ETV Bharat / state

মোবাইল নেটৱৰ্ক বিচাৰি ৰাজপথত ছাত্ৰ ছাত্ৰীৰ প্ৰতিবাদ - ডিজিটেল ইণ্ডিয়া

মোবাইল নেটৱৰ্কৰ ওপৰতে এতিয়া নিৰ্ভৰ ছাত্ৰ ছাত্ৰীৰ ভৱিষ্যত ৷ ডিজিটেল যুগত এতিয়া মোবাইল নেটৱৰ্ক এতিয়া ছাত্ৰ-ছাত্ৰীৰ একমাত্ৰ ভৰসা ৷ ডিজিটেল ইণ্ডিয়াৰ দিনত ছাত্ৰ-ছাত্ৰীয়ে পথাৰত বহি দিবলগীয়া হৈছে পৰীক্ষা ৷ BSNL ৰ অকৰ্মণ্যতা ! সুযোগ সন্ধানী একাংশ ব্যক্তিগত কোম্পানীয়ে এতিয়া চলাইছে লুণ্ঠন ৷

Students protest for mobile network
মোবাইল নেটৱৰ্ক বিচাৰি ৰাজপথত ছাত্ৰ ছাত্ৰীৰ প্ৰতিবাদ
author img

By

Published : Jun 26, 2021, 6:58 PM IST

নগাঁও, 26 জুন : আপুনি মই বিশ্বাস নকৰিলেও এয়াই সঁচা । এইবাৰ মনত পেলাই দিব বিচাৰিছোঁ, ৰাজ্যত মোবাইল নেটৱৰ্ক আৰম্ভ হোৱাৰ দিনৰ কথা । নেটৱৰ্ক বিচাৰি পথাৰলৈ যোৱা, কাৰোবাৰ সৈতে কথা পাতিবলৈ গছত উঠাৰ কথা । সেইদিনবোৰ আজি চহৰ-নগৰ অঞ্চলৰ বাবে অতীত হ'লেও বহু গ্ৰামঞ্চলত আজিও বিৰাজমান এনে পৰিবেশ ৷ কাৰণ নেটৱৰ্ক নাই ।

মোবাইল ইণ্টাৰনেটৰ ব্যাপক সম্প্ৰসাৰণ হ'ল । 2 জিৰ পৰা 3 জি, 4 জি সেৱা আৰম্ভ হ'ল । চলি আছে 5 জি ৰো চিন্তা চৰ্চা। ডিজিটেল ইণ্ডিয়া গঢ়াৰ সপোন দেখিছে দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে । এনে সময়ত গ্ৰামঞ্চলৰ ইণ্টাৰনেট সেৱাৰ বিষয়ে আপুনি জানে? এতিয়া আহিছোঁ মূল প্ৰসংগ লৈ। নগাঁও জিলাৰ জাজৰী মাজগাঁৱৰ একাংশ ছাত্ৰ-ছাত্ৰী, অভিভাৱকে নেটৱৰ্কৰ বাবে হাহাকাৰ কৰিবলগীয়া পৰিস্থিতি সৃষ্টি হৈছে ।

মোবাইল নেটৱৰ্ক বিচাৰি ৰাজপথত ছাত্ৰ ছাত্ৰীৰ প্ৰতিবাদ

চৌদিশে কৰ'ণাৰ সন্ত্ৰাস । বন্ধ হৈ আছে প্ৰাথমিক বিদ্যালয়ৰ পৰা বিশ্ববিদ্যালয়ৰ পাঠদান । অৱশ্যে চলি আছে অনলাইন পাঠদান, পৰীক্ষা । এনে সময়ত মাজজাজৰীৰ একাংশ ছাত্ৰ-ছাত্ৰী অভিভাৱক ৰাজপথলৈ ওলাই আহিবলগীয়া হৈছে। অনলাইন ক্লাছ চলি থকাৰ সময়ত নেটৱৰ্কৰ অভাৱত এতিয়া এইসকল ছাত্ৰ ছাত্ৰী বঞ্চিত হবলগীয়া হৈছে অনলাইন ক্লাছৰ পৰা কাৰণ, গাঁওখনত নাপাই নেটৱৰ্ক।

আগতে নেটৱৰ্ক বিচাৰি গছত উঠিবলগীয়া হৈছিল আৰু এতিয়া ডিজিটেল ইণ্ডিয়াৰ দিনত পথাৰত বহি পৰীক্ষা দিবলগীয়া হৈছে । অতিষ্ঠ হৈছে ছাত্ৰ ছাত্ৰী, ক্ষুণ্ণ হৈছে অভিভাৱক । এয়াই হৈছে ডিজিটেল ইণ্ডিয়াৰ প্ৰকৃত স্বৰূপ ।

ভাৰত সঞ্চাৰ নিগম লিমিটেড চমুকৈ BSNL ৰ যেন অকৰ্মণ্যতা আৰু অমনোযোগিতাৰ বাবেই দেশত এতিয়া বিভিন্ন ব্যক্তিগত কোম্পানীৰ মোবাইল নেটৱৰ্ক কোম্পানীয়ে আৰম্ভ কৰিছে ব্যৱসায় । চৰকাৰী খণ্ডৰ অমনযোগিতাৰ সুযোগ লৈয়েই ব্যক্তিগত কোম্পানীয়ে নিজ ইচ্ছামতেই সেৱা আগবঢ়াই লুণ্ঠন চলোৱা বুলিও চলিছে ব্যাপক চৰ্চা ।

লগতে পঢ়ক: ভ্ৰাম্যমাণ থিয়েটাৰক লৈ আশাবাদী অভিনেত্ৰী প্ৰস্তুতি পৰাশৰ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.