ETV Bharat / state

বিপাঙত পৰিল আৰক্ষী: আৰক্ষী চকীৰ পৰা পলায়ন কৰি বিলত জাঁপ দিলে ইকবাল চোৰে

author img

By

Published : May 6, 2022, 10:18 PM IST

নগাঁৱৰ মৰিকলং আৰক্ষী চকীৰ পৰা পলায়ন কৰিলে এটা চোৰে (Nagaon thief story) ৷ পলায়ন কৰা চোৰটোৱে জাঁপ দিলে মৰিকলং বিলত ৷ তাৰপিছত কি হ’ল জানো আহক ৷

thief-jumped-in-water-after-escaping-from-police
বিপাঙত পৰিল আৰক্ষী: আৰক্ষী চকীৰ পৰা পলায়ন কৰি বিলত জাপ দিলে ইকবাল চোৰে

নগাঁও, 6 মে’: এইবাৰ চোৰক লৈ বিপাঙত পৰিল খোদ আৰক্ষী বাহিনী ৷ আৰক্ষী থানাৰ পৰা পলায়ন কৰি এখন বিলত জাঁপ দিলে চোৰে (Thief jumped in water) । উপায়ন্তৰ হৈ চোৰ বিচাৰি আৰক্ষী বাহিনীয়েও চলালে ঘণ্টাজোৰা অভিযান । অৱশেষত পানী মেটেকাৰ তলৰ পৰা আটক আৰক্ষী থানাৰ পৰা পলায়ন কৰা চোৰক । নগাঁৱৰ মৰিকলং আৰক্ষী চকীৰ পৰা এই চোৰটোৰ পলায়নক (Thief escaped from police station) লৈ সৃষ্টি হৈছে ব্যাপক চাঞ্চল্যৰ ।

ইকবাল হুছেইন নামৰ চোৰটোৱে পলায়ন কৰি জাঁপ দিয়ে সন্মুখৰ মৰিকলং বিলত । ইপিনে, নগাঁৱৰ মৰিকলং আৰক্ষী চকীৰ পৰা পলায়ন কৰি মৰিকলং বিলত জাঁপ মৰাৰ পিছতেই আৰক্ষীয়ে আৰম্ভ কৰে অভিযান । পানী মেটেকাৰ তলত চোৰ বিচাৰি আৰক্ষীয়ে অভিযান চলোৱাৰ সময়ত বিলৰ পাৰত ভিৰ কৰে অসংখ্য লোকে । প্ৰায় এঘণ্টা সময় চোৰটোক বিচাৰি পানীমেটেকাৰ মাজত অভিযান চলায় আৰক্ষীয়ে । অৱশেষত, পানীমেটেকাৰ মাজৰ পৰা আৰক্ষীয়ে উদ্ধাৰ কৰিবলৈ সক্ষম হয় চোৰটোক ।

উল্লেখ্য যে, বিভিন্ন লোকৰ ঘৰৰ পৰা পানীৰ মটৰ চুৰি কৰি গ্ৰেপ্তাৰ হৈছিল ইকবাল । ধৃত ইকবাল নামৰ চোৰটোৰ ঘৰ জুৰীয়াৰ দগাঁৱত বুলি জানিব পৰা গৈছে ।

লগতে পঢ়ক : উখল মাখল বৰগছ: কাজিৰঙাত মুখ্যমন্ত্ৰীৰ পৰ্যালোচনা বৈঠক

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.