ETV Bharat / state

সমাজ কল্যাণ বিভাগৰ কাৰ্যালয়ত মন্ত্ৰীৰ ছাডেন ভিজিট

author img

By

Published : Nov 12, 2020, 8:10 PM IST

নতুন ৰূপত ৰ’দ-বৰষুণত পৰি থকা বিশেষভাৱে সক্ষম লোকৰ নামত আবণ্টিত সামগ্ৰী ৷ কিয়নো মন্ত্ৰী আহিব ! বৃহস্পতিবাৰে ধিঙৰ সমাজ কল্যাণ বিভাগৰ কাৰ্যালয়ত ছাডেন ভিজিট মন্ত্ৰী প্ৰমীলাৰাণী ব্ৰহ্মৰ ৷

Sudden visit by Pramilarami Brahma in social welfare department nagaon assam etv bharat news
মন্ত্ৰীৰ ছাডেন ভিজিট

নগাঁও,12 নৱেম্বৰ: ধিঙৰ সমাজ কল্যাণ বিভাগৰ কাৰ্যালয়ত হঠাতে বৃহস্পতিবাৰে দিনৰ ভাগত আহি উপস্থিত হয় বিভাগীয় মন্ত্ৰী প্ৰমীলাৰাণী ব্ৰহ্ম ৷ কাৰ্যালয়টোত বিশেষভাৱে সক্ষম লোকৰ বাবে চৰকাৰে আগবঢ়োৱা হুইল চেয়াৰ, ষ্টিক, চাইকেল, শ্ৰবণ যন্ত্ৰকে ধৰি বিভিন্ন মূল্যবান সামগ্ৰীসমূহ দীৰ্ঘদিনে পৰিত্যক্ত অৱস্থাত থকাৰ বাতৰি কিছুদিন পূৰ্বে সংবাদ মাধ্যমত প্ৰচাৰিত হৈছিল ৷ সমাজত এনে বহু বিশেষভাৱে সক্ষম ব্যক্তি আছে, যিসকলে আৰ্থিক অভাৱত এইসমূহ যন্ত্ৰ কিনিবলৈ সক্ষম নহয় ৷ কোটি কোটি টকাৰ এই সামগ্ৰীসমুহ সমাজ কল্যাণ বিভাগৰ কাৰ্যালয়তে সম্প্ৰতি জহি-খহি গৈছে ৷ এই বাতৰি সম্প্ৰচাৰ হোৱাৰ পাছত বৃহস্পতিবাৰে আকস্মিকভাৱে কাৰ্যালয়টো পৰিদৰ্শন কৰে বিভাগীয় মন্ত্ৰী প্ৰমীলাৰাণী ব্ৰহ্ময়ে ৷ মন্ত্ৰীগৰাকীয়ে বিভাগীয় বিষয়-ববীয়াৰ লগত এই সন্দৰ্ভত এক আলোচনাত মিলিত হয় ৷

ক্ষুব্ধ মন্ত্ৰী প্ৰমীলাৰাণী ব্ৰহ্ম

আনহাতে মন্ত্ৰী অহাৰ উমান পাই দীৰ্ঘদিনে লতাই আগুৰি থকা, ৰ’দ-বৰষুণত নষ্ট হোৱা এই সামগ্ৰীসমূহ ট্ৰিপালেৰে ঢাকি ন-ৰূপত সজোৱাৰ চেষ্টা চলাই বিভাগীয় কৰ্মচাৰীসকলে ৷ লগতে মন্ত্ৰীগৰাকীয়ে কাৰ্যালয়টোত দীৰ্ঘদিনে পৰি থকা এই সামগ্ৰীখিনি সমাজ কল্যাণ বিভাগৰ নহয় বুলি কোৱাৰ লগতে সামগ্ৰীখিনি ALEMCO নামৰ বে-চৰকাৰী সংস্থাটোৰ বুলিহে অভিযোগ তোলে ৷ লগতে ALEMCO ক ব্লেক লিস্তেদ কৰিব বুলিও প্ৰকাশ কৰে মন্ত্ৰীগৰাকীয়ে ৷

লগতে চাওকঃ সৰ্বা-হিমন্তই ৰাজনৈতিক পথাৰত সাম্প্ৰদায়িক প্ৰচাৰ চলাইছেঃ মনোৰঞ্জন তালুকদাৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.