ETV Bharat / state

কৰ'ণাৰ ভয়াৱহ গণ সংক্ৰমনৰ দিশে নগাঁও জিলা

author img

By

Published : Jul 28, 2020, 7:17 PM IST

মঙলবাৰে নগাঁও স্বাস্থ্য বিভাগে ৰেপিড এন্টিজেন টেষ্টৰ জৰিয়তে কৰ'ণা পৰীক্ষণৰ প্ৰক্ৰিয়া আৰম্ভ কৰিছে ৷ নগাঁৱৰ মৰিগাঁও বাছ আস্থানত আৰম্ভ কৰা মোবাইল এন্টিজেন টেষ্টত পোহৰলৈ আহিছে ভয়াৱহ গণ সংক্ৰমনৰ তথ্য। বিভিন্ন ব্যবসায়ী,বাছ চালক,পাচলি ব্যবসায়ী আদিক কৰা টেষ্টত বহু কেইজনৰ দেহত ক'ভিড পজিটিভ পোৱা গৈছে ৷ ইফালে, নগাঁও বিশেষ কাৰাগাৰতো 2 গৰাকী হাজোতীৰ দেহত ধৰা পৰিছে কৰ'ণা ভাইৰাছৰ উপস্থিতি ৷

TODAY 24 NEW CORONA POSITIVE CASES FOUND IN ASSAM NAGAON
কৰ'ণাৰ ভয়াৱহ গণ সংক্ৰমনৰ দিশে নগাঁও জিলা

নগাঁও,28 জুলাই : অসমত প্ৰতিদিনেই ব্যাপক হাৰত বৃদ্ধি পাই আহিছে ক'ভিড আক্ৰান্ত লোকৰ সংখ্যা ৷ স্বাস্থ্য বিভাগ তথা প্ৰশাসনৰ লোকসকলো সময়তে সষ্টম হৈ আছে যদিও ৰোধ কৰিব পৰা নাই কৰ'ণাৰ গণ সংক্ৰমণ ৷ ৰাজ্যৰ অন্য জিলাৰ লগতে নগাঁও জিলাতো কৰ'ণা ভাইৰাছে গণ সংক্ৰমণৰ ৰূপ ধাৰণ কৰিছে ৷

মঙলবাৰে নগাঁও স্বাস্থ্য বিভাগে ৰেপিড এন্টিজেন টেষ্টৰ জৰিয়তে কৰ'ণা পৰীক্ষণৰ প্ৰক্ৰিয়া আৰম্ভ কৰিছে ৷ নগাঁও-মৰিগাঁও বাছ আস্থানত আৰম্ভ কৰা মোবাইল এন্টিজেন টেষ্টত পোহৰলৈ আহিছে ভয়াৱহ গণ সংক্ৰমণৰ তথ্য । বিভিন্ন ব্যবসায়ী,বাছ চালক,পাচলি ব্যবসায়ী আদিক কৰা টেষ্টত বহু কেইজনৰ দেহত ক'ভিড পজিটিভ পোৱা গৈছে ৷

প্ৰশাসনৰ শেহতীয়া তথ্য অনুসৰি,বিয়লি 5 বজালৈ কৰা টেষ্টত মুঠ 24 জন লোক কৰ'ণাত আক্ৰান্ত হৈছে ৷ ইফালে,নগাঁও বিশেষ কাৰাগাৰতো 2 গৰাকী হাজোতীৰ দেহত ধৰা পৰিছে কৰ'ণা ভাইৰাছৰ উপস্থিতি ৷ যাৰা বাবে কাৰাগাৰখনত সৃষ্টি হৈছে তীব্ৰ আতংকৰ ৷

উল্লেখ্য যে, 27 জুলাইত স্বাস্থ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ টুইট অনুসৰি,অসমত সৰ্বমুঠ কৰ'ণা আক্ৰান্ত লোকৰ সংখ্যা 33575 গৰাকী ৷ সুস্থ হোৱা ৰোগীৰ সংখ্যা 25402 গৰাকী ৷ চিকিৎসাধীন হৈ থকা ৰোগীৰ সংখ্যা 8085 গৰাকী ৷ একেদৰে মৃত্যু হোৱা ৰোগীৰ সংখ্যা 86 গৰাকী ৷

লগতে পঢ়ক : ৰঙাপৰাত বনৰীয়া হাতীৰ উপদ্ৰৱ: সা-সম্পত্তিৰ ক্ষতিসাধন

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.