নগাঁও, 11 জানুৱাৰী : সত্ৰৰ ভূমি বেদখল (Land encroachment of Satra)ৰ সমস্যা সমাধানৰ উদ্দেশ্যে ৰাজ্যৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই ইতিমধ্যেই গঠন কৰি দিছে সত্ৰৰ ভূমি সমস্যাৰ পুনৰীক্ষণ আৰু বিশ্লেষণ আয়োগ । কেবিনেট মন্ত্ৰীৰ মৰ্যাদাসহ বিধায়ক প্ৰদীপ হাজৰিকাক সত্ৰৰ ভূমি সমস্যা পুনৰীক্ষণ আৰু বিশ্লেষণ আয়োগৰ অধ্যক্ষ আৰু বিধায়ক ৰূপক শৰ্মা আৰু মৃণাল শইকীয়াক ৰাজ্যিক মন্ত্ৰীৰ মৰ্যাদাসহ সদস্য হিচাপে নিযুক্তি দিয়া হৈছিল । অধ্যক্ষ প্ৰদীপ হাজৰিকাৰ নেতৃত্বত সোমবাৰে পুৱাই নগাঁৱত উপস্থিত হয় আয়োগৰ আন দুই সদস্য ৰূপক শৰ্মা আৰু মৃণাল শইকীয়া ।
সোমবাৰে পুৱাৰে পৰা গুৰুজনাৰ জন্মস্থান বটদ্ৰৱা সত্ৰ, ৰামপুৰ আৰু কোবাইকটা সত্ৰৰ লগতে কেইবাখনো সত্ৰ পৰিদৰ্শন কৰে সত্ৰৰ ভূমি সমস্যা পুনৰীক্ষণ আৰু বিশ্লেষণ সমিতিয়ে (Inspection of Satra land encroachment) । কেইবাখনো সত্ৰ পৰিদৰ্শন কৰাৰ অন্তত বিয়লি নগাঁও জিলা উপায়ুক্ত কাৰ্যালয়ৰ সভাকক্ষত ৫০ গৰাকীৰো অধিক সত্ৰাধিকাৰৰ সৈতে এক গুৰুত্বপূৰ্ণ আলোচনাত মিলিত হয় সত্ৰৰ ভূমি সমস্যা পুনৰীক্ষণ আৰু বিশ্লেষণ সমিতি ।
নগাঁও জিলা প্ৰশাসন, সত্ৰাধিকাৰ আৰু আয়োগৰ মাজত সত্ৰৰ ভূমি সমস্যা সন্দৰ্ভত আলোচনা হয় । মাজুলীৰ কমলাবাৰী সত্ৰৰ সত্ৰাধিকাৰ জনাৰ্দন দেৱ গোস্বামীও উপস্থিত থাকি আলোচনাত ভাগ লয় । সত্ৰাধিকাৰৰ সৈতে হোৱা আলোচনাৰ অন্তত কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্য কৰে আয়োগৰ অধ্যক্ষ প্ৰদীপ হাজৰিকাৰ লগতে সদস্য ৰূপক শৰ্মাই ।
সত্ৰৰ ভূমি সমস্যা সমগ্ৰ অসমৰে সমস্যা । সেয়ে হিন্দু, মুছলিম সকলোৱে মিলি সত্ৰৰ ভূমি সমস্যা সমাধান কৰিব লাগিব বুলি মন্তব্য কৰে আয়োগৰ অধ্যক্ষ তথা বিধায়ক প্ৰদীপ হাজৰিকাই । সত্ৰৰ ভূমি বেদখল হোৱাৰ অভিযোগৰ সত্যতা নিৰূপণ কৰিবলৈ সত্ৰৰ ভূমি পুনৰীক্ষণৰ লগতে ৰাজহুৱা শুনানিৰ জৰিয়তে প্ৰতিবেদন প্ৰস্তুত কৰা হ'ব বুলি মন্তব্য কৰে বিধায়ক তথা আয়োগৰ সদস্য ৰূপক শৰ্মাই । চৰকাৰে গঠন কৰি দিয়া আয়োগে প্ৰতিবেদন দাখিল কৰাৰ পিছতেই সত্ৰৰ ভূমি সমস্যা সমাধান হ'ব বুলি দাবী কৰিছে বিধায়ক তথা আয়োগৰ সদস্য ৰূপক শৰ্মাই । মঙলবাৰে পুনৰ মৰিগাঁও জিলাৰ কেইবাখনো সত্ৰত উপস্থিত হয় সত্ৰৰ ভূমি সমস্যা পুনৰীক্ষণ আৰু বিশ্লেষণ আয়োগ ।
লগতে পঢ়ক: Illegal sand mining : বিলাসীপাৰাত অবৈধ বালি খননৰ বিৰুদ্ধে অভিযান বন বিভাগৰ