ETV Bharat / state

13 মাহে বিদ্যালয়ত উপস্থিত নাই শিক্ষয়িত্ৰী

ডেৰ বছৰে স্কুলত উপস্থিত নাথাকি নিলম্বন হোৱা মনোৰঞ্জন বৰাৰ পিছতেই এইবাৰ অভিযোগ উঠিছে কঠিয়াতলীৰ কুম্ভীডুবি প্ৰাথমিক বিদ্যালয়ৰ সহকাৰী শিক্ষয়িত্ৰী আলয় ৰাণী ৰয় বিৰুদ্ধে। ফলত পাঁচটা শ্ৰেণীৰ ১৯৫ গৰাকী ছাত্ৰ-ছাত্ৰীক দুজন শিক্ষকেই শিক্ষা দান কৰিব লগীয়া হৈছে

author img

By

Published : Sep 27, 2019, 1:12 PM IST

Updated : Oct 22, 2019, 12:45 PM IST

13 মাহে বিদ্যালয়ত উপস্থিত নাই শিক্ষয়ত্ৰী

নগাঁও, 27 ছেপ্টেম্বৰঃ নগাঁৱৰ কঠিয়াতলী শিক্ষাখণ্ডৰ অন্তৰ্গত কুম্ভীডুবি প্ৰাথমিক বিদ্যালয়ত শিক্ষকৰ মইমতালি ৷ বিগত 13 মাহে বিদ্যালয়ত উপস্থিত নাই এগৰাকী শিক্ষয়িত্ৰী ৷ শিক্ষা বিষয়াৰ কৃপা দৃষ্টিতে অনুপস্থিতিৰ অভিযোগ স্থানীয় ৰাইজৰ ৷ ৰাজ্য চৰকাৰে শিক্ষাৰ মানদণ্ড উন্নয়ন হোৱা বুলি জয় ঢোল বজাই থকাৰ সময়তে কঠিয়াতলী শিক্ষাখণ্ডৰ অন্তৰ্গত কুম্ভীডুবি প্ৰাথমিক বিদ্যালয়ৰ এগৰাকী শিক্ষয়ত্ৰীৰ কৰ্ম কাণ্ডই চকু কপালত তুলিছে স্থানীয়ৰ লগতে অভিভাৱকৰ। ডেৰ বছৰে স্কুলত উপস্থিত নাথাকি নিলম্বন হোৱা মনোৰঞ্জন বৰা পিছতেই এইবাৰ অভিযোগ উঠিছে কঠিয়াতলিৰ কুম্ভীডুবি প্ৰাথমিক বিদ্যালয়ৰ সহকাৰী শিক্ষয়িত্ৰী আলয় ৰাণী ৰয় বিৰুদ্ধে। ফলত পাঁচটা শ্ৰেণীৰ ১৯৫ গৰাকী ছাত্ৰ-ছাত্ৰীক দুজন শিক্ষকেই শিক্ষা দান কিৰব লগা হৈছে। বিভাগীয় কৰ্তৃপক্ষক অৱগত কৰাৰ পাছতো কাণষাৰ নাই ৰাজ্যৰ বিয়াগোম শিক্ষা বিভাগৰ ।

13 মাহে বিদ্যালয়ত উপস্থিত নাই শিক্ষয়ত্ৰী
আনহাতে অভিযোগ অনুসৰি,বিভিন্ন অজুহাতেৰে ছুটিৰ আবেদন দেখুৱাৰ লগতে কঠিয়াতলি শিক্ষা খণ্ডৰ শিক্ষা বিষয়া ইউনিছ আলিৰ পৃষ্ঠপোষকতাতে এইগৰাকী শিক্ষয়িত্ৰীয়ে মইমতালিৰে তেৰমাহ ধৰি স্কুলত উপস্থিত নথকাৰ অভিযোগ। কঠিয়াতলি শিক্ষা বিষয়া ইউনিছ আলিয়ে কমিচন লৈ এইগৰাকী শিক্ষয়িত্ৰীক মাহৰ পিছত মাহ ধৰি চুটি মঞ্জুৰ কৰাৰ গুৰুতৰ অভিযোগ তুলিছে স্থানীয় লোকে ।

উল্লেখ্য যে,কঠিয়াতলি শিক্ষা খণ্ডৰ শিক্ষা বিষয়া ইউনিছ আলিৰ বিৰুদ্ধে বিভিন্ন সময়ত এনে ধৰণৰ অভিযোগ উত্থাপন হোৱাৰ পিছতো কিয় আজিকোপতি কোনো ব্যৱস্থা গ্ৰহণ কৰা নাই ৰাজ্যৰ বিয়াগোম শিক্ষা বিভাগে । তাকেই লৈ এতিয়া প্ৰশ্ন উত্থাপিত হৈছে সচেতন মহলত ।

Intro:চৰকাৰী বিদ্যালয়ৰ কৰ্মচাৰীৰ মইমতালি। ১৩ মাহে স্কুলত উপস্থিত নাই এগৰাকী শিক্ষয়িত্ৰী। শিক্ষা বিষয়া ইউনিচ আলি কৃপা দৃষ্টিতে অনুপস্থিতিৰ অভিযোগ।

Anchor= ৰাজ্য চৰকাৰে শিক্ষাৰ মানদণ্ড উন্নয়ন হোৱা বুলি জয়ঢোল বজাই থকাৰ সময়তে নগাওঁ জিলাৰ কঠিয়াতলী শিক্ষাখণ্ডৰ অন্তৰ্গত কুম্ভীডুবি প্ৰাথমিক বিদ্যালয়ৰ এগৰাকী শিক্ষয়ত্ৰীৰ কৰ্ম কাণ্ডই চকু কপালত তুলিছে। ফলত পাঁচটা শ্ৰেণীৰ ১৯৫ গৰাকী ছাত্ৰ-ছাত্ৰীক দুজন শিক্ষকেই শিক্ষা দান দিব লগা হৈছে। বিভাগীয় কৰ্তৃপক্ষক অৱগত কৰাৰ পাছতো কানষাৰ নাই ৰাজ্যৰ বিয়াগোম শিক্ষা বিভাগৰ ।
Body: VO= হয়, ডেৰ বছৰে স্কুলত উপস্থিত নাথাকি নিলম্বন হোৱা মনোৰঞ্জন বৰা পিছতেই এইবাৰ অভিযোগ উঠিছে নগাওঁ জিলাৰ কঠিয়াতলি শিক্ষা খণ্ডৰ অন্তৰ্গত কুম্ভীডুবি প্ৰাথমিক বিদ্যালয়ৰ সহকাৰী শিক্ষয়িত্ৰী আলয় ৰাণী ৰয় বিৰুদ্ধে। তেৰমাহে স্কুলত উপস্থিত নাই যদিও ঘৰতে বহি চৰকাৰৰ দৰমহা খাই আছে এই গৰাকী শিক্ষয়িত্ৰী আলয় ৰাণী ৰয়ে। যাৰ ফলত দুজন শিক্ষকেই পাঠদান কৰিব লগা হৈছে। শুনক এই গৰাকী প্ৰধান শিক্ষকৰ মুখেৰেই।
Byte= প্ৰধান শিক্ষক।
VO= আনহাতে অভিযোগ মতে বিভিন্ন অজুহাতেৰে ছুটিৰ আবেদন দেখুৱাৰ লগতে কঠিয়াতলি শিক্ষা খণ্ডৰ শিক্ষা বিষয়া ইউনিছ আলিৰ পৃষ্ঠপোষকতাতে এইগৰাকী শিক্ষয়িত্ৰীয়ে মইমতালিৰে তেৰমাহ ধৰি স্কুলত উপস্থিত হোৱা নাই। কঠিয়াতলি শিক্ষা বিষয়া ইউনিছ আলিয়ে কমিচন লৈ এইগৰাকী শিক্ষয়িত্ৰীক মাহৰ পিছত মাহ ধৰি চুটি মঞ্জুৰ কৰাৰ গুৰুতৰ অভিযোগ তুলিছে স্থানীয় লোকে।
Byte= স্থানীয় লোক।
Conclusion:VO= উল্লেখ্য যে কঠিয়াতলি শিক্ষা খণ্ডৰ শিক্ষা বিষয়া ইউনিছ আলিৰ বিৰুদ্ধে বিভিন্ন সময়ত এনে ধৰণৰ অভিযোগ উঠি অহাৰ পিছতো কিয় আজিকোপতি কোনো ব্যৱস্থা গ্ৰহণ কৰা নাই ৰাজ্যৰ বিয়াগোম শিক্ষা বিভাগে। তাকেই লৈ এতিয়া প্ৰশ্ন উত্থাপিত হৈছে সচেতন মহলত। আনহাতে তেৰমাহে উপস্থিত নথকা শিক্ষয়িত্ৰী এই গৰাকী আলয় ৰাণী ৰয় বিৰুদ্ধে কি ব্যৱস্থা গ্ৰহণ কৰে সেয়া হব লক্ষণীয়।

বঢ়মপুৰৰ পৰা মাধৱ চন্দ্ৰ ভূঞা Etv Bharat Assam
Last Updated : Oct 22, 2019, 12:45 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.