চামগুৰি, 6 জুলাই : নগাঁও চহৰৰ হয়বৰগাঁৱত সংঘটিত হৈছে এটা চাঞ্চল্যকৰ ঘটনা ৷ হয়বৰগাঁৱৰ আনন্দৰাম ঢেকিয়াল ফুকন দলঙৰ পৰা মঙলবাৰে পুৱা প্ৰায় ৮ বজাত এগৰাকী ১৫ বছৰীয়া কিশোৰে কলঙত জাপ দিয়া ঘটনাই অঞ্চলটোত সৃষ্টি কৰিছে তীব্ৰ চাঞ্চল্যৰ ৷ কিশোৰজন নগাঁও চহৰৰ তেলীয়াপট্টিৰ ৰনী সিং বুলি জানিব পৰা গৈছে ৷ একাংশ লোকে কিশোৰ জনে দলঙৰ পৰা পানীত জাঁপ দিয়া কাৰ্য প্ৰত্যক্ষ কৰাৰ পাছতে অঞ্চলটোত সৃষ্টি হয় চাঞ্চল্যৰ ৷
প্ৰাপ্ত খবৰ অনুসৰি একাংশ লোকে যুৱকজনে পানীত জাঁপ দিয়া কাৰ্য প্ৰত্যক্ষ কৰি নগাঁও আৰক্ষীক খবৰ দিয়ে ৷ খবৰ লাভ কৰাৰ পাছতে ঘটনাস্থলীত ততাতৈয়াকৈ উপস্থিত হয় নগাঁও আৰক্ষীৰ এটা দল ৷ ইয়াৰ পাছতে SDRFৰ সহযোগত কিশোৰ জনক উদ্ধাৰৰ বাবে অভিযান চলাই আৰক্ষীয়ে ৷ কিন্তু বিয়লি ভাগলৈকে যুৱক জনক উদ্ধাৰ কৰিবলৈ সক্ষম নহ’ল উদ্ধাৰকাৰী দল ৷
আৰক্ষীয়ে জনোৱা মতে, যুৱক জনক বিচাৰি বুধবাৰে পুৱা পুনৰ অভিযান চলাব আৰক্ষী তথা উদ্ধাকাৰী দলে ৷
কি কাৰণত কিশোৰ জনে কলঙত জাঁপ দিলে সেই কথা বৰ্তমানেও জানিব পৰা হোৱা নাই ৷ কিন্তু পৰিয়ালৰ লোকে কিশোৰজন পুৱাৰে পৰা সন্ধানহীন হৈছিল বুলি জানিবলৈ দিছে । একাংশ ৰাইজে অভিযোগ কৰা মতে দলঙ খনত কোনো ধৰণৰ ৰেলিং নথকাৰ বাবেই পূৰ্বেও আত্মহত্যাৰ ঘটনা সংঘটিত হৈছে ৷ এই ক্ষেত্ৰত ব্যৱস্থা গ্ৰহণ কৰিবলৈ নগাঁও জিলা প্ৰশাসনক দাবী জনাইছে স্থানীয় ৰাইজে ৷
লগতে পঢ়কঃ ক'ভিড ৰোগীৰ অংগ ক্ষতৰ অভিযোগ সন্দৰ্ভত ডাঃ অভিজিৎ শৰ্মাৰ প্ৰতিক্ৰিয়া