18 ফেব্ৰুৱাৰীৰ পৰা পৰ্যটকৰ বাবে মুকলি ৰামোজী ফিল্ম চিটি
অৱশেষত পৰ্যটকৰ বাবে মুকলি কৰা হ’ব ৰামজী ফিল্ম চিটি ৷ হায়দৰাবাদৰ অন্যতম জনপ্ৰিয় পৰ্যটনস্থলী কেন্দ্ৰটো 18 ফেব্ৰুৱাৰীৰ পৰা মুকলি কৰি দিয়া হ’ব পৰ্যটকৰ বাবে ৷ পূৰ্বৰ দৰেই চিনেমেজিক, লেজাৰ তথা অন্য বিনোদনসমূহ উপভোগৰ সুযোগ লাভ কৰিব পৰ্যটকে ৷
চৰম প্ৰাকৃতিক দুৰ্ঘটনাৰ গৰাহত হিমালয় ৰাজ্যসমূহ
গৱেষক জে এম মৰাৰ, জে এম শ্বেইফাৰ, এছ ৰুপাৰ আৰু এ ক’ৰলিয়ে হিমালয়ৰ হিমবাহৰ বিষয়ে কৰা এক অধ্যয়নৰ পৰা জানিব পৰা গৈছে যে, ২০০০-২০১৬ চনৰ কালচোৱাত হিমালয়ৰ হিমবাহৰ গলন প্ৰক্ৰিয়া দুগুণলৈ বৃদ্ধি পাইছিল ৷
সজাগতা সৃষ্টিৰ লক্ষ্যৰে চাইকেলেৰে অসম ভ্ৰমণ যুৱকৰ
পৰিৱেশ সংৰক্ষণৰ সজাগতা সৃষ্টিৰ লক্ষ্যৰে চাইকেলেৰে অসম ভ্ৰমণ কৰিব নগাঁৱৰ এজন যুৱকে । সোমবাৰে নগাঁৱৰ যুৱকজনে আৰম্ভ কৰে এই যাত্ৰা । প্ৰকৃতিপ্ৰেমী সংগঠনৰ সৈতে জড়িত যুৱকজনে প্ৰদূষণ ৰোধৰ বাবে সম্ভৱ অনুযায়ী সকলোকে চাইকেল চলাবলৈ আহ্বান জনায় ৷
হেলমেটবিহীন চালকলৈ আৰক্ষীৰ উপহাৰ !
ভাৰতত সচেতনতাৰ অভাৱতে পথ দুৰ্ঘটনাত মৃত্যু হয় বহুসংখ্যক লোকৰ ৷ সম্প্ৰতি চলি থকা পথ সুৰক্ষা মাহ উপলক্ষে কেন্দ্ৰীয় পথ পৰিবহণ মন্ত্ৰালয়ে দুৰ্ঘটনা ৰোধৰ উদ্দেশ্যে গ্ৰহণ কৰিছে বিভিন্ন প্ৰকাৰৰ কাৰ্যসূচী ৷ সমগ্ৰ দেশ জুৰি 18 জানুৱাৰীৰ পৰা 17 ফেব্ৰুৱাৰীলৈকে মাহজোৰা কাৰ্যসূচী গ্ৰহণ কৰিছে মন্ত্ৰালয়ে ৷
বিশ্ববিদ্যালয় স্থাপনৰ খবৰত উৎফুল্লিত গোলকগঞ্জবাসী
ধুবুৰী জিলাৰ গোলকগঞ্জ চিলাৰায় মহাবিদ্যালয়ক শেহতীয়া বাজেট অধিৱেশনৰ লেখানুদানত বিশ্ব মহাবীৰ চিলাৰায় বিশ্ববিদ্যালয় হিচাপে ঘোষণা কৰাত উৎফুল্লিত হৈ পৰিছে গোলকগঞ্জবাসী ৷
ৰাজ্যত আলি আয়ে লিগাঙৰ প্ৰস্তুতি তুংগত
১৬-১৭ ফেব্ৰুৱাৰীত দুদিনীয়া কাৰ্যসূচীৰে নাৰায়ণপুৰত উদযাপন কৰা হ’ব আলি আয়ে লিগাং ৷ যাৰ বাবে নাৰায়ণপুৰত চলিছে ব্যাপক প্ৰস্তুতি ৷
ৰাইজৰ কাষত এতিয়া সহজলভ্য নেতাৰ উপস্থিতি !
সোমবাৰে সাংসদ পুঁজিৰ জৰিয়তে নিৰ্মাণ কৰা ৰহা সমষ্টিৰ গৰুবাট মৌজাৰ কচুৱা ৰমণীপথাৰ শিমলুগুৰি সংযোগী বৰপানী নৈৰ ওপৰত এখন কাঠৰ দলং মুকলি কৰে সাংসদ প্ৰদ্যুৎ বৰদলৈয়ে ৷ দলঙখন মুকলি কৰাৰ লগতে ৰহাত কেইবাটাও আধাৰশিলা স্থাপন কৰে সাংসদ গৰাকীয়ে ৷
সিদ্ধিদাতাৰ পূজা-অৰ্চনাৰে মুখৰিত ৰাজ্য
সোমবাৰে গণেশ চতুৰ্থী উপলক্ষে বঙাইগাঁও-অভয়াপুৰীৰ সমীপৰ 1000 বছৰ পুৰণি লালমাটি দুৰামাৰীৰ গণেশ মন্দিৰত পুৱাৰে পৰা আশীষ ল’বলৈ ভক্তৰ সোঁত বোৱা পৰিলক্ষিত হৈছে ৷
শিলচৰত ৰাহুল গান্ধীৰ পুত্তলিকা দাহ
ৰাহুল গান্ধীয়ে শিৱসাগৰত নিৰ্বাচনী সভাত নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে কৰা মন্তব্যৰ বিৰুদ্ধে বিজেপিৰ প্ৰতিবাদ ৷ কাছাৰৰ বিজেপিৰ যুৱ মৰ্চাই প্ৰতিবাদী সমদল বাহিৰ কৰি কংগ্ৰেছ নেতাগৰাকীৰ বিৰুদ্ধে সাব্যস্ত কৰে প্ৰতিবাদ ৷
সোমবাৰে নিশা প্ৰায় 10 বজাত কৰিমগঞ্জ চহৰৰ মাজ-মজিয়াতে থকা চৰ বজাৰৰ সমীপত সংঘটিত হৈছে ভয়ংকৰ অগ্নিকাণ্ড ৷ চিলিণ্ডাৰ বিস্ফোৰণৰ ফলত এই অগ্নিকাণ্ডৰ সূত্ৰপাত হোৱাৰ আশংকা কৰিছে অঞ্চলবাসীয়ে ৷