ETV Bharat / state

এতিয়াৰে পৰা কাজিৰঙাৰে পাৰ হোৱা তীব্ৰবেগী বাহনে ভৰিব লাগিব জৰিমনা - কাৰ্বি পাহাৰ

কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানখন বাৰিষা বানত ডুবাৰ পিছতে অবৰ্ণনীয় পৰিস্থিতি সৃষ্টি হয় জীৱ-জন্তুবোৰৰ মাজত ৷ বহু প্ৰাণী বানৰ প্ৰকোপৰ পৰা ৰক্ষা পাবলৈ ঢাপলি মেলে ওখ পাহাৰলৈ ৷ ফলত 37 নং ৰাষ্ট্ৰীয় ঘাইপথত বাহনৰ খুন্দাত মৃত্যু ঘটে বহু জীৱৰ ৷ কিন্তু এই মৃত্যুৰ সংখ্যা হ্ৰাস কৰিবলৈ উদ্যান কৰ্তৃপক্ষই এইবেলি গ্ৰহণ কৰিছে বিশেষ ব্যৱস্থা ৷

কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান
কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান
author img

By

Published : Aug 29, 2021, 1:20 PM IST

Updated : Aug 29, 2021, 1:25 PM IST

কলিয়াবৰ, 29 আগষ্ট : ‘কাজিৰঙা বৰ ধুনীয়া, একোৰেই নাই তুলনা’ ৷ সঁচাকৈয়ে মনোমোহা প্ৰকৃতিৰ ভিন্ন ৰঙেৰে জীপাল হৈ থকা কাজিৰঙা ৷ কিন্তু বাৰিষাৰ বানে কাজিৰঙাৰ এক বিপৰীত ছবিহে প্ৰতিফলিত কৰে ৷ উদ্যানখন বানত ডুবাৰ পিছতে অবৰ্ণনীয় পৰিস্থিতি সৃষ্টি হয় ইয়াৰ জীৱ-জন্তুবোৰৰ মাজত ৷

বানৰ কবলত কাজিৰঙা
বানৰ কবলত কাজিৰঙা

এইবেলি বাৰিষাৰ প্ৰথমচোৱা সময়ত মাত্ৰা কম আছিল বৰষুণৰ ৷ কিন্তু শেহতীয়াকৈ ৰাজ্যত বৰষুণৰ মাত্ৰা ক্ৰমাৎ বৃদ্ধি পোৱাত জলস্তৰ বৃদ্ধি পাবলৈ ধৰে ব্ৰহ্মপুত্ৰকে ধৰি আন আন নৈ-উপনৈসমূহৰ ৷ সেয়ে এতিয়া ভদীয়া বানৰ কবলত পৰিছে সমগ্ৰ ৰাজ্য ৷

কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান
মিহিমুখ ৰেঞ্জৰ প্ৰৱেশদ্বাৰ

ব্ৰহ্মপুত্ৰৰ জলস্তৰ বৃদ্ধি হোৱা মানেই ৰাজ্যবাসীলৈ একপ্ৰকাৰৰ অশনি সংকেতৰ আগমন ৷ লুইতৰ বাঢ়নী পানীয়ে ইতিমধ্যে ৰাজ্যৰ অধিকাংশ অঞ্চল বুৰাইছে ৷ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানো স্পৰ্শ কৰিছে লুইতৰ বাঢ়নী পানীয়ে ৷ বলীয়া বানৰ পৰা পৰিত্ৰাণ বিচাৰি প্ৰতিবাৰে উদ্যানখনৰ জীৱ-জন্তুই ঢাপলি মেলে সমীপতে থকা বুঢ়াপাহাৰ বনাঞ্চলৰ কাৰ্বি পাহাৰৰ দিশে ৷

এটি গঁড়ে আশ্ৰয় লৈছে 37 নং ৰাষ্ট্ৰীয় ঘাইপথত

কিন্তু প্ৰতিবাৰে উদ্যানখনৰ মাজেৰে পাৰ হোৱা 37 নং ৰাষ্ট্ৰীয় ঘাইপথ পাৰ হওতে তীব্ৰবেগী বাহনৰ খুন্দাত মৃত্যুমুখত পৰে একাধিক বন্য জীৱ ৷ এইবেলিও উদ্যানখনৰ কেইবাটাও বন শিবিৰ বুৰ গৈছে বানত ৷ সেয়ে ৰাষ্ট্ৰীয় উদ্যান কৰ্তৃপক্ষই যান-বাহনৰ যাতায়াতত শেনচকু ৰখাৰ উদ্দেশ্যে মুকলি কৰিছে টাইম কাৰ্ড ৷

কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত বান

এই টাইম কাৰ্ড অনুসৰি, ৰাষ্ট্ৰীয় ঘাইপথটো পাৰ হওতে প্ৰতিখন বাহনে সৰ্বাধিক 40 কিল’মিটাৰ বেগত চলাব পাৰিব গাড়ী ৷ নিৰ্ধাৰিত speed limit ভংগ কৰিলে বাহনৰ গৰাকীয়ে ভৰিব লাগিব নুন্যতম 5000 টকাৰ জৰিমনা ৷

37 নং ৰাষ্ট্ৰীয় ঘাইপথ
কঠোৰ হৈছে উদ্যান কৰ্তৃপক্ষ

উদ্যানখনত বাস কৰা জীৱ-জন্তুবোৰৰ মৃত্যু ৰোধ কৰাৰ উদ্দেশ্যে উদ্যান কৰ্তৃপক্ষই এই ব্যৱস্থা গ্ৰহণ কৰিছে ৷ বাৰিষাৰ বান সম্প্ৰতি উদ্যানখনৰ বাবে একপ্ৰকাৰৰ অভিশাপ নহৈ আশীৰ্বাদ স্বৰূপহে হৈ পৰিছে ৷

কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান
37 নং ৰাষ্ট্ৰীয় ঘাইপথ

কিয়নো বানে উদ্যানখনৰ ভিতৰৰ জলাশয়সমূহত গেলি-পচি যোৱা অংশসমূহ চাফা কৰি নিয়ে ৷ বানৰ প্ৰকোপ হ্ৰাস পোৱাৰ পিছত এলেকাসমূহত নতুনকৈ ঘাঁহ-বন গজিব ধৰে ৷ সেই ঘাঁহ উদ্যানত বাস কৰা তৃণভোজী প্ৰাণীসমূহৰ উপযুক্ত খাদ্য হৈ পৰে ৷

লগতে চাওক: গ্ৰেপ্তাৰ হ’ল কাজিৰঙাৰ গড় চিকাৰৰ মাষ্টাৰ মাইণ্ড

Last Updated : Aug 29, 2021, 1:25 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.