ETV Bharat / state

বৃহৎ চুৰি সামগ্ৰীসহ নগাঁৱত আটক চোৰ

author img

By

Published : Jun 1, 2021, 6:15 PM IST

নগাঁও জিলাৰ মৰিকলঙত স্থানীয় লোক কৰায়ত্ত কৰে এটা গভাইত চোৰক । ধৃত চোৰটোৰ পৰা সোণৰ অলংকাৰ সহ বৃহৎ পৰিমাণৰ চুৰি সামগ্ৰী উদ্ধাৰ কৰিবলৈ সক্ষম হয় ৰাইজে ।

Thief
বৃহৎ চুৰি সামগ্ৰীসহ নগাঁৱত আটক চোৰ

নগাঁও, ১ জুন: নগাঁও জিলাৰ মৰিকলঙত ৰাইজে কৰায়ত্ত কৰিলে এটা গভাইত চোৰ । বৃহৎ পৰিমাণৰ চুৰি সামগ্ৰীসহ একাংশ লোকে পুৱাই চোৰটোক কৰায়ত্ত কৰিবলৈ সক্ষম হয় । পাঁচজনকৈ লোকে নগাঁও ৰে’ল ষ্টেচনৰ সমীপৰ টেম্প’ আস্থানত হাতত বেগ লৈ ৰৈ থকা অৱস্থাত স্থানীয় লোকে প্ৰত্যক্ষ কৰি সন্দেহ ওপজে ।

বৃহৎ চুৰি সামগ্ৰীসহ নগাঁৱত আটক চোৰ

পাঁচজনীয়া দলটোক পিছত সোধাপোচা কৰিবলৈ লওঁতেই সকলো সামগ্ৰী পেলাই দৌৰি পলাবলৈ চেষ্টা কৰে । স্থানীয় লোকসকলেও পিছে পিছে দৌৰি ডিমৰুগুৰিৰ পৰা পাঁচজনীয়া দলটোৰ এজনক আটক কৰিবলৈ সক্ষম হয় ।

ধৃত চোৰটোৰ পৰা সোণৰ অলংকাৰসহ বৃহৎ পৰিমাণৰ চুৰি সামগ্ৰী উদ্ধাৰ কৰিবলৈ সক্ষম হয় । উদ্ধাৰ কৰা চুৰি সামগ্ৰীৰ ভিতৰত সোণৰ আ-অলংকাৰ, লেপটপ আৰু বিভিন্ন ধৰণৰ মূল্যৱান সামগ্ৰীও আছিল । পিছত আৰক্ষীক গতাই দিয়া হয় চোৰটোক ।

লগতে পঢ়ক:চৰাইদেউ কাণ্ডৰ দুই অভিযুক্তক আটক আৰক্ষীৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.