ETV Bharat / state

ৰাজ্যত বটদ্ৰৱা কাণ্ডৰ পুনৰাবৃত্তি ! - লালুং গাঁও

জনপ্ৰিয় বিধায়িকা আংগুৰলতা ডেকাৰ সমষ্টি বটদ্ৰৱাৰ লালুং গাঁৱত সংঘটিত হৈছে এক হৃদয় বিদাৰক ঘটনা ৷ এগৰাকী কিশোৰীক হত্যা কৰি গোপনে কবৰস্থ কৰা হৈছে লালুং গাঁৱত ৷ স্থানীয় লোকৰ খবৰৰ ভিত্তিত ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ উদ্ধাৰ কৰে কিশোৰীগৰাকীৰ মৃতদেহ ৷

suspected death of girl in nagaon assam etv bharat news
ৰাজ্যত বটদ্ৰৱা কাণ্ডৰ পুনৰাবৃত্তি !
author img

By

Published : Feb 4, 2021, 5:52 PM IST

নগাঁও,4 ফেব্ৰুৱাৰী: ৰাজ্যত পুনৰ সংঘটিত হৈছে নাৰীজনিত অপৰাধ ৷ এইবাৰ ঘটনা সংঘটিত হোৱা স্থান নগাঁও জিলাৰ বটদ্ৰৱাৰ লালুং গাঁও ৷ ঘটনাৰ বিৱৰণী অনুসৰি, লালুং গাঁৱৰ এগৰাকী কিশোৰীৰ সৈতে এজন আত্মীয়ই বিভিন্ন প্ৰলোভনেৰে শাৰিৰীক সম্পৰ্ক স্থাপন কৰে ৷ ফলত কিশোৰীগৰাকী অন্তসত্ত্বা হয় ৷ এই ঘটনা পোহৰলৈ অহাত লোকচক্ষুৰ পৰা হাত সাৰিবলৈ মৰিগাঁৱৰ এজন স্বয়ম্ভূ চিকিৎসকে কিশোৰীগৰাকীৰ গৰ্ভপাত কৰোৱাই যদিও মৃত্যুমুখত পৰে নৱম শ্ৰেণীত অধ্যয়নৰত কিশোৰীগৰাকী ৷ বিগত 23 জানুৱাৰীত কিশোৰীগৰাকীক জুৰীয়াৰ দগাঁৱৰ এক কবৰস্থানত গোপনে কবৰস্থ কৰা হয় ৷ পৰৱৰ্তী সময়ত উক্ত অচিনাক্ত কবৰ প্ৰত্যক্ষ কৰি স্থানীয় লোকৰ সন্দেহ ওপজাত খবৰ দিয়ে আৰক্ষীক ৷

ৰাজ্যত বটদ্ৰৱা কাণ্ডৰ পুনৰাবৃত্তি !

আনহাতে, এই খবৰ লাভ কৰি বৃহস্পতিবাৰে ঘটনাস্থলীত উপস্থিত হয় আৰক্ষী ৷ আৰক্ষীয়ে দণ্ডাধীশৰ উপস্থিতিত কিশোৰীগৰাকীৰ মৃতদেহটো উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ ব্যৱস্থা কৰে ৷ ঘটনা সন্দৰ্ভত জড়িত থকা দোষীক তদন্তৰ মাজেৰে চিনাক্ত কৰি শাস্তি প্ৰদান কৰিবলৈ আৰক্ষীক আহ্বান জনাইছে স্থানীয় ৰাইজে ৷ উল্লেখ্য যে, বটদ্ৰৱাৰ লালুংগাঁৱতে 2018 চনৰ 23 মাৰ্চত এগৰাকী নাবালিকাক ধৰ্ষণ কৰি হত্যা কৰাৰ দৰে জঘন্য ঘটনা সংঘটিত হৈছিল ৷

লগতে চাওকঃ ৰাজ্যসভাৰ অসমৰ এখন আসনৰ বাবে ১ মাৰ্চত নিৰ্বাচন

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.