ৰূপহীহাট,22জানুৱাৰীঃ ৰাজ্যৰ সদ্য প্ৰয়াত প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰ চিতাভষ্ম বৃহস্পতিবাৰে ৰূপহীহাটৰ সোনাই নৈত বিসৰ্জন দিয়া হয় ৷ ৰূপহীহাটৰ বিধায়ক নুৰুল হুদা,গটঙা গাঁও পঞ্চায়তৰ প্ৰাক্তন পঞ্চায়ত সভাপতি জীৱন বৰাৰ উপৰিও স্থানীয় বহু ব্যক্তিৰ উপস্থিতিত সম্পূৰ্ণ ৰীতি নীতিৰ মাজেৰে প্ৰয়াত মুখ্যমন্ত্ৰী গগৈৰ চিতাভষ্ম সোনাই নৈত বিসৰ্জন দিয়া হয় ৷
উল্লেখ্য যে,প্ৰয়াত মুখ্যমন্ত্ৰী তৰুণ গগৈৰ চিতাভস্ম বিসৰ্জন দিয়া উপলক্ষে প্ৰাৰ্থনা সভাত হিন্দু,খীষ্ট্ৰান,বৌদ্ধ,ইছলাম আদি ধর্মৰ লোকে নিজ নিজ ধর্মীয় প্ৰাৰ্থনা কৰাৰ লগতে ৰূপহীহাটৰ বিভিন্ন জাতি-জনগোষ্ঠী আৰু ধর্মীয় সম্প্ৰদায়ৰ লোকে নদীৰ পাৰত উপস্থিত হৈ জননেতা গৰাকীলৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে ৷
লগতে পঢ়কঃ বিজেপি প্ৰাৰ্থীৰ হাতলৈ যাব নেকি কলিয়াবৰ লোকসভা সমষ্টিৰ অধীনৰ পাঁচোটা সমষ্টি !