নগাঁও, 8 মাৰ্চ : ৰাষ্ট্ৰীয় অনুসন্ধান সংস্থা চমুকৈ NIA ৰ তথ্যৰ ভিত্তিত মঙলবাৰে নিশা নগাঁও জিলাৰ বিভিন্ন প্ৰান্তত অভিযান চলাই জেহাদীৰে লিংক থকাৰ সন্দেহত পাঁচ জনকৈ লোকক আটক কৰে নগাঁও আৰক্ষীয়ে (Suspected jihadists arrested in Nagaon) । আটক কৰা লোককেইজনক জেৰা অব্যাহত ৰাখিছে নগাঁও আৰক্ষীয়ে । বুধবাৰে পুৱা ধৃত আছিকুল ইছলামক লগত লৈ পুনৰ অভিযান আৰম্ভ কৰিছে নগাঁও আৰক্ষীয়ে (Nagaon jihadi updates)।
ধৃত আছিকুলৰ লেপটপৰ সন্ধানত অভিযান আৰম্ভ কৰিছে নগাঁও আৰক্ষীয়ে । নগাঁৱৰ কোনো সম্পৰ্কীয় ব্যক্তিৰ ঘৰত আছিকুলে লেপটপ লুকুৱাই ৰখাৰ সন্দেহ নগাঁও আৰক্ষীৰ । ইপিনে মঙলবাৰে নিশা নগাঁও আৰক্ষীয়ে জেহাদীৰ সন্দেহত আটক কৰা বাহাৰুল ইছলাম সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে স্থানীয় লোকে । ধৃত বাহাৰুল ইছলাম মোবাইল মেৰামতিৰ দোকান দি পৰিয়াল পোহপাল দিয়াৰ কথা উল্লেখ কৰি বাহাৰুল ইছলাম পূৰ্বে কোনো অপৰাধজনিত ঘটনাৰ সৈতে জড়িত নথকা বুলি দাবী কৰিছে স্থানীয় ৰাইজে ।
পূৰ্বে বাহাৰুল ইছলামৰ এটা আধাৰ কেন্দ্ৰ আছিল যদিও সম্প্ৰতি সেই আধাৰ কেন্দ্ৰটো বন্ধ হৈ থকা বুলি জানিবলৈ দিয়ে স্থানীয় লোকে (Nagaon police mission against jihadists) ৷
আনহাতে, মঙলবাৰে নিশা মৰিগাঁও জিলাৰ অতিৰিক্ত আৰক্ষী অধীক্ষক সমীৰণ বৈশ্য আৰু মৈৰাবাৰী আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া চাবিৰ আলীৰ নেতৃত্বত চলোৱা অভিযানত দুই চাইবাৰ অপৰাধীক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় । যোৱা কিছু দিন ধৰি মৰিগাঁও জিলাৰ আৰক্ষী প্ৰশাসনে চলোৱা অভিযানত বহু কেইজন চাইবাৰ অপৰাধী গ্ৰেপ্তাৰ কৰাৰ পাছত অপৰাধী কেইটাৰ পৰা কেতবোৰ বিস্ফোৰক তথ্য উদ্ধাৰ কৰিবলৈ সক্ষম হৈছিল বুলি আৰক্ষী সূত্ৰই উল্লেখ কৰে ।
লগতে পঢ়ক : Suspected jihadists arrested in Nagaon: পাকিস্তানৰ চোৰাংচোৱাক চিম কাৰ্ড যোগান, নগাঁৱত সন্দেহজনক 5 জেহাদী আটক
এই তথ্যৰ ভিত্তিতে চলোৱা অভিযানত মঙলবাৰে আৰক্ষীৰ জালত পৰা চাইবাৰ অপৰাধী দুটা ইজাজুল হক আৰু নুৰ ইছলাম বুলি জানিব পৰা গৈছে ৷ বৰ্তমান মৈৰাবাৰী আৰক্ষীৰ জিম্মাত ৰাখি দুই অৰপৰাধীক জেৰা চলাই থকা হৈছে (2 cyber criminal arrested at Mairabari)।
কলকাতাৰ N & T পৰা বহু লাখ টকা দুই চাইবাৰ অপৰাধীয়ে সৰকোৱাৰ অভিযোগ উত্থাপিত হৈছে ।