ETV Bharat / state

নিৰ্বাচনী আচৰণ বিধি উলংঘা কৰি প্ৰচাৰত নামিল এজন শিক্ষক - বিধায়ক নুৰুল হুদা

ৰূপহীহাটত নিৰ্বাচনৰ আদৰ্শ আচৰণ বিধি উলংঘা কৰি কংগ্ৰেছ প্ৰাৰ্থী নুৰুল হুদাৰ হৈ প্ৰচাৰ সভাত উপস্থিত শিক্ষক ৷ পূৱ হাতীপাৰা ছিদ্দিকীয়া মোক্তাব বিদ্যালয়ৰ প্ৰধান শিক্ষক শিক্ষক আব্দুল বাৰে নামিল নিৰ্বাচনী প্ৰচাৰত ৷

নিৰ্বাচনী প্ৰচাৰ সভাত এজন শিক্ষক
নিৰ্বাচনী প্ৰচাৰ সভাত এজন শিক্ষক
author img

By

Published : Mar 20, 2021, 2:08 PM IST

ৰূপহীহাট,20 মাৰ্চ: নিৰ্বাচন আয়োগৰ আচৰণ বিধি উলংঘা কৰি নিৰ্বাচনৰ প্ৰচাৰ কাৰ্যত নামি পৰিছে এগৰাকী শিক্ষক । শনিবাৰে ৰূপহীহাট সমষ্টিৰ কংগ্ৰেছ প্ৰাৰ্থী তথা বিধায়ক নুৰুল হুদাৰ নিৰ্বাচনী প্ৰচাৰ সভাত অংশগ্ৰহণ কৰিছিল আব্দুল বাৰেক নামৰ শিক্ষক গৰাকী । লাওখোৱা শিক্ষাখণ্ডৰ অন্তৰ্গত পূৱ হাতীপাৰা ছিদ্দিকীয়া মোক্তাব বিদ্যালয়ৰ প্ৰধান শিক্ষক আব্দুল বাৰেক ।

নিৰ্বাচনী প্ৰচাৰ সভাত এজন শিক্ষক
নিৰ্বাচনী প্ৰচাৰ সভাত এজন শিক্ষক

প্ৰধান শিক্ষক আব্দুল বাৰেকৰ পত্নী তথা হাতীপাৰা পঞ্চায়তৰ সভানেত্ৰী হালিমা খাতুনৰ পৃষ্ঠপোষকতাত মহিলা কংগ্ৰেছৰ উদ্যোগত আয়োজন কৰা হৈছিল নিৰ্বাচনী প্ৰচাৰ সভা ৷ উক্ত সভাখনতে প্ৰচাৰ কাৰ্যত ব্যস্ত হৈ আছিল শিক্ষক আব্দুল বাৰেক নামৰ শিক্ষকজন । এইক্ষেত্ৰত এজন শিক্ষকে নিৰ্বাচনৰ আচৰণ বিধি উলংঘা কৰি নিৰ্বাচনৰ প্ৰচাৰ কাৰ্য চলোৱাৰ বিৰূদ্ধে প্ৰশাসনে কিবা আইনগত ব্যৱস্থা ল'বনে নলয় সেয়া সময়তহে লক্ষণীয় হ'ব।

লগতে পঢ়কঃ প্ৰধানমন্ত্ৰীৰ চাবুৱা ভ্ৰমণৰ প্ৰাকমূৰ্হুতত আছুৰ প্ৰতিবাদ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.