বঢ়মপুৰ,১৮ ফেব্ৰুৱাৰী: ৰাজ্যত অব্যাহত আছে কাঠৰ চোৰাং বেহা । নগাঁৱৰ কঠিয়াতলীৰ এঘাৰমাইলত জব্দ বৃহৎ পৰিমাণৰ পাহাৰীয়া কাঠ । নগাঁও, কঠিয়াতলী আৰু মদাৰতলী বন বিভাগৰ যুটীয়া অভিযানত হিলচ্ টিম্বাৰ চপ নামৰ এখন কাঠৰ দোকানৰ পৰা জব্দ কৰে লক্ষাধিক টকাৰ চোৰাং কাঠসমূহ ৷ কিন্তু চৰকাৰী অনুজ্ঞাপত্ৰ থকা কাঠৰ বিপণীত এনেদৰে চোৰাং কাঠ উদ্ধাৰ হোৱাৰ পিছতে এতিয়া বিভিন্ন মহলত প্ৰশ্ন উদয় হৈছে ।
বহুতে প্ৰশ্ন কৰিছে চৰকাৰী অনুজ্ঞাপত্ৰ থকা বিপণীসমূহৰ জৰিয়তে চোৰাং কাঠৰ ব্যৱসায় চলোৱা হয় নেকি ? বহুতে আকৌ বন বিভাগৰ ছত্ৰছায়াতে কাঠৰ দোকানসমূহত পাহাৰীয়া কাঠৰ ৰমৰমীয়া ব্যৱসায় চলে নেকি বুলিও প্ৰশ্ন উত্থাপন কৰিছে ৷
লগতে পঢ়ক: কাজিৰঙাত গঁড়ৰ আক্ৰমণত মৃত্যু বনকৰ্মীৰ