নগাঁও, 09 চেপ্টেম্বৰ : গুৰু-শিষ্যৰ সম্পৰ্কক কলংকিত কৰা এটা ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে নগাঁৱত ৷ ছাত্ৰীৰ সৈতে শাৰীৰিক সম্পৰ্ক স্থাপন কৰি চ'ছিয়েল মিডিয়াত ভিডিঅ' ভাইৰেল কৰিছে এজন শিক্ষকে ৷ এই ঘটনা সংঘটিত হৈছে নগাঁও জিলাৰ জুৰীয়াত ৷ চৰকাৰী বিদ্যালয়ৰ শিক্ষক সোণবা আলীয়ে ঘৰত টিউচন কৰিছল ছাত্ৰীগৰাকীক ৷ তাৰ মাজতেই চক্ৰান্ত কৰি ছাত্ৰীক প্ৰেমৰ জালত পেলাই গোপনে শাৰীৰিক সম্পৰ্ক গঢ়িছিল সোণবা আলীয়ে ৷ কেৱল সেইয়াই নহয়, শাৰীৰিক সম্পৰ্কৰ সময়ত সকলো ভিডিঅ' কৰি চ'ছয়েল মিডিয়াত প্ৰচাৰ কৰিছিল নিকৃষ্ট মানসিকতাৰ এইজন ভণ্ড শিক্ষকে ৷
কিন্তু সমগ্ৰ ঘটনা পোহৰলৈ অহাৰ পাচত ৰাইজে ধৰি লপা-থপা দিয়ে সোণবা আলীক ৷ ভণ্ড শিক্ষকজনক ৰাজহুৱা শাস্তি দিয়া বাতৰি প্ৰচাৰ হৈছিল একমাত্ৰ ই টি ভি ভাৰতত ৷ ঘটনা সম্পৰ্কত জাজৰি আৰক্ষীয়ে ৰহস্যজনক ভূমিকা গ্ৰহণ কৰাৰ অভিযোগ তুলিছে একাংশ ৰাইজে ৷ কিন্তু সোমবাৰে শিক্ষকজনৰ বিৰুদ্ধে তৎপৰ হৈ পৰিছে নগাঁও আৰক্ষী ৷ আনহাতে ৰাইজেও ছাত্ৰীৰ জীৱন ধ্বংস কৰা এই শিক্ষকজনক উপযুক্ত শাস্তি দিয়াৰ দাবী জনাইছে আৰক্ষীক ৷ নগাঁৱৰ আৰক্ষী অধীক্ষকে ঘটনাটো গুৰুত্ব সহকাৰে লৈ নিজাকৈ আৰম্ভ কৰিছে তদন্ত ৷ উল্লেখ্য যে, গুৰু-শিষ্যৰ পবিত্ৰ সম্পৰ্কক কলংকিত কৰা এই ঘটনাই স্বাভাৱিকতেই লজ্জানত কৰিছে সচেতন ৰাইজক ৷