কলিয়াবৰ, ২২ অক্টোবৰ : অসমীয়া সংবাদ জগতৰ পিতামহ স্বৰূপ তিলক হাজৰিকাৰ মৃত্যু দিৱসত (Tilak Hazarika death anniversary at Kaliabor) কলিয়াবৰ প্ৰেছ ক্লাবৰ সশ্ৰদ্ধ সোঁৱৰণ (Kaliabor Press Club) । কলিয়াবৰ প্ৰেছ ক্লাবৰ ৰূপালী জয়ন্তী বৰ্ষৰ লগত সংগতি ৰাখি বিশিষ্ট সাংবাদিকগৰাকীৰ সপ্তম মৃত্যু দিৱসত আয়োজন কৰা হয় এখন তৰ্ক প্ৰতিযোগিতা (Tilak Hazarika memorial debate competition) ।
কলিয়াবৰ প্ৰেছ ক্লাবৰ উদ্যোগত আৰু কলিয়াবৰ মহাবিদ্যালয়ৰ আতিথ্যত শনিবাৰে নৱমৰ পৰা দ্বাদশ শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীৰ মাজত অনুষ্ঠিত এই তৰ্ক প্ৰতিযোগিতাত কলিয়াবৰ মহকুমাৰ ১০ খন শিক্ষানুষ্ঠানৰ ৪০ প্ৰতিযোগীয়ে অংশগ্ৰহণ কৰে । প্ৰতিযোগিতাৰ আৰম্ভণিতে প্ৰয়াত সাংবাদিকগৰাকীৰ প্ৰতিচ্ছবিত শ্ৰদ্ধাঞ্জলি তৰ্পণ কৰে কলিয়াবৰ প্ৰেছ ক্লাবে ।
কলিয়াবৰ মহাবিদ্যালয়ৰ অধ্যক্ষ ডঃ হিৰণ্য কুমাৰ চলিহাই বন্তি প্ৰজ্বলনেৰে শুভাৰম্ভ কৰা শ্ৰদ্ধাঞ্জলি অনুষ্ঠানটোত উপস্থিত থাকি সাংবাদিকগৰাকীৰ কন্যা মঞ্জুৰী বৰাই পিতৃক স্মৰণ কৰাৰ লগতে নৱ-প্ৰজন্মক বৌদ্ধিক ক্ষেত্ৰলৈ আগবঢ়াই অনাৰ বাবে কলিয়াবৰ প্ৰেছ ক্লাবৰ পদক্ষেপৰ শলাগ লয় । উল্লেখযোগ্য যে কলিয়াবৰ প্ৰেছ ক্লাবৰ ৰূপালী বৰ্ষ উদ্যাপনৰ বৰ্ষজোৰা কাৰ্যসূচীৰ অন্তৰ্গত কলিয়াবৰ মহকুমাৰ বিদ্যালয়সমূহৰ মাজত অনুষ্ঠিত হৈছে তৰ্ক প্ৰতিযোগিতা ।
উল্লেখ্য, তিলক হাজৰিকা অসমৰ এজন অত্যন্ত সন্মানীয় সাংবাদিক আছিল । তেওঁক সংবাদ জগতৰ মহীৰূহ হিচাবে আখ্যায়িত কৰা হয় । এগৰাকী প্ৰতিশ্ৰুতিবদ্ধ সম্পাদক আৰু হাস্যৰস থকা লেখক, তিলক হাজৰিকাৰ জীৱনটো কলম আৰু কাগজৰ মাজতেই বিচৰণ কৰি আছিল ।
তিলক হাজৰিকাৰ জন্ম হৈছিল ১৯২১ চনৰ ৩ অক্টোবৰত কলিয়াবৰৰ শিলঘাট সোণাৰি গাঁৱত । তিলক হাজৰিকাই কুঁৱৰীটোল হাইস্কুলত শিক্ষক হিচাপে কৰ্মজীৱন আৰম্ভ কৰিছিল । তেওঁ স্বাধীনতা আন্দোলনতো অংশগ্ৰহণ কৰিছিল ।
১৯৪৯ চনত তেওঁ বিশিষ্ট কবি দেৱকান্ত বৰুৱাৰ অধীনত 'নতুন অসমীয়া'ত উপ-সম্পাদক হিচাপে যোগদান কৰে । তাৰ পৰাই তেওঁৰ সাংবাদিকতাৰ কেৰিয়াৰ আৰম্ভ হয় । তেওঁক ১৯৫১ চনত সম্পাদকৰ পদলৈ উন্নীত কৰা হৈছিল । পিছত তেওঁ ১৯৫৭ চনত অসম ট্ৰিবিউন গোষ্ঠীৰ দ্বাৰা প্ৰকাশিত 'অসম বাণী'ত সম্পাদক হিচাপে যোগদান কৰে ।
অৱশেষত তেওঁ প্ৰতিদিন গোষ্ঠীৰ 'সাদিন'ত যোগদান কৰে । তেওঁৰ মুখ্য সম্পাদনাত 1989 চনত সাদিন কাকতৰ প্ৰকাশন আৰম্ভ হয় আৰু তেওঁৰ মৃত্যুলৈকে (28 বছৰ) তাত সেৱা অব্যাহত ৰাখিছিল । অসম আন্দোলনৰ সময়ত বাতৰিকাকতৰ ভূমিকা গুৰুত্বপূৰ্ণ আছিল । সেয়ে আন্দোলনৰ সমৰ্থনত তেওঁৰ প্ৰভাৱশালী স্তম্ভ লেখা 'প্ৰাসঙ্গিক'ৰ বাবে সন্মান আৰু প্ৰশংসা লাভ কৰিছিল ।
'সাদিন-প্ৰতিদিন' গোষ্ঠীৰ আত্মা হিচাপে গণ্য কৰা হৈছিল প্ৰয়াত তিলক হাজৰিকাক । তেওঁ ছয় দশকৰো অধিক সময় সাংবাদিকতাত আছিল আৰু অসমত সাংবাদিকতাৰ ক্ষেত্ৰত এটা ধাৰা সৃষ্টি কৰিছিল । অসমৰ বহুতো জ্যেষ্ঠ সাংবাদিকেও তেওঁৰ ছাতিৰ তলতে সাংবাদিকতা শিকিছে ।
লগতে পঢ়ক : Diwali 2022 in Assam: ৰাজ্যৰ চৌদিশে পোহৰৰ উৎসৱক লৈ ব্যস্ততা বাঢ়িছে মৃৎ শিল্পীৰ