ETV Bharat / state

ৰুগীয়া দম্পতীক গৃহ নিৰ্মান কৰি শিলঘাটত মানৱতাৰ নিদৰ্শন - মহানুভৱতাক শলাগিছে অঞ্চলবাসীয়ে ৷

অসহায় দম্পতীক গৃহ নিৰ্মান কৰি কলিয়াবৰত মানৱতাৰ নিদৰ্শন ৷ সাংবাদিকৰ বাতৰিৰ পিছতে সহায়ৰ হাত বহুলোকৰ ৷ ব্যক্তি কেইজনৰ এই প্ৰচেষ্টাক শলাগিছে অঞ্চলবাসীয়ে ৷

To Help Poor Gopal Dey of Silghat
ৰুগীয়া দম্পতিক গৃহ নিৰ্মান কৰি শিলঘাটত মানৱতাৰ নিদৰ্শন
author img

By

Published : May 8, 2020, 10:48 AM IST

কলিয়াবৰ, 8 মে' : কলিয়াবৰৰ শিলঘাটৰ এটা দৰিদ্ৰ পৰিয়ালক গৃহ নিৰ্মান কৰি মানৱতাৰ নিদৰ্শন দাঙি ধৰিলে কেইজনমান হৃদয়ৱান লোকে ৷ গোপাল দে আৰু কালামণি নামৰ বৃদ্ধা দম্পতিহালক গৃহ নিৰ্মান কৰি দিবৰ বাবে আগবাঢ়ি আহিল মহকুমাধিপতি বিতোপন নেওগৰ লগতে স্থানীয় ব্যৱসায়ী পলাশ বৰা ৷

ঘটনাৰ বিৱৰণ অনুসৰি, গোপাল দে নামৰ 70 বছৰীয়া ব্যক্তিজন অসম সমবায় মৰাপাট কলৰ অৱসৰপ্ৰাপ্ত শ্ৰমিক । অৱসৰ গ্ৰহণ কৰাৰ পিছতে ব্যক্তিজনে হেৰুৱালে দৃষ্টি শক্তি ৷ আনকি গোপাল দেৰ পত্নী কালামনি নামৰ মহিলা গৰাকীয়েও বহু বছৰৰ পৰা পক্ষাঘাট ৰোগত আক্ৰান্ত ৷ যাৰবাবে তিনিজন পুত্ৰ থাকিও বৰ্তমান অসহায় দম্পতীহাল ৷ কিয়নো পুত্ৰৰো নাই সহায় কৰিবলৈ সম্বল ৷ সাঁচতীয়া ধনৰে যিমান পাৰে চলিলে যদিও বৰ্তমান দম্পতিহালৰ জীৱনলৈ নামি আহিছে ভয়ংকৰ দুৰ্যোগ ৷ ঘৰ বুলিবলৈ কেৱলমাত্ৰ চালিৰ তলতে জীৱন-যাপন কৰা দম্পতিহাল ক্ৰমান্বয়ে চলা-ফুৰা কৰিব নোৱাৰা হৈ পৰিছে ৷ স্থানীয় লোকে সহায় আগবঢ়াই যদিও সকলো সময়তে পৰ্যাপ্ত নহয় তেওঁলোকৰ সহায় ৷

ৰুগীয়া দম্পতিক গৃহ নিৰ্মান কৰি শিলঘাটত মানৱতাৰ নিদৰ্শন

পৰৱৰ্তী সময়ত বৃদ্ধা দম্পতীহালৰ দুৰৱস্থাৰ বাতৰি স্থানীয় সাংবাদিকে প্ৰচাৰ কৰাৰ পিছতে বৰ্তমান আগবাঢ়ি আহিছে বহু কেইজন লোক ৷ স্থানীয় ব্যৱসায়ী তথা অসম সমবায় মৰাপাট কলৰ উপ-সভাপতি পলাশ বৰাই দম্পতীহালক গৃহ নিৰ্মান কৰিবলৈ প্ৰতিশ্ৰুতি প্ৰদান কৰিলে ৷

আনহাতে কলিয়াবৰৰ মহকুমাধিপতি বিতোপন নেওগেও দম্পতীহালক সকলো প্ৰকাৰৰ সহায় কৰাৰ দায়িত্ব ল'লে ৷

ব্যক্তি কেইজনৰ এই মহানুভৱতাক শলাগিছে অঞ্চলবাসীয়ে ৷

লগতে পঢ়ক : একেদিনাই অসমত 8 গৰাকী COVID-19ত আক্ৰান্ত চিনাক্ত

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.