বঢ়মপুৰ,13 মে': ক্ৰমাৎ অপৰাধৰ ঘাটিলৈ ৰূপান্তৰিত হৈছে নগাঁও জিলা ৷ দৈনিক নতুন নতুন অপৰাধমূলক ঘটনাৰে শীৰ্ষ স্থানত থকা জিলাখনত বৃহস্পতিবাৰে পুৱা সংঘটিত হৈছে এক চুৰি কাৰ্য ৷ ৰাজ্যত মহামাৰী কৰ'ণাৰ সংহাৰী ৰূপক স্তিমিত কৰাৰ বাবে চৰকাৰে বলবৎ কৰা সান্ধ্য আইনৰ মাজতে কামপুৰৰ তেতেলীসৰাত চলালে ত্ৰাস ৷ কামপুৰৰ চেনীকলৰ পৰা লোহা চুৰি কৰি গাঁওৰক্ষী বাহিনীৰ হাতত ধৰা পৰিল দুইচোৰ ৷
উল্লেখ্য যে, এখন ঠেলা যোগে ইয়াৰ আলম নামৰ এজন যুৱকে লোহাখিনি লৈ আহি থকা অৱস্থাত স্থানীয় লোকে যুৱক জনক আগুচি ধৰি জব্দ কৰে চুৰি লোহাখিনিৰ লগতে ইয়াৰ আলম আৰু কামপুৰৰ মাজৰআটিৰ নন্দেশ্বৰ বৰা নামৰ লোকজনক । গাঁওৰক্ষী বাহিনীৰ সহযোগত স্থানীয় লোকে ৰাজপথত দুয়োজনকে কাণত ধৰি আঁঠু কঢ়াই শাস্তি দি পৰৱৰ্তী সময়ত কামপুৰ আৰক্ষীক গতাই দিয়ে ।
লগতে পঢ়ক: জুৰীয়াত 11 টা গৰু সহ আটক চোৰাং সৰবৰাহকাৰী