ETV Bharat / state

নগাঁৱৰ ক'ভিড হাস্পতালত চোৰৰ চাফাই অভিযান

author img

By

Published : Jun 18, 2022, 10:07 AM IST

ৰোগী ভৰ্তি নৌহওঁতেই ক'ভিড হাস্পতালৰ ৱাৰ্ডে ৱাৰ্ডে চোৰৰ টিঘিলঘিলনি ৷ শুকুৰবাৰে নগাঁও অসামৰিক চিকিৎসালয়ৰ চৌহদতে থকা নৱনিৰ্মিত ক'ভিড হাস্পতালত সংঘটিত হয় চুৰিকাণ্ড (Theft at Covid Hospital in Nagaon)৷

নগাঁৱৰ ক'ভিড হাস্পতালত চোৰৰ চাফাই অভিযান
theft-at-covid-hospital-in-nagaon

নগাঁও, 18 জুন : ক'ভিড হাস্পতালত চোৰৰ টিঘিলঘিলনি ৷ ৰোগী ভৰ্তি নৌহওঁতেই হাস্পতালৰ ৱাৰ্ডে ৱাৰ্ডে চোৰৰ চাফাই অভিযান ৷ নগাঁৱত দিনক দিনে বৃদ্ধি হৈছে চোৰৰ উপদ্ৰৱ ৷

শুকুৰবাৰে নগাঁও অসামৰিক চিকিৎসালয়ৰ চৌহদতে থকা নৱনিৰ্মিত ক'ভিড হাস্পতালত চুৰিকাণ্ড সংঘটিত হয় (Theft at Covid Hospital in Nagaon) ৷ হাস্পতালখনত নতুনকৈ লগোৱা প্ৰায় কোটি টকা মুল্যৰ অক্সিজেন পৰিবাহী তামৰ পাইপলাইন আৰু আই চি ইউৰ পাইপলাইন কাটি লৈ যায় চোৰে ৷ ক'ভিড হাস্পতালৰ এটা কক্ষ পুনৰ নিৰ্মান কৰি 32 খন বিচনাত কেন্দ্ৰীয়ভাৱে অক্সিজেন যোগানৰ ব্যৱস্থা কৰিছিল স্বাস্থ্য বিভাগে ।

theft-at-covid-hospital-in-nagaon

ৰাজ্যত পুনৰ ক'ভিডৰ আৰম্ভনি হোৱা বাবে কৰ্তৃপক্ষই ৱাৰ্ডটো চাবলৈ যাওঁতেহে চুৰি কাণ্ডটো দৃষ্টিগোচৰ হয় হাস্পতাল বিভাগৰ ৷ ৱাৰ্ডৰ দুৱাৰ ভাঙি চোৰে বাথৰুমৰ পানীৰ টেপ সমুহো চুৰি কৰি লৈ যায় ৷ চিকিৎসালয়খনৰ চৌহদতে আৰক্ষী চকী থকাৰ পিছতো নগাঁও আৰক্ষীৰ ব্যৰ্থতাৰহ বাবেই চোৰে নিৰ্বিঘ্নে চুৰি কাণ্ড সংঘটিত কৰিবলৈ সক্ষম হোৱাত জিলাখনত প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে ৷

নগাঁও ভোগেশ্বৰী ফুকননী অসামৰিক চিকিৎসালয়ৰ অধ্যক্ষগৰাকীয়ে জিলা প্ৰশাসনক অনাগত দিনত এনে ঘটনাই পুনৰাই নঘটিবলৈ হাস্পতালখনত কটকটীয়া নিৰাপত্তা ব্যৱস্থা প্ৰদান কৰিবলৈ অনুৰোধ জনাইছে ৷

লগতে পঢ়ক:নগাঁও আৰক্ষীৰ জালত তেল চুৰি চক্ৰৰ সদস্য

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.