ETV Bharat / state

ৰাজ্যত বানৰ বিভীষিকা; ৰে’লপথত আশ্ৰয় সহস্ৰাধিক বন্যাৰ্ত

author img

By

Published : May 21, 2022, 6:25 PM IST

Updated : May 21, 2022, 7:43 PM IST

অপৰিৱৰ্তিত ৰাজ্যৰ বান পৰিস্থিতি (Flood in Assam) । প্ৰতিদিনেই প্লাৱিত হৈছে ন ন অঞ্চল । নিৰাপদ আশ্ৰয় আৰু তীব্ৰ খাদ্য সংকটত ভুগিছে এতিয়া বহু বানাক্ৰান্ত পৰিয়ালে । ওখ স্থান বিচাৰি হাহাকাৰ কৰিব লগাত পৰিছে বানাক্ৰান্ত ৰাইজে (Thousands of flood victims sheltered on railway line) । আনকি বাঢ়নী পানীয়ে বুৰাইছে বহু লোকনিৰ্মাণ বিভাগৰ পথো । ৰে’লপথত আশ্ৰয় ল’বলগীয়া হৈছে বন্যাৰ্তই ৷ নগাঁও, হোজাই জিলাৰ বান পৰিস্থিতিক লৈ ই টি ভি ভাৰতৰ এক বিশেষ প্ৰতিবেদন ।

ৰাজ্যত বানৰ বিভীষিকা; ৰে’লপথত আশ্ৰয় সহস্ৰাধিক বন্যাৰ্ত
অপৰিৱৰ্তিত ৰাজ্যৰ বান পৰিস্থিতি

নগাঁও, 21 মে’ : আজিও অপৰিৱৰ্তিত হৈ আছে নগাঁও, হোজাই জিলাকে ধৰি বহুকেইখন জিলাৰ বান পৰিস্থিতি (Flood situation is remain same in Assam)। বছৰৰ প্ৰথমটো বাৰিষাতে এক অবৰ্ণনীয় পৰিৱেশৰ সন্মুখীন হৈছে হাজাৰ হাজাৰ পৰিয়াল । বিগত কিছুদিন ধৰি হৈ থকা নেৰানেপেৰা বৰষুণৰ ফলত বাঢ়িয়েই আছে কঁপিলী, নিশাৰীকে ধৰি বিভিন্ন নৈৰ জলস্তৰ ।

নৈসমূহৰ বাঢ়নী পানীয়ে প্লাৱিত কৰিছে ইখনৰ পিছত সিখন গাঁও । নগাঁও, হোজাই, কাৰ্বি আংলঙৰ বান পৰিস্থিতিয়ে এতিয়া গভীৰ সংকটত পেলাইছে বানাক্ৰান্ত পৰিয়ালক । নগাঁও জিলাৰ কামপুৰৰ বিভিন্ন অঞ্চলৰ পিছত তুলসীমুখ বৰকলাকে ধৰি জলমগ্ন হৈছে বহুকেইখন গাঁও ।

ৰাজ্যত বানৰ বিভীষিকা; ৰে’লপথত আশ্ৰয় সহস্ৰাধিক বন্যাৰ্ত

বাঢ়নী পানীয়ে বুৰাই পেলাইছে নগাঁও, হোজাই জিলাৰ লোকনিৰ্মাণ বিভাগৰ বহুকেইটা পথ ।

কঠীয়াতলী- কামপুৰ সংযোগী মূল পথ, দক্ষিণপাট -কামপুৰ সংযোগী পথৰ উপৰিও বহুকেইটা পথ বুৰাই পেলোৱাত একপ্ৰকাৰ বিচ্ছিন্ন হৈ পৰিছে যাতায়ত । নগাঁও হোজাই জিলাৰ কেইবাশতাধিক গাঁও বানৰ কৱলত পৰাৰ ফলত এতিয়া একপ্ৰকাৰ হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে বানাক্ৰান্তৰ মাজত ।

লগতে পঢ়ক : কেউফালে পানী; নাৱত উঠি পঢ়াশালিলৈ আহিছে এইসকল শিশু

নগাঁও আৰু হোজাই জিলাৰ হাজাৰ হাজাৰ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণ জলমগ্ন হৈ পৰাৰ ফলত নিৰাপদ আশ্ৰয় আৰু তীব্ৰ খাদ্য সংকটত ভুগিছে বন্যাৰ্তই । ওখ পথ, ৰে’লপথেই এতিয়া হৈ পৰিছে বানাক্ৰান্তৰ আশ্ৰয়ৰ শেষ ভৰষা (Thousands of flood victims sheltered on railway line)। হোজাইৰ ৰে’লপথতো অস্থায়ী আশ্ৰয় শিবিৰ স্থাপন কৰি আশ্ৰয় ল’বলগীয়া হৈছে সহস্ৰাধিক বানাক্ৰান্ত পৰিয়ালে ।

ইফালে, বিগত দিন কেইটাত হৈ অহা নেৰানেপেৰা বৰষুণৰ ফলত বৃদ্ধি পোৱা জলস্তৰে ভাবুকি কঢ়িয়াইছে নগাঁও চহৰলৈও । শনিবাৰে পুৱতি নিশাই কলঙৰ বাঢ়নী পানীয়ে উটুৱাই নিয়ে মিলনপুৰৰ এটি পথ । ফলত নগাঁও মীন বিভাগৰ কাৰ্যালয়কে ধৰি বহু অঞ্চল কলঙৰ বাঢ়নী পানীত প্লাবিত হৈ পৰে ।

কলঙৰ পাৰৰ বহু বাসগৃহৰ মুধচলৈকে ডুবিছে কলঙৰ বাঢ়নী পানীত । সম্পূৰ্ণ জলমগ্ন হৈ পৰিছে কলঙৰ বাকৰি নেহেৰুৱালীও । বানৰ আতংকত এতিয়া বিনিদ্ৰ ৰজনী কটাবলগীয়া হৈছে নগাঁও চহৰৰ বাসিন্দায়ো । উল্লেখযোগ্য যে, ধাৰাবাহিকভাৱে হৈ থকা বৰষুণক লৈ চিন্তিত হৈ পৰিছে নগাঁও হোজাই আৰু কাৰ্বি আংলং জিলাৰ ৰাইজ ।

লগতে পঢ়ক : বানত মৃত্যু হোৱা লোকৰ সংখ্যা 14লৈ বৃদ্ধি: আঠ লক্ষাধিক লোক ক্ষতিগ্ৰস্ত

Last Updated : May 21, 2022, 7:43 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.