ৰূপহীহাট,1 এপ্ৰিলঃ দিল্লীৰ নিজামুদ্দিনৰ ঘটনাই আতংকৰ সৃষ্টি কৰিছে সমগ্ৰ অসমত । ৰাজধানী দিল্লীৰ নিজামুদ্দিন তবলিগৰ পৰা বিগত ১৯ মাৰ্চত জুৰীয়াস্থিত শিঙীয়াৰ ঘৰলৈ উভটিছিল আলী হুছেইন নামৰ লোকজন । কিন্তু স্বাস্থ্য বিভাগক অৱগত নকৰাকৈ ব্যক্তিজনে ফুৰা-চকা অব্যাহত ৰাখিছিল অঞ্চলটোত ।
বুধবাৰে জুৰীয়াৰ ক্ষুদ্ৰ প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ চিকিৎসক ডাঃ তফজ্জুল হুছেইনে এই খবৰ লাভ কৰি উপস্থিত হয় লোকজনৰ ঘৰত । ইতিমধ্যে নগাওঁ ভোগেশ্বৰী ফুকননী অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰা হৈছে লোকজনক । উল্লেখ্য যে, জুৰীয়া অঞ্চলৰ পৰা বহুসংখ্যক লোক নিজামুদ্দিনৰ তবলীগলৈ গৈছিল ৷ ইয়াৰে একাংশ উভটি আহি উপযুক্ত স্বাস্থ্য পৰীক্ষা নকৰাকৈ ঘৰত থকাৰ সন্দেহ প্ৰকাশ কৰা হৈছে । দিল্লী মাৰ্কাজলৈ যোৱা কেবাজনো লোকৰ শৰীৰত কোভিড ১৯ ৰ উপস্থিতি ধৰা পৰাৰ পিছত স্বাস্থ্য বিভাগ এইক্ষেত্ৰত অধিক তৎপৰ হোৱাৰ বিপৰীতে সাধাৰণ লোকৰ মাজত সৃষ্টি হৈছে আতংকৰ ।
লগতে চাওকঃ নলবাৰী জিলা প্ৰশাসনে ছীল কৰিছে জিলাখনৰ মোল্লাপাৰা অঞ্চল