ETV Bharat / state

'নাটক কৰিও স্বচ্চল জীৱন যাপন কৰিব পাৰি'

author img

By

Published : Jun 1, 2019, 9:20 AM IST

মুম্বাই বিশ্ববিদ্যালয়ৰ নাট্য কলাৰ স্নাতকোত্তৰ পাঠ‍্যক্ৰমৰ ছাত্ৰ কুকিল গোস্বামীয়ে সত্ৰীয়া নৃত্যৰ লগতে দেশৰ বিভিন্ন লোক নৃত্যৰ শৈলী অধ্যয়নৰে এক সুকীযা ধাৰ সৃষ্টিৰ কৰিছে

কলিয়াবৰৰ কলাকাৰ কুকিল

কলিয়াবৰ, 01 জুন: নতুন দিল্লীৰ ৰাষ্ট্ৰীয় নাট্য বিদ্যালয়ৰ স্নাতক পৰাগ শৰ্মাৰ পাচতেই নাট্য কলা বিষয়ত উচ্চ শিক্ষাৰ সুবিধা লাভ কৰিছে কলিয়াবৰৰ কুকিল গোস্বামীয়ে ৷ কুকিল গোস্বামী,কলিয়াবৰৰ উলুৱনীৰ শ্ৰীশ্ৰী গোৱিন্দ এলেঙী সত্ৰৰ সত্ৰীয়া সংস্কৃতিৰ সাধক প্ৰয়াত যোগেন গোস্বামীৰ পুত্ৰ ৷

কলিয়াবৰৰ কলাকাৰ কুকিল

নাট্য শিক্ষাৰ উচ্চ শিক্ষানুষ্ঠানৰ কথা মনলৈ আহিলে নতুন দিল্লীৰ ৰাষ্ট্ৰীয় নাট্য বিদ্যালয়ৰ কথা মনলৈ আহে ৷ য'ত আছে নাট্য শিক্ষাৰ স্নাতক পাঠ্যক্ৰম ৷ কিন্তু বৰ্তমান ভাৰতীয় নাট‍্য কলাক এক বিদ‍্যায়তনিক দিশত আগবঢ়াই নিয়াৰ ক্ষেত্ৰত দেশৰ বিভিন্ন বিশ্ববিদ‍্যালয়ত নাট‍্য কলাৰ স্নাতক তথা স্নাতকোত্তৰ পাঠ‍্যক্ৰম মুকলি কৰা হৈছে। পিতৃৰ হাতত ধৰি সত্ৰীয় সংস্কৃতিৰ পথাৰত খোজ পেলোৱা কুকিল এতিয়া মুম্বাই বিশ্ববিদ্যালয়ৰ অন্তৰ্গত একাডেমী অৱ থিয়েটাৰ আৰ্টচৰ নাট্য কলাৰ স্নাতকোত্তৰ পাঠ‍্যক্ৰমৰ ছাত্ৰ ৷ সত্ৰীয়া নৃত্যৰ লগতে দেশৰ বিভিন্ন লোক-নৃত্যৰ শৈলীৰ অধ্যয়নৰে এক সুকীযা ধাৰা সৃষ্টিৰ চেষ্টা চলাই আহিছে কুকিলে ৷ ভাওনা, বৰগীত,খোলত বাদনত পাৰ্গত কুকিল গোস্বামী আধুনিক নাট্য কলাৰো ছাত্ৰ ৷ ইতিমধ্যে তেওঁ অসমৰ বিভিন্ন স্থানত নাট কৰ্মশালাত অংশগ্ৰহণৰ অভিজ্ঞতা আৰু নাট প্ৰযোজনাৰ লগত জড়িত থাকি চিকিমৰ গেংটকত ৰাষ্ট্ৰীয় নাট্য বিদ্যালয়ৰ চিকিম পৰিসৰত এবছৰীয়া নাট্য শিক্ষাৰ পাঠ‍্যক্ৰম সম্পূৰ্ণ কৰিছে ৷ সেই অভিজ্ঞতাৰে পৰিপূষ্ট কুকিলে ৰাজস্থানৰ এক নাট প্ৰকল্পত সত্ৰীয়া নৃত্য শৈলী প্ৰয়োগেৰে প্ৰশংসিত হৈছে ৷ ই টিভি ভাৰতৰ আগত তেওঁ ক'লে মনৰ কথা, নাটকৰ কথা ৷

Intro:কলিয়াবৰৰ কলাকাৰ কুকিল
"নাটক কৰিও স্বচল জীৱন পাৰ কৰিব পাৰি।"

মুম্বাই বিশ্ববিদ‍্যালয়ৰ নাট‍্য কলাৰ স্নাতকোত্তৰ পাঠ‍্যক্ৰমৰ ছাত্ৰ কুকিল গোস্বামী

সত্ৰীয় নৃত‍্যৰ লগতে দেশৰ বিভিন্ন লোক-নৃত‍্যৰ শৈলীৰ অধ‍্যয়ণৰে এক সুকীযা ধাৰ সৃষ্টিৰ সপোন কুকিলৰ

সংস্কৃতিৰ বৰঘৰ কলিয়াবৰৰ সত্ৰীয়া সংস্কৃতিৰ প্ৰকৃত সাধক প্ৰয়াত যোগেন গোস্বামীৰ পথৰ পথিকBody:নাট‍্য শিক্ষাৰ উচ্চ শিক্ষানুষ্ঠানৰ কথা মনলৈ আহিলে নতুন দিল্লীৰ ৰাষ্ট্ৰীয় নাট‍্য বিদ‍্যালয়ৰ কথাহে মনলৈ আহে। য'ত আছে নাট‍্য শিক্ষাৰ স্নাতক পাঠ‍্যক্ৰম।
কিন্তু বৰ্তমান ভাৰতীয় নাট‍্য কলাক এক বিদ‍্যায়তনিক দিশত আগবঢ়াই নিয়াৰ ক্ষেত্ৰত দেশৰ বিভিন্ন বিশ্ববিদ‍্যালয়ত নাট‍্য কলাৰ স্নাতক তথা স্নাতকোত্তৰ পাঠ‍্যক্ৰম মুকলি কৰিছে। কলিয়াবৰৰ নতুন দিল্লীৰ ৰাষ্ট্ৰীয় নাট‍্য বিদ‍্যালয়ৰ স্নাতক পৰাগ শৰ্মাৰ পিচতেই নাট‍্য কলা বিষয়ত উচ্চ শিক্ষাৰ সুবিধা পাইছে কুকিল গোস্বামীয়ে।
সাধাৰণতে অসমৰ বাহিৰত শিক্ষা গ্ৰহণ কৰা বুলিলে যিটো বুজা যায় তেনে পাঠ‍্যক্ৰমৰ ছাত্ৰ নহয় এই ২৫ বছৰীয়া হাঁহিমুখীয়া যুৱকজন। প্ৰকৃত শিল্পী হোৱাৰ পিচতো ৰাজ‍্য চৰকাৰৰ শিল্পী পেঞ্চনৰ পৰা বঞ্চিত কলিয়াবৰৰ উলুৱনীৰ শ্ৰীশ্ৰীগোৱিন্দ এলেঙী সত্ৰৰ সত্ৰীয়া সংস্কৃতিৰ প্ৰকৃত সাধক প্ৰয়াত যোগেন গোস্বামীৰ দ্বিতীয় পুত্ৰ কুকিল গোস্বামী।
পিতৃৰ হাতত ধৰি সত্ৰীয় সংস্কৃতিৰ পথাৰত খোজ পেলোৱা কুকিল এতিয়া মুম্বাই বিশ্ববিদ‍্যালয়ৰ অন্তৰ্গত একাডেমী অৱ থিয়েটাৰ আৰ্টচ্‌ৰ নাট‍্য কলাৰ স্নাতকোত্তৰ পাঠ‍্যক্ৰমৰ ছাত্ৰ।
ভাওনা, বৰগীত, খোলত পাৰ্গত কুকিল গোস্বামী আধুনিক নাট‍্য কলাৰো ছাত্ৰ। অসমৰ বিভিন্ন স্থানত নাট কৰ্মশালাত অংশগ্ৰহণৰ অভিজ্ঞতা আৰু নাট প্ৰযোজনাৰ লগত জড়িত থাকি চিকিমৰ গেংটকত ৰাষ্ট্ৰীয় নাট‍্য বিদ‍্যালয়ৰ চিকিম পৰিসৰত এবছৰীয়া নাট‍্য শিক্ষাৰ পাঠ‍্যক্ৰম সম্পূৰ্ণ কৰিছে। সেই অভিজ্ঞতাৰে পৰিপূষ্ট কুকিলে ৰাজস্থানৰ এক নাট প্ৰকল্পত সত্ৰীয়া নৃত‍্য শৈলী প্ৰয়োগেৰে প্ৰশংসিত হৈছে।
মূম্বাই একাডেমী অৱ থিয়েটাৰ আৰ্টচ্‌ৰ নাট‍্য কলাৰ স্নাতকোত্তৰ পাঠ‍্যক্ৰমৰ প্ৰথম বৰ্ষৰ পৰীক্ষাৰ অন্তত ডেৰমহীয়া গৰমৰ বন্ধত মুম্বাইৰ পৰা আহি কলিযাবৰৰ ঘৰতে আছেহি তেওঁ। ই টিভি ভাৰতৰ আগত তেওঁ ক'লে মনৰ কথা, নাটকৰ কথা। বাঁহীত বজাই শুনালে বৰগীতৰ সুৰ।
নাটকৰে জীৱন গঢ়াৰ হেঁপাহ পুৰণ হওক কুকিলৰ।

Conclusion:visuals/bites
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.