ETV Bharat / state

নগাঁৱৰ আছু কাৰ্যালয়ত চুৰিকাণ্ড সংঘটিত

author img

By

Published : Sep 16, 2021, 1:51 PM IST

নগাঁৱৰ আছু কাৰ্যালয়ত চুৰিকাণ্ড ৷ চোৰে লুটিলে পেড, গুৰুত্বপূৰ্ণ নথিপত্ৰ । এই ঘটনাক কেন্দ্ৰ কৰি এতিয়া সমগ্ৰ অঞ্চলটোতে বিৰাজ কৰিছে চাঞ্চল্য ৷

theft case at AASU office at samaguri
নগাঁও আছু কাৰ্যালয়ত চুৰি

চামগুৰি, 16 ছেপ্তেম্বৰ : নগাঁৱত সংঘটিত হৈছে অঘটন ৷ বৃহস্পতিবাৰে পুৱতি নিশা নগাঁও চহৰৰ মাজমজিয়াত থকা সদৌ নগাঁও জিলা ছাত্ৰ সন্থাৰ কাৰ্যালয়ত সংঘটিত হৈছে এক চুৰিকাণ্ডৰ ঘটনা ৷ চোৰে লুটি নিলে জিলা ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদকৰ আলমিৰাৰ পৰা পেড আৰু গুৰুত্বপূৰ্ণ নথিপত্ৰকে ধৰি অন্যান্য সা-সামগ্ৰী ।

theft case at AASU office at samaguri
চোৰে লুটিলে বহু গুৰুত্বপূৰ্ণ নথি পত্ৰ

বৃহস্পতিবাৰে পুৱতি নিশা হোৱা এই চুৰিকাণ্ডৰ ঘটনাক লৈ সমগ্ৰ নগাঁৱতে প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে ৷ ছাত্ৰ সন্থাৰ কাৰ্যালয়ত ৬ টাকৈ কম্পিউটাৰ, এটা টিভি থকাৰ পিছতো দুৰ্বৃত্তৰ দলে কেৱল সন্থাৰ পেড আৰু ৰাষ্ট্ৰীয় নাগৰিকপঞ্জী(NRC)ৰ নথি-পত্ৰ চুৰি কৰি নিয়া ঘটনাই ৰহস্যৰ সৃষ্টি কৰিছে বুলি ছাত্ৰ সন্থাৰ নেতৃত্বই মত পোষণ কৰিছে ।

theft case at AASU office at samaguri
নগাঁৱত চোৰৰ চাফাই অভিযান

লগতে পঢ়ক: বিশ্ব অ’জন দিৱস আৰু মণ্ট্ৰিয়েল প্ৰট’কল

গুৰুত্বপূৰ্ণ কথাটো এয়ে যে, জিলা ছাত্ৰ সন্থাৰ কাৰ্যালয়ৰ নিচেই ওচৰতে আছে জিলা আৰক্ষী অধীক্ষকৰ কাৰ্যালয় । তথাপিও যেন আৰক্ষীক কেৰেপ নকৰে অঘাইতং চোৰে ৷

নগাঁও আছু কাৰ্যালয়ত চুৰি

উল্লেখ্য যে, ইয়াৰ পূৰ্বেও ছাত্ৰ সন্থাৰ কাৰ্যালয়ত সংঘটিত হৈছিল চুৰিকাণ্ড ৷ পুনৰ জিলা ছাত্ৰ সন্থাৰ কাৰ্যালয়ত হোৱা চুৰিকাণ্ডই চকু কপালত তুলিছে সাধাৰণ ৰাইজৰ ৷ এই কাণ্ডত জড়িত দোষীক উচিত শাস্তি বিহিবলৈ দাবী জনাইছে নগাঁও জিলা ছাত্ৰ সন্থাই ।

theft case at AASU office at samaguri
নগাঁৱত চুৰিকাণ্ড

লগতে পঢ়ক: ফেৰী দুৰ্ঘটনা : উচিত তদন্তৰ দাবী মাজুলী যুৱ কংগ্ৰেছৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.