ETV Bharat / state

এইবাৰ নগাঁও আৰক্ষীৰ জালত তিনি গভাইত চোৰ

চোৰেও নিস্তাৰ নোপোৱা হৈছে নগাঁৱত। আই পি এছ বিষয়া আনন্দ মিশ্রৰ প্ৰভাৱ । দিনে নিশাই সক্ৰিয় এতিয়া নগাঁও আৰক্ষী ।

three-thief-come-on-the-trap-of-nagaon-police
এইবাৰ নগাওঁ আৰক্ষীৰ জালত তিনি গভাইত চোৰ
author img

By

Published : May 21, 2021, 10:58 PM IST

Updated : May 22, 2021, 6:41 AM IST

নগাঁও, 21মে' : এগৰাকী সৎ আৰু দক্ষ বিষয়া হিচাপে পৰিচিত হোৱা আই পি এছ বিষয়া আনন্দ মিশ্ৰই নগাঁৱত যোগদান কৰাৰ পিছতেই হাহাকাৰ লাগিছে অপৰাধ জগতত । নগাঁৱত যেন এতিয়া চোৰেও নোপোৱা হৈছে নিস্তাৰ । চুৰি কৰিবলৈ আহি হাতে লোটে ধৰা পৰিছে চোৰ । বৃহস্পতিবাৰে নিশা নগাঁও চহৰৰ হয়বৰগাঁৱত চুৰি কৰি থকা অৱস্থাত আৰক্ষীৰ জালত পৰে তিনিটাকৈ গভাইত চোৰ ।

নগাঁৱৰ আৰক্ষী অধীক্ষক হিচাপে আনন্দ মিশ্ৰই যোগদান কৰাৰ পিছতেই নগাঁও আৰক্ষী এতিয়া ইমানেই সক্ৰিয় হৈছে যে চুৰি কৰা অৱস্থাতেই গৃহস্থই গম নাপালেও চোৰ কৰায়ত্ব কৰিবলৈ সক্ষম নগাঁও আৰক্ষী । বৃহস্পতিবাৰে নিশা হয়বৰগাঁৱৰ এখন ইলেকট্ৰনিকৰ দোকানত চুৰি কৰি থকা অৱস্থাতেই টহলদাৰী আৰক্ষীয়ে আটক কৰিবলৈ সক্ষম হয় গভাইত চোৰ তিনিটা । ধৃত চোৰ তিনিটা হৈছে নগাঁৱৰ শিমলুগুৰিৰ শ্বাহজাহান আলী, আজাহাৰউদ্দিন আৰু লাচিত নগৰৰ বিশাল দে’ । সম্প্ৰতি চোৰ তিনিটাক জেৰা অব্যাহত ৰাখিছে নগাঁও আৰক্ষীয়ে ।

লগতে পঢ়ক: ক’ভিড পৰিস্থিতি সন্দৰ্ভত কি স্থিতি গ্ৰহণ কৰিছে মুখ্যমন্ত্ৰীয়ে?

Last Updated : May 22, 2021, 6:41 AM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.