ETV Bharat / state

নামদাং সংৰক্ষিত বনাঞ্চলত স্থাপন হ'ব বন্যপ্রাণী ছাফাৰী আৰু উদ্ধাৰ কেন্দ্র - Namdang Reserve Forest

Wildlife safari in Namdang: নামদাং সংৰক্ষিত বনাঞ্চলত স্থাপন হ'ব বন্যপ্ৰাণী ছাফাৰী আৰু উদ্ধাৰ কেন্দ্ৰ ৷ ৰাইজৰ বাবে থাকিব মুকলি চিৰিয়াখানা ৷ ২৫৯ কোটি টকা ব্যয় কৰি ডিব্ৰুগড়ৰ নামদাং সংৰক্ষিত বনাঞ্চলত ৰাজ্য চৰকাৰে নিৰ্মাণ কৰিব বন্যপ্ৰাণী ছাফাৰী আৰু উদ্ধাৰ কেন্দ্ৰ ৷ চৰজমিন ক্ষেত্ৰ পৰিদৰ্শন কৰিলে মন্ত্ৰী বিমল বড়াই ৷

Wildlife safari in Namdang
নামদাং সংৰক্ষিত বনাঞ্চলত বিমল বড়া (ETV Bharat)
author img

By ETV Bharat Assamese Team

Published : Sep 20, 2024, 7:34 PM IST

ডিব্ৰুগড়, 19 ছেপ্টেম্বৰ: ৰাজ্য চৰকাৰে অসমৰ পৰ্যটন ক্ষেত্ৰসমূহ আটক ধুনীয়া কৰাৰ লগতে নতুন পৰ্যটন ক্ষেত্ৰ নিৰ্মাণ কৰি ৰাজ্যৰ পৰ্যটন ক্ষেত্ৰখন আগবঢ়াই নিয়াৰ বাবে চেষ্টা অব্যাহত ৰাখিছে । লগতে ৰাজ্যখনৰ আপুৰুগীয়া জীৱ-জন্তুসমূহ সুৰক্ষিত কৰি ৰখাৰ বাবে ব্যৱস্থা গ্ৰহণ কৰিছে । কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ লগতে আন ৰাষ্ট্ৰীয় উদ্যানৰ জীৱ-জন্তুসমূহ যিদৰে সুৰক্ষিত অৱস্থাত থাকে, ঠিক তেনেকৈ আন বনাঞ্চলৰো জীৱ-জন্তুক অধিক সুৰক্ষা প্ৰদান কৰাৰ বাবে ৰাজ্য চৰকাৰে দুটাকৈ বন্যপ্ৰাণী ছাফাৰী আৰু উদ্ধাৰ কেন্দ্ৰ নিৰ্মাণৰ বাবে সিদ্ধান্ত গ্ৰহণ কৰিছে ।

ৰাজ্য চৰকাৰৰ অনুমোদন অনুসৰি ডিব্ৰুগড় জিলাৰ টিংখাঙৰ নামদাং সংৰক্ষিত বনাঞ্চলত নিৰ্মাণ হ'ব বন্যপ্ৰাণী ছাফাৰী আৰু উদ্ধাৰ কেন্দ্ৰ । বিগত বৰ্ষত ডিব্ৰুগড়ত অনুষ্ঠিত হোৱা অসম চৰকাৰৰ কেবিনেট বৈঠকত ডিব্ৰুগড়ৰ টিংখাঙৰ নামদাঙত এটা বন্যপ্ৰাণী ছাফাৰী আৰু উদ্ধাৰ কেন্দ্ৰ নিৰ্মাণৰ সিদ্ধান্ত গ্ৰহণ কৰে ৰাজ্য চৰকাৰে । লগতে মুকলি চিৰিয়াখানা নিৰ্মাণৰো সিদ্ধান্ত গ্ৰহণ কৰা হৈছিল ।

নামদাং সংৰক্ষিত বনাঞ্চলত বিমল বড়া (ETV Bharat)

মুঠ ২৫৯ কোটি টকাৰ প্ৰকল্প ব্যয়েৰে ১৮৭২ হেক্টৰ ভূমিত এটা বন্যপ্ৰাণী ছাফাৰী আৰু উদ্ধাৰ কেন্দ্ৰ স্থাপন কৰা হ'ব নামদাঙত । বিভিন্ন সময়ত বিভিন্ন ঠাইত আঘাতপ্ৰাপ্ত হোৱাৰ বন্যপ্ৰাণীবোৰৰ ইয়াত চিকিৎসা ব্যৱস্থাৰ কৰা লগতে সুৰক্ষাৰ ব্যৱস্থাৰ কৰা হ’ব । লগতে পৰ্যটকৰ বাবে মুকলি চিৰিয়াখানাৰ ব্যৱস্থা থাকিব । ইয়াত তৃণভোজী, মাংসভোজী প্ৰাণী আৰু পক্ষীশালাৰ ব্যৱস্থাৰ থাকিব ।

এই বন্যপ্ৰাণী ছাফাৰী আৰু উদ্ধাৰ কেন্দ্ৰক স্থানীয় আৰু ঘৰুৱা পর্যটকৰ বাবে আকৰ্ষণৰ কেন্দ্ৰবিন্দু হিচাপে গঢ়ি তোলাৰ লক্ষ্যৰে কাম আৰম্ভ কৰিছে ৰাজ্য চৰকাৰে । শুকুৰবাৰে সৰ্ববৃহৎ প্ৰকল্পটোৰ চৰজমিন ক্ষেত্ৰ পৰিদৰ্শন কৰিলে মন্ত্ৰী বিমল বড়াই । ডিব্ৰুগড়ৰ বন সংমণ্ডল বিষয়া, স্থানীয় প্ৰশাসনিক বিষয়াৰ লগতে প্ৰকল্পটোৰ দায়িত্বত থকা বিষয়াৰ সৈতে নিৰ্মাণ হ'বলগা স্থান পৰিদৰ্শন কৰি কামৰ পৰিকল্পনা আৰু অগ্ৰগতি বুজ লয় মন্ত্ৰীগৰাকীয়ে ।

বন্যপ্ৰাণী ছাফাৰী আৰু উদ্ধাৰ কেন্দ্ৰক লৈ কি কয় মন্ত্ৰী বিমল বড়াই:

মন্ত্ৰীগৰাকীয়ে কয়, ‘‘অসম চৰকাৰে দুখন বন্যপ্ৰাণী ছাফাৰী আৰু উদ্ধাৰ কেন্দ্ৰ নিৰ্মাণৰ সিদ্ধান্ত গ্ৰহণ কৰিছে । ইয়াৰ এটা ডিব্ৰুগড় জিলাৰ নামদাং সংৰক্ষিত বনাঞ্চলত নিৰ্মাণ কৰা হ'ব । য'ত আঘাতপ্ৰাপ্ত জীৱ-জন্তু উদ্ধাৰ কৰি চিকিৎসাৰ ব্যৱস্থা কৰা হ'ব । লগতে ৰাইজৰ বাবে ছাফাৰীৰ জৰিয়তে বন্যপ্ৰাণী চাব পৰা সুবিধা থাকিব । ডিব্ৰুগড় চহৰৰ পৰা ১৫ কিলোমিটাৰ দূৰত নিৰ্মাণ কৰা হ'ব এই বন্যপ্ৰাণী ছাফাৰী আৰু উদ্ধাৰ কেন্দ্ৰ ।’’

তেওঁ লগতে কয়, ‘‘এই কেন্দ্ৰ নিৰ্মাণৰ বাবে যি জৰীপৰ কাম চলি আছে‌ সেই সম্পৰ্কত বন বিভাগৰ সৈতে ৰাইজক লগত লৈ পৰিদৰ্শন কৰো । ইতিমধ্যে নিৰ্মাণৰ বাবে প্ৰকল্পৰ আৰ্হি নিৰ্মাণ কৰা হৈছে । বিভিন্ন বিশেষজ্ঞসকলৰ পৰামৰ্শ লৈ উচ্চ মানদণ্ডৰ বন্যপ্ৰাণী ছাফাৰী আৰু উদ্ধাৰ কেন্দ্ৰ নিৰ্মাণৰ বাবে ৰাজ্য চৰকাৰে ব্যৱস্থা গ্ৰহণ কৰিছে ।’’

লগতে পঢ়ক: পবা সংৰক্ষিত বনাঞ্চল হ’ব ২৫৭.২৯ বৰ্গ কিলোমিটাৰৰ বন্যপ্ৰাণী অভয়াৰণ্য : বিধানসভাত চৰকাৰৰ ঘোষণা - Poba Rain forest

হোলোঙাপাৰ গিবন অভয়াৰণ্যত তেল আৰু প্ৰাকৃতিক গেছ খননৰ অনুমতিৰ বিৰুদ্ধে ক্ষোভৰ উদগীৰণ - Hoollongapar Gibbon Sanctuary

হোলোঙাপাৰ গিবন অভয়াৰণ্যলৈ আহিছে বিপদ; বিদ্যুৎচালিত ৰে’লে নিঃশেষ কৰিব নেকি জীৱকুল ? - Gibbon Wildlife Sanctuary

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.