টিংখাং,11 জানুৱাৰীঃ শুকুৰবাৰে সমগ্ৰ দেশতে বলৱৎ কৰা হ’ল নাগৰিকত্ব (সংশোধনী) আইন, 2019 ৷ দেশজুৰি চলি থকা তীব্ৰ প্ৰতিবাদকো আওকাণ কৰি ৰাজপত্ৰিত অধিসূচনা জাৰি কৰিলে কেন্দ্ৰীয় চৰকাৰে ৷ ইয়াকে লৈ সম্প্ৰতি সৰৱ হৈ পৰিছে ৰাজ্যৰ বিভিন্ন দল-সংগঠন ৷ টিংখাঙৰ ৰাজগড়ত আটাছু ৰাজগড় আঞ্চলিক সমিতি,আছা আৰু AJYCPয়ে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে ৷ মৰাণ-নাহৰকটীয়া পথত টায়াৰ জ্বলাই প্ৰতিবাদ সাব্যস্ত কৰে প্ৰতিবাদকাৰীসকলে ৷
বটদ্ৰৱাঃ সমান্তৰালকৈ বটদ্ৰৱাটো ক’লা পতাকা উত্তোলন কৰি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে প্ৰতিবাদ কৰে ৷ বটদ্ৰৱা সমষ্টিৰ বিভিন্ন চৰকাৰী কাৰ্যালয়ৰ সন্মুখত অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে উত্তোলন কৰে ক’লা পতাকা ৷ আনহাতে,সমষ্টিটোৰ বিধায়িকা আঙুৰলতা ডেকাই জাতিধ্বংসী আইনখনক লৈ নিৰৱ হৈ থকাৰ বাবে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ ৰাইডঙীয়া আঞ্চলিক সমিতিয়ে সমষ্টিত নিষিদ্ধ কৰে বিধায়িকাগৰাকীক ৷
লগতে পঢ়ক-হাফলং-শিলচৰ ঘাইপথ নিৰ্মাণৰ বাবে 54 কোটি 27 লাখ টকা মুকলি