নগাঁও, 7 জানুৱাৰী: কামপুৰত বৃহস্পতিবাৰে দিন দুপৰতে ঘৰৰ খিৰিকিৰ ৰ'ড কাটি চোৰে নগদ ধন লৈ উধাও হোৱাৰ এক চাঞ্চল্যকৰ ঘটনা সংঘটিত হৈছে ৷ বৃহস্পতিবাৰে কামপুৰৰ পাৰলিগুৰিৰ বিনোদ বৰা নামৰ ব্যক্তি গৰাকীৰ ঘৰত কোনো নথকাৰ সুযোগ গ্ৰহণ কৰি চোৰে অন্যান্য সামগ্ৰীৰ লগতে নগদ 75 হাজাৰ টকা লৈ উধাও হয় ৷
জানিব পৰা মতে ঘৰত কোনো নথকাৰ সুযোগ গ্ৰহণ কৰি চোৰে খিৰিকিৰ ৰ'ড কাটি বিনোদ বৰাৰ ঘৰত প্ৰৱেশ কৰে আৰু গডৰেজৰ তলা ভাঙি নগদ ধন সহ মূল্যবান সা-সামগ্ৰী লুটি নিয়ে ৷
ঘৰৰ গৃহস্থই জানিবলৈ দিয়া মতে নগদ ধনৰ লগতে সোণৰ আ-অলংকাৰ ইত্যাদি আছিল যদিও চোৰে আ-অলংকাৰ সমূহ এৰি কেৱল নগদ ধন খিনি লৈ উধাও হয় ৷ ঘটনা সন্দৰ্ভত ঘৰৰ গৰাকী বিনোদ বৰাই কামপুৰ আৰক্ষী থানাত এক গোচৰ ৰুজু কৰাৰ পাছতে আৰক্ষীয়ে তদন্ত আৰম্ভ কৰিছে ৷