে কেন্দ্ৰ চৰকাৰক আক্ৰমণৰ লক্ষ্য কৰি ল‌য়। লগতে কৃষকসকলৰ পাছতে এইবাৰ শ্ৰমিক সকলৰ লগত চৰকাৰে অন্যায় কৰা‌ বুলি অভিযোগ উত্থাপন কৰে ।

হোটেল ভাৰ্গৱত মহানগৰ ক্ৰাইম ব্ৰাঞ্চ আৰু চিআইডিৰ হাতোৰা

চাকৰিৰ খালী পদত নিযুক্তি সন্দৰ্ভত পোহৰলৈ অহা কেলেংকাৰীয়ে তোলপাৰ লগাইছে ৰাজ্য ৷ অসম আৰক্ষীৰ মহানগৰ অপৰাধ শাখা আৰু চিআইডি-য়ে যুটীয়াভাৱে চলোৱা অভিযানত নাম সাঙোৰ খাইছে নামী-দামী ৰাজনৈতিক নেতা-পালিনেতাৰ ৷ সম্প্ৰতিও অব্যাহত আছে এই অভিযান ৷

স্বাৱলম্বিতাৰ পথ প্ৰশস্ত কৰি টীয়কৰ এদল মহিলা

যি সয়মত কৰ'ণা মহামাৰীৰ প্ৰাদুৰ্ভাৱে ভিন্ন ক্ষেত্ৰৰ লগত জড়িত লোকৰ জীৱনলৈ আৰ্থিক মন্দাৱস্থাৰ দৰে দুৰ্যোগ নমাই আনিছে, তেনে সময়তে ব্যতিক্ৰমী পদক্ষেপেৰে মাস্ক বিক্ৰী কৰি পোৱা টকাৰ লাভাংশৰে টীয়কৰ একাংশ মহিলাই প্ৰশস্ত কৰিছে স্বাৱলম্বীতাৰ পথ ৷

শৰীৰ চৰ্চাৰ জৰিয়তে বিশ্ব জয় কৰাৰ সপোন এজন যুৱকৰ

ৰাজ্যৰ এজন উদীয়মান শৰীৰ চৰ্চাবিদ। বহুকেইটা ৰাষ্ট্ৰীয় পৰ্যায়ৰ প্ৰতিযোগিতাত অংশগ্ৰহণ কৰি ৰাজ্যলৈ গৌৰৱ কঢ়িয়াই আনিছে তেঁও। নাম প্ৰজেশ দাস । তেঁও লাভ কৰিছে কেইবাটাও ৰাষ্ট্ৰীয় পুৰষ্কাৰ । তেঁওৰ সপোন অলিম্পিয়াত অংশ গ্ৰহণ কৰি বিশ্ব জয় কৰা ।

কৃষি বিধেয়কৰ বিৰোধিতাৰে যোৰহাটত আপৰ প্ৰতিবাদ

কৃষি বিধেয়কৰ বিৰোধীতা আম আদমী পাৰ্টীৰ ৷ কৃষি বিধেয়কখনৰ বিৰোধীতাৰে যোৰহাটত প্ৰতিবাদ সাৱ্যস্ত ৷ জিলা উপায়ুক্তৰ জড়িয়তে ৰাষ্ট্ৰপতিলৈ পত্ৰ প্ৰেৰণ ৷

বিধ্বংসী ৰূপ ধাৰণ আই নদীৰ খহনীয়াৰ

চিৰাঙত অব‍্যাহত আই নৈৰ খহনীয়া ৷ ভূটানৰ পৰা অহা বাঢ়নী পানীৰ ফলত পুনৰাই উফন্দি উঠিছে আই নৈৰ বক্ষ ৷ ফলত চপৰা-চপৰে বিস্তীৰ্ণ ভূমি জাহ গৈছে নদীৰ বুকুত ৷ আজিলৈকে সমাধান নহ’ল এই সমস্যা ৷

বঙাইগাঁৱত অচিন ৰোগত আক্ৰান্ত হৈছে শ শ বিঘাৰ ধান খেতি

বঙাইগাঁৱত অচিন ৰোগত উচন হ’বলৈ ধৰিছে শ শ বিঘা ভূমিৰ ধান খেতি ৷ কোনো অচিন ৰোগত ক্ৰমাৎ শুকাই যাবলৈ ধৰিছে ধাননি সমূহ ৷ ঔষধেও কোনো কাম নিদিয়াত দুঃশ্চিন্তাত ভুগিছে খেতিয়ক ৰাইজ ৷ ধানৰ গুটি লাগিবৰ সময়তে অহা এই দুৰ্যোগৰ ফলত এতিয়া মূৰে কপালে হাত দিছে কৃষকসকলে

যুৱকৰ মৃত্যুক লৈ নাৰায়ণপুৰত চাঞ্চল্য

নাৰায়ণপুৰৰ মধুপুৰত অৰ্ধমৃত অৱস্থাত উদ্ধাৰ হৈছে এজন লোক ৷ নিশা ঘৰৰ পৰা ওলাই যোৱা বুলি সন্দেহ প্ৰকাশ কৰাৰ লগতে বৰ্তমানো এয়া হত্যাকাণ্ড নে আত্মহত্যা জানিব পৰা হোৱা নাই ।

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.